মনোৰঞ্জনৰ Archives - Purbottar Asomiya https://purbottar.com/category/মনোৰঞ্জনৰ/ Tue, 14 May 2024 06:26:36 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png মনোৰঞ্জনৰ Archives - Purbottar Asomiya https://purbottar.com/category/মনোৰঞ্জনৰ/ 32 32 178360463 সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ https://purbottar.com/the-premiere-won-the-hearts-of-the-audience-with-its-captivating-story-of-tolerance-and-friendship/ https://purbottar.com/the-premiere-won-the-hearts-of-the-audience-with-its-captivating-story-of-tolerance-and-friendship/#respond Tue, 14 May 2024 06:26:35 +0000 https://purbottar.com/?p=51298 শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি ‘জিয়া’ৰ প্ৰিমিয়াৰ দেওবাৰে প্ৰদৰ্শিত হয়। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে। উল্লেখ্য যে, অহা ১৭ মে’ অৰ্থাৎ শুকুৰবাৰে অসমৰ ছবিগৃহত এই অনন্য ছবিখনে মুক্তিলাভ কৰিব।  উল্লেখ্য যে, ছবি সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত ‘জিয়া’ই ইতিমধ্যে শেহতীয়া প্ৰাগ […]

The post সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ appeared first on Purbottar Asomiya.

]]>
শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি ‘জিয়া’ৰ প্ৰিমিয়াৰ দেওবাৰে প্ৰদৰ্শিত হয়। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে। উল্লেখ্য যে, অহা ১৭ মে’ অৰ্থাৎ শুকুৰবাৰে অসমৰ ছবিগৃহত এই অনন্য ছবিখনে মুক্তিলাভ কৰিব। 

উল্লেখ্য যে, ছবি সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত ‘জিয়া’ই ইতিমধ্যে শেহতীয়া প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাৰ লগতে আন তিনিটা শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী), শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (অংগৰাগ পাপন মহন্ত) আৰু শ্ৰেষ্ঠ আৱহ সংগীত (অম্বৰ দাস) শিতানত বঁটা লাভ কৰি ইতিমধ্যে ছবিপ্ৰেমীৰ মাজত চৰ্চা লাভ কৰিছে।

মন কৰিবলগীয়া যে, ‘জিয়া’ হৈছে কমেডী আৰু একশ্যনধৰ্মী ছবি নিৰ্মাণেৰে ইতিমধ্যে সুপৰিচিত হৈ পৰা পৰিচালক কেনি বসুমতাৰীৰ প্ৰথমখন ‘গাম্ভীৰ্যপূৰ্ণ’ ছবি। ছবিখনৰ লেখিকা, প্ৰযোজিকা, অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয়, “জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত জিয়াই সমকালীন মহিলাসকলৰ সহনশীলতাক ফুটাই তুলিবলৈ চেষ্টা কৰিছে। জিয়াৰ চিত্ৰণৰ জৰিয়তে আমি প্ৰতিগৰাকী মহিলাৰ অদম্য শক্তি আৰু দৃঢ়তাক সন্মান জনোৱাৰ প্ৰয়াস কৰিছোঁ।”

The post সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/the-premiere-won-the-hearts-of-the-audience-with-its-captivating-story-of-tolerance-and-friendship/feed/ 0 51298
পুৰণিগুদাম ৰঙ্গালয়ত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ সামৰণি https://purbottar.com/purnigudam-rangalayat-national-dance-company/ https://purbottar.com/purnigudam-rangalayat-national-dance-company/#respond Sat, 30 Mar 2024 05:43:59 +0000 https://purbottar.com/?p=50086 নগাঁও জিলাৰ পুৰণিগুদাম ৰঙ্গালয়ত অনুষ্ঠিত নাট্যশিল্পী কবিতা বৰা সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহখনি যোৱা নিশা সফল সামৰণি পৰে।পুৰণিগুদাম কঢ়ালীগাঁওস্থিত কবিতা নাট্য কানন, ৰঙ্গালয় ষ্টুডিঅ’ থিয়েটাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ প্ৰথম দিনা ২৫ মাৰ্চত নাটকৰ শুভ উদ্বোধন কৰে বিশিষ্ট নাট সমালোচক অতুল মজুমদাৰে। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অভিনেতা মৃদুল বৰুৱাক ৰঙ্গালয়ে সম্বৰ্ধনা জনায়।প্ৰথম দিনা […]

The post পুৰণিগুদাম ৰঙ্গালয়ত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ সামৰণি appeared first on Purbottar Asomiya.

