ৰাজনীতি Archives - Purbottar Asomiya https://purbottar.com/category/ৰাজনীতি/ Tue, 14 May 2024 08:53:34 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png ৰাজনীতি Archives - Purbottar Asomiya https://purbottar.com/category/ৰাজনীতি/ 32 32 178360463 তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ https://purbottar.com/narendra-modi-filed-his-nomination-papers-from-varanasi-lok-sabha-seat-for-the-third-time/ https://purbottar.com/narendra-modi-filed-his-nomination-papers-from-varanasi-lok-sabha-seat-for-the-third-time/#respond Tue, 14 May 2024 08:53:33 +0000 https://purbottar.com/?p=51316 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ লগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ প্ৰস্তাৱক গণেশৱাৰ শাস্ত্ৰী দ্ৰাবিড় উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন দাখিল কৰাৰ পূৰ্বে কাল ভৈৰৱীৰ পূজা অৰ্চনা কৰে। গংগা সপ্তমী উপলক্ষে বাৰাণসীৰ দশশ্বমেধ ঘাটত গঙ্গা দেৱীক প্ৰাৰ্থনা কৰাৰ পিছত এখন ক্ৰুজৰে […]

The post তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ appeared first on Purbottar Asomiya.

]]>
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ লগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ প্ৰস্তাৱক গণেশৱাৰ শাস্ত্ৰী দ্ৰাবিড় উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন দাখিল কৰাৰ পূৰ্বে কাল ভৈৰৱীৰ পূজা অৰ্চনা কৰে।

গংগা সপ্তমী উপলক্ষে বাৰাণসীৰ দশশ্বমেধ ঘাটত গঙ্গা দেৱীক প্ৰাৰ্থনা কৰাৰ পিছত এখন ক্ৰুজৰে নমো ঘাটত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ পৰা ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত জয়ী হৈছিল। এইবাৰ আকৌ, তেওঁ বিজেপিৰ টিকটত বেনাৰসৰ পৰা নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছে।

মনোনয়ন দাখিলৰ সময়ছোৱাত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি কেইবাজনো মুখ্যমন্ত্ৰী উপস্থিত আছিল। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপৰিও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেও প্ৰধানমন্ত্ৰী মোদীৰ মনোনয়নৰ সময়ত উপস্থিত আছিল।

The post তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/narendra-modi-filed-his-nomination-papers-from-varanasi-lok-sabha-seat-for-the-third-time/feed/ 0 51316
পুনৰ দেশৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব নৰেন্দ্ৰ মোদীক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা https://purbottar.com/%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%a6%e0%a7%87%e0%a6%b6%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a7%e0%a6%be%e0%a6%a8%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80/ https://purbottar.com/%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%a6%e0%a7%87%e0%a6%b6%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a7%e0%a6%be%e0%a6%a8%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80/#respond Sat, 11 May 2024 12:44:22 +0000 https://purbottar.com/?p=51264 লোকসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। এই নিৰ্বাচনত, বিজেপিয়ে এন ডি এ ৪০০ খন আসন জিকাৰ দাবী কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওড়িশাৰ মালকানগিৰীত এখন নিৰ্বাচনী জনসভাত ভাষণ দি কয়-মানুহে আমাক সুধে আমাক ৪০০ খন আসনৰ কিয় প্ৰয়োজন? তেওঁ কয়- আমাক ৪০০ খন আসনৰ প্ৰয়োজন, অন্যথা কংগ্ৰেছে শাসনলৈ আহি পুনৰ ৰাম মন্দিৰৰ ঠাইত […]

The post পুনৰ দেশৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব নৰেন্দ্ৰ মোদীক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা appeared first on Purbottar Asomiya.

