মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিছে। ৰিনিকী ভূঞা শৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু মনেসজা বুলি উল্লেখ কৰে।
এই গোচৰৰ দোষীক আইনৰ অধীনত কঠোৰ শাস্তি দিব লাগে বুলিও তেওঁ কয়। তেওঁ আৰু অভিযোগ কৰে যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো সুনিৰ্দিষ্ট বিষয় নথকাৰ বাবে তেওঁক ছফ্ট টাৰ্গেট হিচাপে লক্ষ্য কৰি লোৱা হৈছে।
মন কৰিবলগীয়া যে কংগ্ৰেছ দলে অভিযোগ কৰিছিল যে ৰিনিকি ভূঞা শৰ্মাই ইউ এ ই, ইজিপ্ত, এন্টিগুয়াত নাগৰিকত্ব লাভ কৰা আৰু আমেৰিকা আৰু উপসাগৰীয় দেশত অবৈধ সম্পত্তিৰ গৰাকী। তেওঁ এই অভিযোগবোৰক ইচ্ছাকৃত অপপ্ৰচাৰ আখ্যা দি সম্পূৰ্ণৰূপে নাকচ কৰিছে।