]]>
নগাঁও জিলাৰ পুৰণিগুদাম ৰঙ্গালয়ত অনুষ্ঠিত নাট্যশিল্পী কবিতা বৰা সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহখনি যোৱা নিশা সফল সামৰণি পৰে।পুৰণিগুদাম কঢ়ালীগাঁওস্থিত কবিতা নাট্য কানন, ৰঙ্গালয় ষ্টুডিঅ’ থিয়েটাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ প্ৰথম দিনা ২৫ মাৰ্চত নাটকৰ শুভ উদ্বোধন কৰে বিশিষ্ট নাট সমালোচক অতুল মজুমদাৰে। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অভিনেতা মৃদুল বৰুৱাক ৰঙ্গালয়ে সম্বৰ্ধনা জনায়।প্ৰথম দিনা যোৰহাটৰ ৰঙ্গভূমি নাট্যদলে মঞ্চস্থ কৰে নাটক “যি কথা নহ’ল কোৱা”।নাট্যকাৰ-পৰিচালক মৃণাল কুমাৰ বৰা।উক্ত নিশা দ্বিতীয়খন নাটক পুৰণিগুদামৰ ৰঙ্গালয়ে মঞ্চস্থ কৰে “নীল নীলা নীলাম্বৰ”, উক্ত নাটকৰ নাট্যকাৰ-পৰিচালক মৃণাল কুমাৰ বৰা। ২৬ মাৰ্চত নাটকৰ শুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি অনিল শইকীয়াই।

উক্ত অনুষ্ঠানত নাট সমালোচক তথা বিষ্ণু ৰাভা বঁটা বিজয়ী নিলোৎপল বৰুৱাক ৰঙ্গালয়ে সম্বৰ্ধনা জনায়।নাট সমাৰোহৰ দ্বিতীয় নিশা প্ৰথম নাটক তেজপুৰৰ চিত্ৰলেখা ৰঙ্গশালাই মঞ্চস্থ কৰে নাটক “The Show Must Go On”. নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য্য কাকতি। দ্বিতীয় নাটক ডিব্ৰুগড়ৰ আখৰাঘৰে মঞ্চস্থ কৰে “Love You Zindegi”.নাট্যকাৰ-পৰিচালক অসীম কুমাৰ শৰ্মা আৰু তৃতীয় নাটক পশ্চিমবংগৰ উদীচী গোবৰডাঙ্গাই মঞ্চস্থ কৰে “আদাব”।নাট্যকাৰ সমৰেশ বসু, সম্পাদক আৰু পৰিচালক জয়দীপ বিশ্বাস। ২৭ মাৰ্চৰ নিশা নাটকৰ শুভ উদ্বোধন কৰে লোকসংগীতৰ শিল্পী দিলীপ তামুলীয়ে।উক্ত নাট্য সন্ধ্যাত উপস্থিত থাকে বিশিষ্ট অভিনেতা,পৰিচালক দুলাল ৰয়, বিশিষ্ট অভিনেতা উপকুল বৰদলৈ,বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া,নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কুলেন্দ্ৰ প্ৰসাদ দাস প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

নাট সমাৰোহত বিশিষ্ট অভিনেতা দুলাল ৰয়ে কয়, নগাঁও জিলাৰ পুৰণিগুদাম কঢ়ালীগাঁৱত ইমান গ্ৰামাঞ্চলৰ ভিতৰত এটা প্ৰেক্ষাগৃহত ইমান সুন্দৰকৈ নাটকৰ পৰিৱেশ সৃষ্টি হোৱাত আপ্লুত হৈ পৰিছো।নাট সমাৰোহখনি ইমান সুন্দৰকৈ অনুষ্ঠিত কৰাত তেওঁ ৰঙ্গালয়ক প্ৰসংশা কৰে।লগতে দুলাল ৰয়ে তেওঁৰ নাটকখন উপভোগ কৰাৰ বাবে দৰ্শকসকলক ধন্যবাদ জনায়।উল্লেখযোগ্য যে, কালি বিশ্ব নাট্য দিৱসত এখন বিদেশী নাটক মঞ্চস্থ কৰি নাট সমাৰোহৰ সামৰণি মাৰে। যোৱা নিশা প্ৰথম নাটক গুৱাহাটীৰ ৰঙ্গপীঠে মঞ্চস্থ কৰে বিশ্ববিখ্যাত ফৰাছী নাট্যকাৰ ইউজিন আয়োনেস্কোৰ “The Lesson”। নাটকৰ অসমীয়া অনুবাদ আৰু পৰিচালক দুলাল ৰয়। দ্বিতীয় নাটক পুৰণিগুদামৰ ভাস থিয়েটাৰে মঞ্চস্থ কৰে “এটা গল্পৰ দ্বিতীয় খণ্ড”। নাট্যকাৰ মৃণাল কুমাৰ বৰা আৰু পৰিচালক অঞ্জল বৰা।ৰাষ্ট্ৰীয় নাট সমাৰোহখনি সফলভাৱে সামৰণি পৰে।