]]>
লোকসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। এই নিৰ্বাচনত, বিজেপিয়ে এন ডি এ ৪০০ খন আসন জিকাৰ দাবী কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওড়িশাৰ মালকানগিৰীত এখন নিৰ্বাচনী জনসভাত ভাষণ দি কয়-মানুহে আমাক সুধে আমাক ৪০০ খন আসনৰ কিয় প্ৰয়োজন? তেওঁ কয়- আমাক ৪০০ খন আসনৰ প্ৰয়োজন, অন্যথা কংগ্ৰেছে শাসনলৈ আহি পুনৰ ৰাম মন্দিৰৰ ঠাইত এটা মছজিদ নিৰ্মাণ কৰিব পাৰে। আমি এইটোও নিশ্চিত কৰিব লাগিব যে আমাৰ দেশত বাবৰি মছজিদ কেতিয়াও যাতে নিৰ্মাণ নহয়, সেয়েহে মোদীজীক আমি ৪০০ তকৈ অধিক আসন দি প্ৰধানমন্ত্ৰী কৰিব লাগিব। তেওঁ লগতে কয় যে বিজেপি চৰকাৰে জনজাতীয় সমাজক উন্নত কৰিবলৈ চেষ্টা কৰি আছে। আমাৰ চৰকাৰে বিশ্বাস কৰে যে সংৰক্ষণৰ সুবিধা কেৱল অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ’বিচি সম্প্ৰদায়ক হে দিয়া উচিত। আমি মুছলমানসকলৰ বাবে পৃথক সংৰক্ষণ প্ৰৱৰ্তন কৰাৰ কংগ্ৰেছ বা আন যিকোনো দলৰ যিকোনো পদক্ষেপৰ দ্ব্যর্থহীন ভাৱে বিৰোধিতা কৰোঁ। তেওঁ কয় – লোকসভা নিৰ্বাচনৰ লগতে ওড়িশা বিধানসভা নিৰ্বাচনতো বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিব। আমি লোকসভা নিৰ্বাচনত ওড়িশাত ১৮ ৰ পৰা ২০ খন আসন জিকিম। বিজেপিয়েও ওড়িশাত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে।

The post পুনৰ দেশৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব নৰেন্দ্ৰ মোদীক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%a6%e0%a7%87%e0%a6%b6%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a7%e0%a6%be%e0%a6%a8%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80/feed/ 0 51264
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন https://purbottar.com/delhi-chief-minister-arvind-kejriwal-has-been-granted-interim-bail/ https://purbottar.com/delhi-chief-minister-arvind-kejriwal-has-been-granted-interim-bail/#respond Fri, 10 May 2024 12:20:10 +0000 https://purbottar.com/?p=51226 দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। আদালতে তেওঁক ২ জুনত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। ২১ মাৰ্চৰ পৰা কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱালে এতিয়া ২ জুনলৈকে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাব পাৰিব। অন্তৱৰ্তীকালীন জামিন ঘোষণা কৰাৰ সময়ত, আদালতে কয় যে তেওঁলোকে শীঘ্ৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা সমগ্ৰ […]

The post দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন appeared first on Purbottar Asomiya.

]]>
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। আদালতে তেওঁক ২ জুনত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। ২১ মাৰ্চৰ পৰা কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱালে এতিয়া ২ জুনলৈকে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাব পাৰিব।

অন্তৱৰ্তীকালীন জামিন ঘোষণা কৰাৰ সময়ত, আদালতে কয় যে তেওঁলোকে শীঘ্ৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা সমগ্ৰ গোচৰটোৰ শুনানি সমাপ্ত কৰিব। আদালতে কয়- আমি শীঘ্ৰেই গোচৰটোৰ শুনানি গ্ৰহণ কৰি সমাপ্ত কৰিবলৈ চেষ্টা কৰিম।

আদালতে এইটোও কয় যে কেজৰিৱালক ২০২২ চনৰ আগষ্টত পঞ্জীয়ন কৰা গোচৰটোত ডেৰ বছৰৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। ন্যায়াধীশ সঞ্জীৱ খান্নাই কয়-গ্ৰেপ্তাৰ আগতে বা পিছত কৰিব পাৰিলেহেঁতেন।

The post দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/delhi-chief-minister-arvind-kejriwal-has-been-granted-interim-bail/feed/ 0 51226
১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত ভোটদান https://purbottar.com/%e0%a7%a7%e0%a7%a7-%e0%a6%96%e0%a6%a8-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%95%e0%a7%87%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%af/ https://purbottar.com/%e0%a7%a7%e0%a7%a7-%e0%a6%96%e0%a6%a8-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%95%e0%a7%87%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%af/#respond Tue, 07 May 2024 13:11:27 +0000 https://purbottar.com/?p=51127 ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত পুৱা ৭ বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয়। যোৱা নিৰ্বাচনত গুজৰাট, কৰ্ণাটক আৰু মধ্য প্ৰদেশকে ধৰি এই সকলো বোৰ আসনত প্ৰচণ্ড সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিৰ বাবে এই পৰ্যায়টো গুৰুত্বপূৰ্ণ। ১১কোটিতকৈও অধিক ভোটাৰে ১,৩০০ ৰো অধিক প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব, যাৰ ভিতৰত আছে প্ৰায় […]

The post ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত ভোটদান appeared first on Purbottar Asomiya.

