ৰাজ্যত নতুন চৰকাৰ গঠনৰ কুচকাৱাজৰ মাজতে আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰাৰ লগতে নতুন চৰকাৰ গঠনৰ বাবেও অনুমতি গ্ৰহণ কৰে। সাংবিধানিক বিধি অনুসৰি নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ নকৰা পৰ্যন্ত ড৹ শৰ্মা অসমৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে বাহাল থাকিব।
কেন্দ্ৰীয় পৰ্যৱেক্ষক জেপি নাড্ডা আৰু নায়াব সিং ছৈনীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকত নতুন চৰকাৰৰ নেতা নিৰ্বাচন কৰা হ’ব। এই বৈঠকৰ পাছতেই এনডিএৰ অংশীদাৰ দলসমূহৰ মাজত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সন্দৰ্ভত আলোচনা হ’ব বুলি জানিবলৈ দিয়ে ড০ শৰ্মাই। অহা ১১ মে’ৰ পাছতহে অসমত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ সম্ভাৱনা থকাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
নিৰ্বাচনী ফলাফল অনুসৰি এইবাৰ অসমত এনডিএই এক ঐতিহাসিক জনাদেশ লাভ কৰিছে। মিত্ৰজোঁটৰ প্ৰধান দল বিজেপিয়ে ৮২ খন আসনত জয়লাভ কৰাৰ বিপৰীতে অগপ আৰু বিপিএফে ১০ খনকৈ আসন দখল কৰিছে। আনহাতে বিৰোধী শিবিৰত কংগ্ৰেছে মাত্ৰ ১৯ খন আসন লাভ কৰিবলৈহে সক্ষম হৈছে। ৰাইজৰ দল আৰু এআইইউডিএফে দুখনকৈ আসন লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে মাত্ৰ এখন আসনত বিজয় সাব্যস্ত কৰে। বিৰোধী দলৰ এনে শোচনীয় পৰাজয়ৰ পাছত বিধানসভাত বিৰোধী দলপতিৰ ভূমিকা কোনে ল’ব, তাক লৈও এতিয়া তীব্ৰ চৰ্চা আৰম্ভ হৈছে।
