অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত দানিল মেদভেদেভ

358

অষ্ট্ৰেলিয়ান অ’পেন ২০২৪-ৰ ছেমি ফাইনেলত দানিল মেদভেদেভে এক অবিশ্বাস্য প্ৰত্যাৱৰ্তন কৰিছে। তেওঁ দুটা ছেট হেৰুৱাই প্ৰত্যাৱৰ্তন কৰে আৰু মেচখন জিকি ফাইনেলত প্ৰৱেশ কৰে। জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভৰ বিৰুদ্ধে দুটা ছেটত পিছ পৰাৰ পিছত তেওঁ এক চমৎকাৰ প্ৰত্যাৱৰ্তন কৰি ঐতিহাসিক জয় পঞ্জীয়ন কৰে।

ৰড লেভাৰ এৰেনাত মেদভেদেভে চাৰি ঘণ্টা ১৮ মিনিটৰ বাবে কঠোৰ যুঁজ দি তেওঁৰ জাৰ্মান প্ৰতিদ্বন্দীক ৫-৭, ৩-৬, ৭-৬ (৭-৪), ৭-৬ (৭-৫), ৬-৩ ত পৰাস্ত কৰে।  দুটা ছেটত পিছ পৰাৰ পিছত এইটো দ্বিতীয়বাৰৰ বাবে মেদভেদেভে প্ৰত্যাৱৰ্তন ককৰে। দ্বিতীয় ৰাউণ্ডত তেওঁ ফিনলেণ্ডৰ এমিল ৰুচুভুৰীক ৩-৬, ৬-৭ (১-৭), ৬-৪, ৭-৬ (৭-১), ৬-০ ত পৰাস্ত কৰে।

মেদভেদেভে পৰৱৰ্তী সময়ত ইটালীৰ জানিক ছিনাৰৰ মুখামুখি হ’ব, যিয়ে প্ৰতিযোগিতাখনৰ পৰা ১০ বাৰ চেম্পিয়ন ন’ভাক জক’ভিচক নক আউট কৰিছিল। মেদভেদেভৰ কামটোও কঠিন, কিয়নো ছিনাৰে তেওঁ খেলা ১৯ টা ছেটৰ ভিতৰত ১৮ টাত জয়ী হৈছে।