]]>
১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত পুৱা ৭ বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয়। যোৱা নিৰ্বাচনত গুজৰাট, কৰ্ণাটক আৰু মধ্য প্ৰদেশকে ধৰি এই সকলো বোৰ আসনত প্ৰচণ্ড সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিৰ বাবে এই পৰ্যায়টো গুৰুত্বপূৰ্ণ। ১১কোটিতকৈও অধিক ভোটাৰে ১,৩০০ ৰো অধিক প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব, যাৰ ভিতৰত আছে প্ৰায় ১২০ গৰাকী মহিলা। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ সভাপতি খাৰ্গে আজি ভোট দান কৰে। দিনৰ ১বজালৈকে ভোটদানৰ শতাংশ আছিল এনেধৰণৰ – অসমত : ৪৫.৮৮%, বিহাৰ: ৩৬.৬৯%, ছত্তীশগড়: ৪৬.১৪%, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ: ৩৯.৯৪%, গোৱা: ৪৯.০৪%, গুজৰাট: ৩৭.৮৩%, কৰ্ণাটক: ৪১.৫৯%, মধ্য প্ৰদেশ ৪৪.৬৭%, মহাৰাষ্ট্ৰ ৩১.৫৫%, উত্তৰ প্ৰদেশ: ৩৮.১২% আৰু পশ্চিম বংগত ৪৯.২৭%। এই পৰ্যায়ত ভাগ্য নিৰ্ণয় হ’বলগীয়া নেতাসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ (গান্ধীনগৰ), জ্যোতিৰাদিত্য সিন্ধিয়া (গুনা), মনসুখ মাণ্ডৱিয়া (পোৰবন্দৰ), পৰশোত্তম ৰূপালা (ৰাজকোট), প্ৰলহাদ যোশী (ধাৰৱাড) আৰু এছ পি সিং বাঘেল (আগ্ৰা)।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে গুজৰাটৰ আহমেদাবাদৰ নিশান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহও এই সময়ত উপস্থিত আছিল।

The post ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত ভোটদান appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%a7%e0%a7%a7-%e0%a6%96%e0%a6%a8-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%95%e0%a7%87%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%af/feed/ 0 51127
১৫ মে’লৈ বৃদ্ধি মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা https://purbottar.com/manish-sisodias-judicial-custody-extended-till-may/ https://purbottar.com/manish-sisodias-judicial-custody-extended-till-may/#respond Tue, 07 May 2024 09:58:55 +0000 https://purbottar.com/?p=51108 দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ (আপ) নেতা মনীষ চিছোদিয়াই দিল্লী সুৰা নীতিৰ গোচৰত এক আঘাতৰ সন্মুখীন হৈছে। গোচৰটোৰ সৈতে সম্পৰ্কিত চিবিআই গোচৰত, ৰাউজ এভিনিউ আদালতে চিছোদিয়াৰ ন্যায়িক জিম্মা ১৫ মে’লৈ বৃদ্ধি কৰিছে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে অহা ১৫ মে’ত গোচৰটোৰ শুনানি গ্ৰহণ কৰিব। ইয়াৰ উপৰিও, দিল্লী আবকাৰী নীতি সম্পৰ্কীয় ধন ৰপ্তানি সম্পৰ্কীয় […]

The post ১৫ মে’লৈ বৃদ্ধি মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা appeared first on Purbottar Asomiya.

]]>
দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ (আপ) নেতা মনীষ চিছোদিয়াই দিল্লী সুৰা নীতিৰ গোচৰত এক আঘাতৰ সন্মুখীন হৈছে। গোচৰটোৰ সৈতে সম্পৰ্কিত চিবিআই গোচৰত, ৰাউজ এভিনিউ আদালতে চিছোদিয়াৰ ন্যায়িক জিম্মা ১৫ মে’লৈ বৃদ্ধি কৰিছে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে অহা ১৫ মে’ত গোচৰটোৰ শুনানি গ্ৰহণ কৰিব। ইয়াৰ উপৰিও, দিল্লী আবকাৰী নীতি সম্পৰ্কীয় ধন ৰপ্তানি সম্পৰ্কীয় ইডি গোচৰত চিছোদিয়া ইতিমধ্যে ৮ মে’লৈকে ন্যায়িক জিম্মাত আছে।