The post পুৰণিগুদাম ৰঙ্গালয়ত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ সামৰণি appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/purnigudam-rangalayat-national-dance-company/feed/ 0 50086
৭ টাকৈ অস্কাৰ জয়ৰে বিশ্বৰ চলচ্চিত্ৰ জগতত খলকনি ‘অপেনহাইমাৰ’ৰ https://purbottar.com/oppenheimer-has-won-seven-oscars/ https://purbottar.com/oppenheimer-has-won-seven-oscars/#respond Mon, 11 Mar 2024 11:16:21 +0000 https://purbottar.com/?p=49541 অস্কাৰ ২০২৪-ত, ক্ৰিষ্টোফাৰ নোলানৰ ‘অপেনহাইমাৰ’য়ে সৰ্বাধিক অস্কাৰ পদক জয় কৰি বিশ্বৰ চলচ্চিত্ৰ জগতত খলকনি তুলিছে। ছবিখনে অস্কাৰত ১৩ টা বিভিন্ন শ্ৰেণীত মনোনীত হৈছিল, যাৰ ভিতৰত ই ৭ টাত বিজয়ী হয়। ছবিখনে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ সহ অভিনেতা, শ্ৰেষ্ঠ মূল গীতৰ স্ক’ৰ, শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা আৰু শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীত অস্কাৰ লাভ কৰে। ছবিখনত ইতিমধ্যে […]

The post ৭ টাকৈ অস্কাৰ জয়ৰে বিশ্বৰ চলচ্চিত্ৰ জগতত খলকনি ‘অপেনহাইমাৰ’ৰ appeared first on Purbottar Asomiya.

]]>
অস্কাৰ ২০২৪-ত, ক্ৰিষ্টোফাৰ নোলানৰ ‘অপেনহাইমাৰ’য়ে সৰ্বাধিক অস্কাৰ পদক জয় কৰি বিশ্বৰ চলচ্চিত্ৰ জগতত খলকনি তুলিছে। ছবিখনে অস্কাৰত ১৩ টা বিভিন্ন শ্ৰেণীত মনোনীত হৈছিল, যাৰ ভিতৰত ই ৭ টাত বিজয়ী হয়। ছবিখনে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ সহ অভিনেতা, শ্ৰেষ্ঠ মূল গীতৰ স্ক’ৰ, শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা আৰু শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীত অস্কাৰ লাভ কৰে। ছবিখনত ইতিমধ্যে যথেষ্ট উন্মাদনা আছিল, আনহাতে অস্কাৰ জয় কৰাৰ পিছত, মানুহৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।

সৰ্বাধিক অস্কাৰ বিজয়ী ছবি ‘অপেনহাইমাৰ’ ২০২৩ চনত মুক্তি লাভ কৰিছিল। হলিউডৰ পৰিচালক ক্ৰিষ্টোফাৰ নোলানৰ দ্বাৰা পৰিচালিত এই ছবিখনে ছবিগৃহত মুক্তি লাভ কৰাৰ পিছত সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰে। ভাৰততো ছবিখনে যথেষ্ট সঁহাৰি লাভ কৰে আৰু ইয়াৰ সৈতে ছবিখনে ৯৫০ নিযুত ডলাৰ উপাৰ্জন কৰে।

‘অপেনহাইমাৰ’ যোৱা বছৰ ২১ জুলাই ২০২৩ তাৰিখে ছবিগৃহত মুক্তি পাইছিল। চিলিয়ান মাৰ্ফিয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। একে সময়তে, এমিলি ব্লাণ্ট, মেট ডেমন, ৰবাৰ্ট ডাউনি জুনিয়ৰ, ফ্লৰেন্স পিউকে ধৰি আন বহুতো তাৰকাইও ছবিখনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই ছবিখন ক্ৰিষ্টোফাৰ নোলানে পৰিচালনা কৰিছে। চলচ্চিত্ৰখনৰ কাহিনী আমেৰিকান বিজ্ঞানী ৰবাৰ্ট অপেনহাইমাৰৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত।

