দেশৰ ৰাজধানী নতুন দিল্লী অঞ্চলত হঠাতে বতৰৰ ব্যাপক পৰিৱৰ্তন ঘটে। সমগ্ৰ অঞ্চলটোত প্ৰচণ্ড ধূলিৰ ধুমুহা আৰু তীব্ৰ বেগী বতাহৰ ফলত জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ধুমুহাৰ পিছতেই অৱশ্যে কিছু পৰিমাণে পাতল বৰষুণো জাক অহাত স্বস্তিৰ নিশ্বাস এৰে জনতাই।
উল্লেখযোগ্য যে, বতৰৰ এই ভয়াৱহ ৰূপ লক্ষ্য ৰাখি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লীত তীব্ৰ ধুমুহা-বৰষুণৰ এক জৰুৰীকালীন ‘ৰেড এলাৰ্ট’ জাৰি কৰে।