ইডি আৰু চিবিআই দুয়োটাই দিল্লী সুৰা নীতিৰ গোচৰত চিছোদিয়াৰ ভূমিকাৰ তদন্ত কৰি আছে। চিছোদিয়াক যোৱা বছৰ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল। ইডি আৰু চিবিআইয়ে দাবী কৰিছে যে দিল্লী সুৰা নীতি ৰূপায়ণ আৰু প্ৰস্তুতিত অনিয়ম হৈছে। ইয়াত, দিল্লীৰ কেজৰিৱাল চৰকাৰৰ আপ নেতা আৰু বহুতো মন্ত্ৰী জড়িত হৈ আছে। ইডিয়ে শেহতীয়াকৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা প্ৰমুখ কেজৰিৱালক ইয়াৰ মুখ্য ষড়যন্ত্ৰকাৰী বুলি অভিহিত কৰিছে।

কেজৰিৱালক ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। একে সময়তে, আপে গোচৰটো সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ দাবী নাকচ কৰে আৰু কয় যে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে আৰু এই সকলোবোৰ ৰাজনৈতিক প্ৰতিহিংসাৰ ভাৱনাৰে কৰা হৈছে, কিন্তু জনতা আমাৰ সৈতে আছে।

The post ১৫ মে’লৈ বৃদ্ধি মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/manish-sisodias-judicial-custody-extended-till-may/feed/ 0 51108
ঝাৰখণ্ডৰ মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ ঘৰুৱা সহায়কৰ গৃহত ইডিৰ বৃহৎ অভিযান https://purbottar.com/%e0%a6%9d%e0%a6%be%e0%a7%b0%e0%a6%96%e0%a6%a3%e0%a7%8d%e0%a6%a1%e0%a7%b0-%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%95%e0%a7%8d%e0%a6%a4/ https://purbottar.com/%e0%a6%9d%e0%a6%be%e0%a7%b0%e0%a6%96%e0%a6%a3%e0%a7%8d%e0%a6%a1%e0%a7%b0-%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%95%e0%a7%8d%e0%a6%a4/#respond Mon, 06 May 2024 12:25:27 +0000 https://purbottar.com/?p=51090 লোকসভা নিৰ্বাচনৰ মাজতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) বিষয়াৰ এটা দলে ৰাঁচীৰ কেইবাটাও স্থানত অভিযান চলায়। এই অভিযানকালত নগদ কোটি টকা জব্দ কৰে ইডিয়ে বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি ঝাৰখণ্ড চৰকাৰৰ এজন মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ ঘৰুৱা সহায়কৰ ঘৰৰ পৰা এই ধন জব্দ কৰিছে। ইডি বিষয়াসকলে এতিয়ালৈকে এই বিষয়ত আনুষ্ঠানিকভাৱে কোনো বিবৃতি দিয়া নাই বা কোনো ধৰণৰ […]

The post ঝাৰখণ্ডৰ মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ ঘৰুৱা সহায়কৰ গৃহত ইডিৰ বৃহৎ অভিযান appeared first on Purbottar Asomiya.

]]>
লোকসভা নিৰ্বাচনৰ মাজতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) বিষয়াৰ এটা দলে ৰাঁচীৰ কেইবাটাও স্থানত অভিযান চলায়। এই অভিযানকালত নগদ কোটি টকা জব্দ কৰে ইডিয়ে বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি ঝাৰখণ্ড চৰকাৰৰ এজন মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ ঘৰুৱা সহায়কৰ ঘৰৰ পৰা এই ধন জব্দ কৰিছে। ইডি বিষয়াসকলে এতিয়ালৈকে এই বিষয়ত আনুষ্ঠানিকভাৱে কোনো বিবৃতি দিয়া নাই বা কোনো ধৰণৰ বিবৃতি জাৰি কৰা নাই। আজি পুৱাৰে পৰা অভিযান চলে।এইটোও আনুষ্ঠানিকভাৱে জনা নাযায় যে ইডিৰ কিমানটা দল অভিযানত জড়িত আছে আৰু কোনে তেওঁলোকক নেতৃত্ব দি আছে।ইডিৰ ৰাঁচী কাৰ্যালয়ত নিযুক্ত এজন বিষয়াই কয় যে গ্ৰামোন্নয়ন বিভাগৰ নিলম্বিত মুখ্য অভিযন্তা বীৰেন্দ্ৰ ৰামৰ সৈতে সম্পৰ্কিত এটা গোচৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছে।ইডিয়ে তেওঁক ২০২৩ চনৰ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল।