The post ৭ টাকৈ অস্কাৰ জয়ৰে বিশ্বৰ চলচ্চিত্ৰ জগতত খলকনি ‘অপেনহাইমাৰ’ৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/oppenheimer-has-won-seven-oscars/feed/ 0 49541
গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা “হাজ বেণ্ড অব ডেট গাই” উন্মোচন https://purbottar.com/pankaj-neogars-drama-haj-bend-of-date-guy-unveiled-at-pree-club-guwahati/ https://purbottar.com/pankaj-neogars-drama-haj-bend-of-date-guy-unveiled-at-pree-club-guwahati/#respond Tue, 27 Feb 2024 08:39:05 +0000 https://purbottar.com/?p=49137 গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শিল্পী আবৃত্তিকাৰ, গল্পকাৰ পংকজ নেওগৰ ৰম্যৰচনা ” হাজবেণ্ড অব্ ডেট গাই” আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি বিশিষ্ট সাহিত্যিক মনীষা  শৰ্মাই কয় যে,ৰম্য ৰচনা মানে হ’ল হাস্য ৰস সৃষ্টি কৰা।বিংশ শতিকাৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাই সেই শ্ৰেণীৰ গদ্য-সাহিত্য ৰচনা কৰি আমাৰ সাহিত্যত অনন্যসাধাৰণ […]

The post গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা “হাজ বেণ্ড অব ডেট গাই” উন্মোচন appeared first on Purbottar Asomiya.

]]>
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শিল্পী আবৃত্তিকাৰ, গল্পকাৰ পংকজ নেওগৰ ৰম্যৰচনা ” হাজবেণ্ড অব্ ডেট গাই” আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি বিশিষ্ট সাহিত্যিক মনীষা  শৰ্মাই কয় যে,ৰম্য ৰচনা মানে হ’ল হাস্য ৰস সৃষ্টি কৰা।বিংশ শতিকাৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাই সেই শ্ৰেণীৰ গদ্য-সাহিত্য ৰচনা কৰি আমাৰ সাহিত্যত অনন্যসাধাৰণ লঘু-হাস্যৰসাত্মক-ব্যঙ্গকাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰে। এই ধৰণৰ সাহিত্য খুৱ কম পোৱা যায়।সাহিত্যৰ বাবে সাহিত্য নহয়।যিবিলাক সাহিত্য দায়বদ্ধ সেইবোৰহে আচল সাহিত্য। সাহিত্যই সমাজ পৰিবৰ্তন কৰিব পাৰিব লাগিব।

আজিৰ সময়ত অন্য ধৰণৰ সাহিত্য ৰচনা বহু পোৱা যায় কিন্তু এই ধৰণৰ সাহিত্য কম কৈ পোৱা যায়।।বেজবৰুৱাৰ  কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল।দুই এটা ইংৰাজী শিকিয়ে  নিজকে বহু বেছি জনা ব্যক্তি বুলি জহাই কথা ক’ব বিচৰা সেইবোৰ মানুহক লৈ বেজবৰুৱাৰই উদঙাই দেখুৱাই  হাস্য ৰস সাহিত্য যেনেকৈ ভোকেন্দ্ৰ বৰুৱা নামৰ গল্পত আছে সেই একেটা  ধৰণৰ সাহিত্য অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ লেখক পংকজ নেওগৰ আজি উন্মোচীত ”হাজবেণ্ড অব্ ডেট্ গাই” ত সন্নিবিষ্ট হৈছে।

ইপিনে অভিনেতা সত্যেন শৰ্মাই আঁতধৰা আজিৰ অনুষ্ঠানত উপস্থিত থাকি হাস্য মধুৰ ভাষাৰে উপস্থিত সকলোকে ৰসৰ সাগত বুৰাই তোলে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস আৰু কথা শিল্পী তথা চিকিৎসক ডা° অঞ্জনজ্যোতি চৌধুৰীয়ে। অনুষ্ঠানত আন এগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বি বৰুৱা কলেজৰ ইংৰাজী বিভাগৰ অৱসৰী অধ্যাপক ভৱানী গোস্বামী য়ে লিখকৰ প্ৰতি শুভেচ্ছামূলক মন্তব্য আগবঢ়ায়।  আনহাতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি লেখক পংকজ নেওগে কয় যে লেখকে গ্ৰন্থখন খনৰ সাৰ্থকতা পাঠকে  নিৰ্ণয় কৰিব আনহাতে গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱা বাবে তেওঁ অবাক প্ৰকাশনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

