সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে আবেদন কৰা লোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই উপলক্ষে আজি মুখ্যমন্ত্ৰীয়ে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প’ৰ্টেল। পিছে এই অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে কেইবাটাও নিয়ম বান্ধি দিছে অসম চৰকাৰে?খিলঞ্জীয়া লোকৰ সুৰক্ষাকলৈ চিন্তিত হৈ পৰিছে অসম চৰকাৰ! যাৰ বাবে স্পৰ্শকাতৰ অঞ্চলত বাস কৰাৰ খিলঞ্জীয়া লোকক নিৰাপত্তাৰ বাবে বন্দুকৰ লাইচেন্স দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
আবেদনকাৰীৰ বয়স ২১ বছৰ হ’ব লাগিব।
আবেদনকাৰী অসমৰ স্পৰ্শকাতৰ এলেকাৰ বাসিন্দা হ’ব লাগিব।
আবেদনকাৰী মানসিক আৰু শাৰিৰীকভাৱে সুস্থ হ’ব লাগিব ।
ইয়াৰ উপৰিও বৈধ অস্ত্ৰচালনাৰ প্ৰশিক্ষণৰ পত্ৰ থকা লোকেহে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ।
লগতে অসমত তিনিটা প্ৰজন্ম থকা লোকে লাভ কৰিব অনুজ্ঞাপত্ৰ।