The post ঝাৰখণ্ডৰ মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ ঘৰুৱা সহায়কৰ গৃহত ইডিৰ বৃহৎ অভিযান appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%9d%e0%a6%be%e0%a7%b0%e0%a6%96%e0%a6%a3%e0%a7%8d%e0%a6%a1%e0%a7%b0-%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%95%e0%a7%8d%e0%a6%a4/feed/ 0 51090
ইডিয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত সোৰেন https://purbottar.com/hemant-soren-sued-the-supreme-court-for-the-arrest-warrant-issued-by-the-ed/ https://purbottar.com/hemant-soren-sued-the-supreme-court-for-the-arrest-warrant-issued-by-the-ed/#respond Mon, 06 May 2024 10:11:26 +0000 https://purbottar.com/?p=51052 ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) এ তেওঁ গ্ৰেপ্তাৰ কৰাক লৈ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ হোৱাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সোৰেনৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৱেদনখনৰ ওপৰত আগতীয়া শুনানি বিচাৰিছে। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে এই […]

The post ইডিয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত সোৰেন appeared first on Purbottar Asomiya.

]]>
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) এ তেওঁ গ্ৰেপ্তাৰ কৰাক লৈ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ হোৱাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সোৰেনৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৱেদনখনৰ ওপৰত আগতীয়া শুনানি বিচাৰিছে।

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে এই বিষয়টো ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠত আছে। এইটো সোনকালেই শুনানি হ’ব। ৩ মে’ত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে হেমন্ত সোৰেনৰ ৰিট আৱেদন খাৰিজ কৰে, য’ত তেওঁ ইডিক গ্ৰেপ্তাৰ কৰাৰ প্ৰত্যাহ্বান জনাইছিল।

আদালতে প্ৰাক্তন মুখ্যমন্ত্ৰীক জামিন প্ৰদান কৰিবলৈও অস্বীকাৰ কৰিছিল। হেমন্ত সোৰেনক জানুৱাৰীত ইডিয়ে ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান ন্যায়িক জিম্মাত থকা সোৰেন ৰাঁচীৰ বিৰচা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।

The post ইডিয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত সোৰেন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/hemant-soren-sued-the-supreme-court-for-the-arrest-warrant-issued-by-the-ed/feed/ 0 51052
ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে https://purbottar.com/rahul-gandhi-will-contest-from-rae-bareli-seat/ https://purbottar.com/rahul-gandhi-will-contest-from-rae-bareli-seat/#respond Fri, 03 May 2024 10:51:34 +0000 https://purbottar.com/?p=50964 কংগ্ৰেছে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেঠি লোকসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। ৰাহুল গান্ধী ৰায়বৰেলী আসনৰ পৰা নিৰ্বাচনীত অৱতীৰ্ণ হ’ব। ৰায়বৰেলী আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আজি অৰ্থাৎ ৩ মে’। এইটো প্ৰথমবাৰৰ বাবে যে ৰাহুল গান্ধীয়ে ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে ৰায়বৰেলী আসনৰ পৰা দিনেশ প্ৰতাপ সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ছোনিয়া […]

The post ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে appeared first on Purbottar Asomiya.

]]>
কংগ্ৰেছে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেঠি লোকসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। ৰাহুল গান্ধী ৰায়বৰেলী আসনৰ পৰা নিৰ্বাচনীত অৱতীৰ্ণ হ’ব। ৰায়বৰেলী আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আজি অৰ্থাৎ ৩ মে’। এইটো প্ৰথমবাৰৰ বাবে যে ৰাহুল গান্ধীয়ে ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

বিজেপিয়ে ৰায়বৰেলী আসনৰ পৰা দিনেশ প্ৰতাপ সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ছোনিয়া গান্ধী ২০০৪ চনৰ পৰা ২০২৪ চনলৈ ৰায়বৰেলী আসনৰ পৰা সাংসদ হৈ আছে। এইবাৰ ছোনিয়া গান্ধীয়ে ৰায়বৰেলীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছিল। ছোনিয়া গান্ধী এতিয়া ৰাজ্যসভাৰ সাংসদ। আমেঠিত, কংগ্ৰেছে কিশোৰী লাল শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

বিজেপিৰ স্মৃতি ইৰাণীয়ে আমেঠি আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। যোৱাবাৰ, স্মৃতি ইৰাণীয়ে আমেঠিৰ পৰা ৰাহুল গান্ধীক পৰাস্ত কৰিছিল। কংগ্ৰেছৰ তালিকাৰ সৈতে, এইটো স্পষ্ট হৈ পৰিছে যে প্ৰিয়ংকা গান্ধী বাদ্ৰা এইবাৰো নিৰ্বাচনত অৱতীৰ্ণ নহয়। অনুমান কৰা হৈছিল যে তেওঁ আমেঠি বা ৰায়বৰেলীৰ পৰা এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে।