The post গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা “হাজ বেণ্ড অব ডেট গাই” উন্মোচন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/pankaj-neogars-drama-haj-bend-of-date-guy-unveiled-at-pree-club-guwahati/feed/ 0 49137
গীতে-মাতে উজ্বলি উঠিল চকলাঘাত সাহিত্য সমাজ ভৱন https://purbottar.com/chakalaghat-sahitya-samaj-building-lit-up-with-songs/ https://purbottar.com/chakalaghat-sahitya-samaj-building-lit-up-with-songs/#respond Mon, 19 Feb 2024 09:12:57 +0000 https://purbottar.com/?p=48802 “আজিৰ কৃষকে প্ৰতিকূল পৰিবেশক চেলেঞ্জ কৰিব পৰা হৈছে। আৰু ই সম্ভৱ হৈ উঠিছে কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন, আৰু এই উদ্ভাৱন সমূহৰ কৃষি ক্ষেত্ৰত প্ৰয়োগৰ বাবে । যাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈয়ো কৃষক সকল আগবাঢ়ি গৈছে।” এই মন্তব্য কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাৰ । আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা […]

The post গীতে-মাতে উজ্বলি উঠিল চকলাঘাত সাহিত্য সমাজ ভৱন appeared first on Purbottar Asomiya.

]]>
“আজিৰ কৃষকে প্ৰতিকূল পৰিবেশক চেলেঞ্জ কৰিব পৰা হৈছে। আৰু ই সম্ভৱ হৈ উঠিছে কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন, আৰু এই উদ্ভাৱন সমূহৰ কৃষি ক্ষেত্ৰত প্ৰয়োগৰ বাবে । যাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈয়ো কৃষক সকল আগবাঢ়ি গৈছে।” এই মন্তব্য কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাৰ । আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ  তত্বাৱধানত নগাঁও জিলাৰ  বেবেজীয়া নিকটৱৰ্তী চকলাঘাত  সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি ভৱনত অনুষ্ঠিত “কৃষি তথ্য কেন্দ্ৰ” মুকলি অনুষ্ঠানটিত আৰম্ভণি ভাষন প্ৰদান কৰি তেওঁ লগতে কয় যে, “বহু উচ্চ শিক্ষিত লোক কৃষি ক্ষেত্ৰত নামি পৰিছ । কৃষিক ব্যৱসায় হিচাপে লৈছে ।

কাৰণ বৰ্তমান কৃষিত সম্ভাৱনা প্ৰৱল ভাৱে বৃদ্ধি পাইছে।” গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থী প্ৰতিতী ভৰালী আৰু বিজয় দুৱৰাই আঁত ধৰা অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ পৰ্যবেক্ষক ড০ ৰঞ্জন কন্দলিয়ে “কৃষি আৰু আনুসাংগিক ক্ষেত্ৰ সমূহৰ সমস্যাৰ ক্ষেত্ৰত অঞ্চলৰ ৰাইজে আজি মুকলি কৰা তথ্য কেন্দ্ৰত সুবিধা লোৱাৰ উপৰিও কৃষি পৰামৰ্শ লব পাৰিব । লগতে ছাত্ৰ ছাত্ৰী সকলেেও কৃষক সকলৰ লগত সমানে কৃষি কৰ্মৰ অভিজ্ঞতা অৰ্জন কৰিব।” বুলি বক্তব্য প্ৰদান কৰে । আন এগৰাকী  বিশিষ্ট অতিথি নগাঁও জিলা কৃষি বিষয়া ড০ ৰঞ্জন প্ৰসাদ ডেকাই “জ্ঞানৰ লগত বিজ্ঞান সংযোগ হৈ কৃষি ক্ষেত্ৰ বহু আগবাঢ়ি গৈছে । কৃষক সকল আপোনালোকে সময় আৰু অৰ্থৰ সদব্যৱহাৰ বাবে উদ্ভাৱন কৰা প্ৰযুক্তি বিদ্যা কাৰিকৰী কৌশলৰ ব্যৱহাৰ শিকি লব ।

