মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক লৈ কৰা মন্তব্যক কেন্দ্ৰ কৰি ৰুজু হোৱা গোচৰৰ তদন্তৰ অংশ হিচাপে বৃহস্পতিবাৰে পুনৰ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ পৱন খেড়া। তদন্তকাৰী সংস্থাই জাৰি কৰা চমন অনুসৰি নতুন দিল্লীৰ পৰা গুৱাহাটী আহি ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছ নেতাগৰাকী।
ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত পৱন খেড়াই কয়, “ক্ৰাইম ব্ৰাঞ্চে জাৰি কৰা চমনৰ প্ৰতি সঁহাৰি জনাই মই হাজিৰ হৈছোঁ। ইয়াৰ পূৰ্বে অসুস্থতা আৰু পূৰ্বনিৰ্ধাৰিত দলীয় কাৰ্যসূচীৰ বাবে উপস্থিত হ’ব নোৱাৰাৰ কথা তদন্তকাৰী সংস্থাক জনাইছিলোঁ। তেওঁলোকে মোৰ আবেদন গ্ৰহণ কৰিছিল।”
ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে ১৭ জুলাইত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও সেইদিনা উপস্থিত হোৱা নাছিল পৱন খেড়া। অসম প্ৰদেশ কংগ্ৰেছে জনোৱা মতে, সেই সময়ত বেংগালুৰুত অনুষ্ঠিত “ছাত্ৰো কি গুঞ্জ” কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছিল কংগ্ৰেছ নেতাগৰাকী। কাৰ্যসূচীত বিৰোধী দলপতি ৰাহুল গান্ধীৰো অংশগ্ৰহণ কৰাৰ কথা আছিল।
১৭ জুলাইত হাজিৰ নহ’লেও তদন্তৰ স্বাৰ্থত ইয়াৰ পূৰ্বে কেইবাবাৰো ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত উপস্থিত হৈ জেৰাৰ সন্মুখীন হৈছে পৱন খেড়া।
উল্লেখযোগ্য যে, ৰিণিকি ভূঞা শৰ্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত এই গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীয়ে। এজাহাৰত পৱন খেড়াই সংবাদমেল আৰু সামাজিক মাধ্যমত কৰা মন্তব্যত নাগৰিকত্ব, বিদেশী পাছপ’ৰ্ট আৰু বিদেশত থকা আৰ্থিক স্বাৰ্থ সন্দৰ্ভত মিছা আৰু মানহানিকৰ অভিযোগ উত্থাপন কৰা বুলি উল্লেখ কৰা হৈছিল।
এই অভিযোগৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ক্ৰাইম ব্ৰাঞ্চে।
গোচৰটোক কেন্দ্ৰ কৰি ইতিমধ্যে একাধিক আইনী প্ৰক্ৰিয়াও সম্পন্ন হৈছে। প্ৰথমে তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা ট্ৰানজিট অগ্ৰিম জামিন লাভ কৰিছিল পৱন খেড়াই। পিছত উচ্চতম ন্যায়ালয়ে সেই আদেশৰ কাৰ্যকাৰিতা স্থগিত ৰাখি অসমৰ উপযুক্ত আদালতে বিষয়টো স্বাধীনভাৱে বিবেচনা কৰিব বুলি স্পষ্ট কৰিছিল।
ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে পৱন খেড়াক অন্তৱৰ্তীকালীন গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে তদন্তত সম্পূৰ্ণ সহযোগিতা কৰাৰ নিৰ্দেশ দিয়ে।
ক্ৰাইম ব্ৰাঞ্চে জনোৱা মতে, তদন্ত অব্যাহত আছে আৰু তদন্তকালীন পৱন খেড়াই দাখিল কৰা নথি-পত্ৰ আৰু অন্যান্য তথ্যও পৰীক্ষা কৰি চোৱা হ’ব।
