প্ৰথমবাৰৰ বাবে কেক মিক্সিং চেৰিমনী আয়োজন কৰি বৰদিনৰ উচাহ আনি দিলে ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙে

175

ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙে ২০২৩ চনৰ ৫ নৱেম্বৰত প্ৰথমবাৰৰ বাবে কেক মিক্সিং অনুষ্ঠানৰ আয়োজন কৰে, যি হোটেলখনৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। বৰদিনৰ এমাহ পূৰ্বে আৰম্ভ হোৱা পৰম্পৰাগত কেক মিশ্ৰণ অনুষ্ঠানটোৱে সৌভাগ্য আৰু আনন্দ কঢ়িয়াই আনিব বুলি ধাৰণা কৰা হৈছে। এই অনুষ্ঠানত প্লাম কেকত বিভিন্ন উপাদান সংগ্ৰহ কৰি অন্তৰ্ভুক্ত কৰি প্ৰস্তুত কৰা হৈছিল, য’ত আছিল স্পিৰিট, শুকান ফল, চেৰী, খেজুৰ আৰু মছলা ইত্যাদি, যিবোৰ পিছত ব্ৰেণ্ডী, ৰাম, ৱাইনৰ দৰে সুৰাযুক্ত পানীয়ত তিয়াই ৰখা হয়।

এই অনুষ্ঠানটোৱে চহৰখনৰ ৰসিক, জ্ঞানী আৰু জনপ্ৰিয় ব্যক্তিসকলক আকৰ্ষণ কৰিছিল, অনুষ্ঠানত এক সুন্দৰ আকৰ্ষণীয় চাহৰ অভিজ্ঞতাও প্ৰদান কৰা হৈছিল, য’ত বিভিন্ন মিঠাই যেনে মচলাযুক্ত আপেল কেক, হোৱাইট চকলেট আৰু বেৰী মেকাৰুন, ক্লাছিক ইউল লগ, কাৰী লিভছ বাটাৰ কুকিজ আৰু লেমন টি কেক আদি পৰিৱেশন কৰোৱা হৈছিল। এই মিঠাইৰ লগতে হোটেলখনে বিবিকিউ চিকেন উইংছ, বিবিকিউ পৰ্ক ৰিবছ আৰু চীনাবাদামৰ চছৰ সৈতে চিকেন চাটেৰ দৰে সুস্বাদু খাদ্যও পৰিবেশন কৰা হৈছিল।

এই বিষয়ে শ্বিলঙৰ ক’ৰ্টয়াৰ্ড বাই মেৰিয়েটৰ হেড চেফ অংগট গ্ৰেৱালে কয় যে, “আমাৰ প্ৰথম কেক মিক্সিং অনুষ্ঠানত এনে উৎসাহ দেখি আমি অতিশয় আনন্দিত হৈ পৰিছোঁ। সৌভাগ্য আৰু আগন্তুক বৰদিনৰ আনন্দময় প্ৰতিশ্ৰুতিৰ বাবে এয়া আছিল এক নিখুঁত সন্ধিয়া।”