The post ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/rahul-gandhi-will-contest-from-rae-bareli-seat/feed/ 0 50964
কংগ্ৰেছ দল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল দলত পৰিণত হৈছেঃভৱেশ কলিতা https://purbottar.com/the-congress-party-has-become-a-useless-party-today-because-of-cheating-corruption-and-corruption-bhavesh-kalita/ https://purbottar.com/the-congress-party-has-become-a-useless-party-today-because-of-cheating-corruption-and-corruption-bhavesh-kalita/#respond Thu, 02 May 2024 11:38:56 +0000 https://purbottar.com/?p=50931 ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই শাসক বিৰোধীকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক জিকাবলৈ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ধুবুৰী লোক সভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।গোৱালপাৰা পূৱ সমষ্টিৰ বৰপথাৰত বুধবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ […]

The post কংগ্ৰেছ দল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল দলত পৰিণত হৈছেঃভৱেশ কলিতা appeared first on Purbottar Asomiya.

]]>
ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই শাসক বিৰোধীকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক জিকাবলৈ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ধুবুৰী লোক সভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।গোৱালপাৰা পূৱ সমষ্টিৰ বৰপথাৰত বুধবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে৷ ভৱেশ কলিতাই নিজৰ আক্ৰমণাত্মক ভাষনত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে কেৱল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল টকাত পৰিণত হৈছে৷কংগ্ৰেছ আজি টায়াৰ পাম্পছাৰ আৰু টিউব পাম্পছাৰ দলত পৰিণত হৈছে।গতিকে কংগ্ৰেছৰ পাম্পছাৰ হোৱা গাড়ীত এতিয়া আৰু কোনেও উঠিব নাযায়।

তদুপৰি কংগ্ৰেছে জাত পাতৰ ৰাজনীতি কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সোমাই দিয়া বুলি কংগ্ৰেছক ধুৰন্ধৰ দল বুলিও কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।ইয়াৰ বিপৰীতে বিজেপিয়ে এনে ঘৃণনীয় ৰাজনীতি নকৰে।ভৱেশ কলিতাৰ মতে,কংগ্ৰেছে ধৰ্ম আৰু সম্প্ৰদায়ক লৈ ৰাজনীতি কৰিলেও বিজেপিয়ে ৰাজনীতি কৰিছে সব কা সাথ সব কা বিকাশৰ বাবে। আনকি বিজেপিয়ে সংখ্যালঘু সংখ্যাগুৰু কোৱাৰ বিপৰীতে যুৱক-যুৱতী,আই-মাতৃসকল,কৃষক বন্ধুসকল আৰু গৰীৱ কল্যান এই চাৰি সম্প্ৰদায়ৰ কথা কৈ আহি সকলো সময়তে৷নিজৰ ভাষণত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক সমালোচনা কৰি কয়-কেৱল জৰা-ফুকা কৰিয়ে ১৫ বছৰ পাৰ কৰিলে বদৰুদ্দিন আজমলে।

কিন্তু এইবাৰ ধুবুৰীবাসীয়ে সম উন্নয়ণ বিচাৰি সদলবলে ওলাই আহিছে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে৷শাসকীয় মিত্ৰজোঁটৰ নিৰ্বাচনী সভা সমূহত সংখ্যালঘু লোকৰ ব্যাপক অংশ গ্ৰহণে বিজেপিক উৎসাহিত কৰাৰ কথা উল্লেখ কৰি ভৱেশ কলিতাই কয় এইবাৰ ধুবুৰীৰ লোকে পৰিৱৰ্তন বিচাৰিছে আৰু এয়া বাস্তৱত হবলৈ গৈ আছে।নিৰ্বাচনী সভাত অঞ্চলটোৰ ভালেসংখ্যক লোক কংগ্ৰেছ,এ আই ইউ ডি এফ ত্যাগ কৰি বিজেপিত যোগদান কৰে। ইপিনে সাংবাদিকৰে হোৱা কথা বতৰাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় এইবাৰ ৰাজ্যৰ ১৪ খন আসনতে জয়লাভ কৰিব বিজেপি মিত্ৰজোঁটে।

