ৰাজ্যত অব্যাহত থকা বিধানসভা নিৰ্বাচনৰ নিৰ্ধাৰিত দায়িত্ব পালনৰ মাজতে আজি শোণিতপুৰত প্ৰাণ হেৰুৱায় এজন নিৰ্বাচনী বিষয়াই। নদুৱাৰ বিধানসভা সমষ্টিত দ্বিতীয় পোলিং বিষয়া হিচাপে কৰ্তব্যৰত দেৱেন হ’ৰ’ (৪৫) নামৰ বিষয়াগৰাকীৰ আজি পুৱা আকস্মিক মৃত্যু ঘটে। ডলাপাৰা এল পি স্কুলৰ ২৩০ নম্বৰ ভোটকেন্দ্ৰত নিয়োজিত এই বিষয়াগৰাকীক আজি পুৱা বিচনাত অচেতন অৱস্থাত সতীৰ্থসকলে উদ্ধাৰ কৰে।
ঘটনাৰ পাছতে হ’ৰ’ক এম্বুলেন্সৰ জৰিয়তে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। বিষয়াগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। অৱশ্যে কোনো শাৰীৰিক অসুস্থতাৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি চিকিৎসকে সন্দেহ কৰিছে। চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দপদপি কছাৰী গাঁৱৰ বাসিন্দা দেৱেন হ’ৰ’ পেচাত এখন চৰকাৰী বিদ্যালয়ৰ সহকাৰী শিক্ষক আছিল।
অৱশ্যে এই দুৰ্ভাগ্যজনক ঘটনাই সংশ্লিষ্ট কেন্দ্ৰটোৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত কোনো বাধাৰ সৃষ্টি কৰা নাই। নিৰ্ধাৰিত সময় অনুসৰি পুৱা ৭ বজাৰ পৰাই কেন্দ্ৰটোত ভোটগ্ৰহণ আৰম্ভ কৰে নিৰ্বাচন বিভাগৰ আন কৰ্মচাৰীসকলে। মৃত্যু হোৱা বিষয়াগৰাকীৰ স্থানত তাৎক্ষণিকভাৱে এজন সংৰক্ষিত কৰ্মীক নিৰ্বাচনী দায়িত্বত নিয়োজিত কৰা হয়। ৰাজ্যৰ ১২৬ খন আসনৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনৰ ভোটগ্ৰহণ বিয়লি ৫ বজালৈকে অব্যাহত থাকিব। অহা ৪ মে’ত সমগ্ৰ নিৰ্বাচনৰ ভোট গণনা সম্পন্ন হ’ব।
