সঘনে সংঘটিত শিশু অপহৰণৰ ঘটনাই মূৰৰ কামৰোণিৰ সৃষ্টি কৰিছিল আৰক্ষী মহলত। অতি পৰিকল্পিতভাৱে হৈ অহা এই অপহৰণৰ ঘটনাৰ তদন্ত চলাই অৱশেষত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল আৰক্ষীয়ে। শেহতীয়াকৈ এটি ডেৰ বছৰীয়া শিশুক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে পোহৰলৈ আনে এক বৃহৎ আন্তঃৰাজ্যিক শিশু সৰবৰাহকাৰী চক্ৰ।
উত্তৰ প্ৰদেশৰ বাৰেলী আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, এই অপৰাধী চক্ৰটোৱে দীৰ্ঘদিন ধৰি বিভিন্ন স্থানৰ পৰা শিশু অপহৰণ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ নিঃসন্তান দম্পতীক ৫ ৰ পৰা ১০ লাখ টকা পৰ্যন্ত মূল্যত বিক্ৰী কৰি আহিছিল। এই সমগ্ৰ চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড পশ্চিম বংগৰ নদীয়া জিলাৰ ডাঃ সঞ্জয় কুমাৰ নামৰ এক চিকিৎসক বুলি বৰ্তমান আৰক্ষীয়ে নিশ্চিত কৰিছে।
জানিব পৰা মতে, যোৱা ২৪ মে’ত ধৰ্মীয় স্থান মনোণা ধামৰ পৰা ঋষভ নামৰ ডেৰ বছৰীয়া শিশুটি অপহৰণ হৈছিল। ঘটনাৰ তদন্তত নামি মহিলা এছঅ’জি দলে আইপিএছ বিষয়া অংশিকা বাৰ্মাৰ নেতৃত্বত অভিযান চলাই যোগেশ কনৌজীয়া আৰু পৱন চন্দেল নামৰ দুজন অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে শিশুটিক উদ্ধাৰ কৰে। ধৃত অভিযুক্ত দুজনক জেৰা কৰাৰ পিছতে ডাঃ সঞ্জয় কুমাৰৰ এই বৃহৎ নেটৱৰ্কটোৰ তথ্য পোহৰলৈ আহে, যিয়ে এটা ভুৱা গৰ্ভপাত আৰু চাইল্ড এডপশ্যন চেণ্টাৰৰ আৰঁত এই অবৈধ ব্যৱসায় চলাই আছিল।
অপৰাধীৰ কাষ চাপিবলৈ আৰক্ষী অধীক্ষক অংশিকা বাৰ্মাই নিজেই এজন গ্ৰাহকৰ ছদ্মৱেশ ধৰি এক বিশেষ ষ্টীং অপাৰেচন চলায়। তেওঁ ডাঃ সঞ্জয়ৰ সৈতে যোগাযোগ কৰি এটি শিশু তুলি লোৱাৰ ইচ্ছা প্ৰকাশ কৰে আৰু চিকিৎসকে তেওঁক ৫ লাখ টকাত এটি নৱজাতক দিবলৈ সন্মত হৈ অগ্ৰিম ধন দাবী কৰে। পৰিকল্পনা অনুসৰি আইপিএছ বিষয়াকৰাকীয়ে টকাৰ বাণ্ডিলটো চিকিৎসকজনৰ হাতত তুলি দিয়াৰ লগে লগেই নিজৰ প্ৰকৃত পৰিচয় ফাদিল কৰে আৰু বাহিৰত খাপ পিটি থকা আৰক্ষীৰ দলে কেন্দ্ৰটোত অভিযান চলাই মূল অভিযুক্ত ডাঃ সঞ্জয় কুমাৰ, সহযোগী ডাঃ কেশৱ ৰাম আৰু নাৰ্ছ সীতা কৰ্মকাৰক গ্ৰেপ্তাৰ কৰে।
ভুক্তভোগী ৰাইজৰ ভাষ্য অনুসৰি, এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি হাস্পতাল, মেলা আৰু ধৰ্মীয় স্থানৰ পৰা শিশু চুৰি কৰি দিল্লী-মুম্বাইৰ দৰে মহানগৰীত বিক্ৰী কৰি আহিছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে আৰু তেওঁলোকক জেললৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। এই নেটৱৰ্কৰ সৈতে জড়িত আন সতীৰ্থসকলৰ সন্ধানত বৰ্তমান বাৰেলী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