The post কংগ্ৰেছ দল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল দলত পৰিণত হৈছেঃভৱেশ কলিতা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/the-congress-party-has-become-a-useless-party-today-because-of-cheating-corruption-and-corruption-bhavesh-kalita/feed/ 0 50931
পাকাবেতবাৰীৰ কাৱৈমাৰীত অগপৰ বিশাল নিৰ্ব্বাচনী সভা https://purbottar.com/there-are-1000-characters-in-the-star-wars-series/ https://purbottar.com/there-are-1000-characters-in-the-star-wars-series/#respond Thu, 02 May 2024 11:24:24 +0000 https://purbottar.com/?p=50924 নিৰ্ব্বাচনৰ সময়ত কংগ্ৰেছ দলে ধৰ্মীয় সংখ্যালঘূ লোকৰ ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হয় ৷ কিন্তু নিৰ্ব্বাচন গলেই সংখ্যালঘূ লোক  সকলক পিঠি দিয়ে ৷ স্বাধীনতাৰ পিচৰ পৰাই ইয়াত বসবাস কৰা বহু লোক আছে ৷ এই লোক সকলক কিয় মাটিৰ পট্টা দিয়া নহ’ল ৷ যাৰ বাবে ১ কৌটি ৩০ লাখ সংখ্যালঘূ লোকৰ আজিও বিশেষ পৰিৱৰ্তন হোৱা নাই ৷”- এই মন্তব্য […]

The post পাকাবেতবাৰীৰ কাৱৈমাৰীত অগপৰ বিশাল নিৰ্ব্বাচনী সভা appeared first on Purbottar Asomiya.

]]>
নিৰ্ব্বাচনৰ সময়ত কংগ্ৰেছ দলে ধৰ্মীয় সংখ্যালঘূ লোকৰ ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হয় ৷ কিন্তু নিৰ্ব্বাচন গলেই সংখ্যালঘূ লোক  সকলক পিঠি দিয়ে ৷ স্বাধীনতাৰ পিচৰ পৰাই ইয়াত বসবাস কৰা বহু লোক আছে ৷ এই লোক সকলক কিয় মাটিৰ পট্টা দিয়া নহ’ল ৷ যাৰ বাবে ১ কৌটি ৩০ লাখ সংখ্যালঘূ লোকৰ আজিও বিশেষ পৰিৱৰ্তন হোৱা নাই ৷”- এই মন্তব্য অগপ দলৰ সভাপতি অতুল বৰাৰ৷ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কাৱৈমাৰীত আজি অনুষ্ঠিত এক বিশাল নিৰ্ব্বাচনী সভাত মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ তলাই অগপৰ সভাপতি গৰাকীয়ে কয় যে, সংখ্যালঘূ ৰাইজ যথেষ্ট সচেতন ৷ কিন্তু নিৰ্ব্বাচনৰ সময়ত আমি সেই সচেতনতা প্ৰতিফলন আপোনালোকৰ মাজত দেখা নাপাও৷ ৰাইজ যদি এইফালে যায়,আপোনালোকে ওলোটা ফালে যায় ৷ যি দলৰ চৰকাৰ আহে,তাৰ আপোনালোকে পিচফালে যায় ৷ সংখ্যালঘূ ৰাইজ আজিও পিচপৰি ৰোৱাৰ এয়াই হৈছে অন্যতম কাৰণ৷ এইবাৰো যদি  সংখ্যালঘূ ৰাইজে কংগ্ৰেছ,চিপিআইএমক ভোট দি সেই ভুলটো কৰে তেতিয়া সংখ্যালঘূ ৰাইজ আৰু পঞ্চাছ বছৰ পিচুৱাই যাব ৷যদি আপোনালোকে আগুৱাই যাব বিচাৰে,অঞ্চলৰ উন্নয়ন বিচাৰে,নিজৰ সন্তানক মানুহ বনাব বিচাৰে,ভাল শিক্ষা দিব বিচাৰে,গৰাখহনীয়া সমস্যাৰ সমাধান বিচাৰে তেতেয়াহলে মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাওক ৷ তেওঁ কয় যে,কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘূ সকলক প্ৰতাৰণা,প্ৰবঞ্চনা কৰিছে ৷ সেই কথা ধৰ্মীয় সংখ্যালঘূ লোক সকলে যদি বুজি পাবলৈ আৰু সময় লাগে,তেতিয়াহলে কিন্তু সংখ্যালঘূ লোক সকলৰ ভৱিষ্যত অন্ধকাৰ হব ৷

তেওঁ কয় যে,ইফালে নামনি অসমত ধৰ্মীয় সংখ্যালঘূ লোক আৰু উজনি অসমত চাহ জনগোষ্ঠী লোক ৷ এই দুয়োটা সম্প্ৰদায়ে কংগ্ৰেছ দীৰ্ঘদিন ধৰি শাসনত থকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ এতিয়া চাহ জনগোষ্ঠীৰ লোকে কংগ্ৰেছৰ প্ৰতাৰনা বুজি পালে আৰু ২০১৬ চনত এন ডি এ চৰকাৰৰ যি বিকাশ যাত্ৰা তাৰ অংশীদাৰ হ’ল ৷ বিজেপি চৰকাৰৰ দিনত মজুৰি বৃদ্ধি হল,ৰাস্তাঘাটৰ উন্নয়ন হল,বিজুলি,চিকিৎসালয় সকলোবোৰ হল ৷ যিবিলাক কাম কেতিয়াও হব বুলি কল্পনা কৰা নাছিল,চাহ জনগোষ্ঠী লোকৰ সেই কাম আজি সম্পূৰ্ণ হৈছে ৷ সংখ্যালঘূ ৰাইজেও এই সকলোবোৰ কথা বুজাৰ সময় আহি পৰিল৷ তেওঁ কংগ্ৰেছৰ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনাই কয় যে,কংগ্ৰেছে ৰাইজৰ মাজত বিভাজনৰ ৰাজনীতি কৰে ৷ কংগ্ৰেছ অশান্তিৰ কাৰক ৷ কংগ্ৰেছ চৰকাৰৰ দিনতে দেশৰ বিভিন্ন স্থানত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ মানুহ পলাই ফুৰিব লগা হৈছিল ৷ কোকৰাঝাৰ আদি স্থানত কিমান মানুহ মৃত্যুক আকোৱালি লব লগা হৈছিল। কিন্তু অগপ চৰকাৰ দিনত এনে কোনো সাম্প্ৰদায়িক সংঘৰ্ষৰ হোৱা নাছিলে ৷ মানুহ মৰা নাছিল ৷ এই কথাবিলাক সংখ্যালঘূ ৰাইজে ভালকৈ ভাবক ৷ সংখ্যালঘূ সমাজৰ বয়োজ্যোষ্ঠ লোক সকলে উঠি অহা প্ৰজন্মক সঠিক বাটত উলিয়াই লৈ যাওঁক ৷ তেওঁ কয় যে,ফণীভূষণ চৌধুৰী এজন ভাল মানুহ,বিশ্বাস কৰিব পৰা মানুহ বাবেই বঙাইগাওঁ সমষ্টিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ৮ বাৰকৈ বিধান সভালৈ নিৰ্ব্বাচিত কৰি পঠাইছে৷ এনে এগৰাকী অভিজ্ঞ ৰাজনীতিকক বিপুল ভোটত জয়ী কৰাবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় ৷

নিৰ্ব্বাচনী সভাখনত উপস্থিত থাকি অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে,ৰাহুল গান্ধী অথবা কংগ্ৰেছ নেতৃত্বই কেতিয়াও তেওঁলোকৰ দলৰ প্ৰধানমন্ত্ৰী হব বুলি কব নোৱাৰে ৷ কংগ্ৰেছ,চিপিআইএম ই নিৰ্ব্বাচনী সভাত যিমানেই ভাষণৰ ফুলজাৰী নামাৰক কিয়,দেশত পুণৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে বিজেপি চৰকাৰ গঠন হব। নিজৰ কাৰণে,অঞ্চলৰ উন্নয়নৰ বাবে ফণীভূষণ চৌধুৰীক ভোট দিব লাগে ৷ তেওঁ কয় যে,পাকাবেতবাৰীত বহু চৰকাৰী ৰিজাৰ্ভ মাটি আছে ৷ কিন্তু পট্টা নাই ৷ ড:হিমন্ত বিশ্ব শৰ্মাই কৈছে,বসুন্ধৰা আচনিৰ জৰিয়তে সংখ্যালঘূ ৰাইজক চৰ চাপৰিত মাটিৰ পট্টা দিয়া হব ৷ এইবাৰ সংখ্যালঘূ ৰাইজৰ বাবে ডাঙৰ সুবিধা আহিছে ৷ এই সুবিধা লবলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈও তেওঁ সকলোকে আহ্বান জনায়৷ সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয,প্ৰাক্তণ বিধায়ক গুণীন্দ্ৰ নাথ দাসকে ধৰি বহু সংখ্যক নেতা উপস্থিত থাকে ৷

The post পাকাবেতবাৰীৰ কাৱৈমাৰীত অগপৰ বিশাল নিৰ্ব্বাচনী সভা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/there-are-1000-characters-in-the-star-wars-series/feed/ 0 50924