বহু সহায় হব” বুলি মন্তব্য কৰে । সভাত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনিৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰা,  গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ আহ্বায়ক ড০ কৌশিক দাস,   হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি সভাপতি তথা শিল্পী দেৱ কুমাৰ বৰা, সম্পাদক জ্যোতি প্ৰসাদ বৰা, প্ৰগতিশীল কৃষক মনোজ চৌধুৰীয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ পৰ্যবেক্ষক অধ্যাপিকা ড০ গায়ত্ৰী গোস্বামী কন্দলি, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাৰ লগতে মৌজাটোৰ  চকলাঘাট, হাতীচোং, চমুৱাগাওঁ, চাউলখোৱা গাঁও, কুৰুৱাবাহী, ব্ৰাহ্মণ গাঁও আদি অঞ্চলৰ পাঁচ শতাধিক কৃষক উপস্থিতি থাকে।

সভাতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তৰফৰ পৰা হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি ভৱনলৈ এটি ডাষ্টবিন প্ৰদান কৰা হয়। ইফালে অনুষ্ঠানটিৰ মাজতে মাংগলিক কাৰ্যসূচীৰে  শিল্পী দেৱ কুমাৰ বৰাই  ফিটা কাটি তথ্য কেন্দ্ৰটি মুকলি কৰে। কেন্দ্ৰটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ভূমি বিজ্ঞান বিভাগ, উদ্যান শস্য বিভাগ, শস্য বিজ্ঞান বিভাগ, উদ্ভিদ ৰোগ বিভাগ, মিলেট খেতি, পতংগ তত্ব বিভাগ, থলুৱা প্ৰযুক্তিগত পদ্ধতি বিভাগ, কৃষি বতৰ বিজ্ঞান বিভাগ, গ্ৰাম্য অৰ্থনীতি আৰু কৃষি সম্প্ৰসাৰণ বিভাগ, কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ, মীন পালন বিভাগ, পশু পালন বিভাগৰ উপৰিও কম কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতিৰ এখনি আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

অনুষ্ঠানটিতে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰকাশিত ‘কৃষিৰ ৰেঙণি’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰ হয়। গীত মাত কথাৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ পৰিচালিকা তথা কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মনে।

The post গীতে-মাতে উজ্বলি উঠিল চকলাঘাত সাহিত্য সমাজ ভৱন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/chakalaghat-sahitya-samaj-building-lit-up-with-songs/feed/ 0 48802
আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ ‘চেলেঞ্জ’ https://purbottar.com/jatin-boras-upcoming-movie-challenge/ https://purbottar.com/jatin-boras-upcoming-movie-challenge/#respond Mon, 19 Feb 2024 08:19:03 +0000 https://purbottar.com/?p=48798 অসমৰ মনোৰঞ্জন উদ্যোগত সক্ৰিয়ভাৱে কাম কৰিবলৈ দৃঢ় পৰিকল্পনাৰে মুম্বাই চিনে মেল’ডিয়ে এম মাচমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত ‘চেলেঞ্জ’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত স্থানীয় ভাষাৰ চলচ্চিত্ৰই লাভ কৰা সফলতাৰ প্ৰতি দৃষ্টি ৰাখি চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় মঞ্চত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চলচ্চিত্ৰখন মূলত: অসমীয়া ভাষাত নিৰ্মিত হ’ব […]

The post আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ ‘চেলেঞ্জ’ appeared first on Purbottar Asomiya.

]]>
অসমৰ মনোৰঞ্জন উদ্যোগত সক্ৰিয়ভাৱে কাম কৰিবলৈ দৃঢ় পৰিকল্পনাৰে মুম্বাই চিনে মেল’ডিয়ে এম মাচমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত ‘চেলেঞ্জ’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত স্থানীয় ভাষাৰ চলচ্চিত্ৰই লাভ কৰা সফলতাৰ প্ৰতি দৃষ্টি ৰাখি চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় মঞ্চত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চলচ্চিত্ৰখন মূলত: অসমীয়া ভাষাত নিৰ্মিত হ’ব যদিও পাছৰ পৰ্য্যায়ত ইয়াক হিন্দী আৰু বাংলা ভাষালৈয়ো ভাষান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ চুপাৰষ্টাৰ যতীন বৰাই আৰু তেওঁ এগৰাকী বলীউড অভিনেত্ৰীৰ সৈতে যুটি বান্ধিব। অভিনেত্ৰীগৰাকীৰ সবিশেষ অতি সোনকালে ঘোষণা কৰা হ’ব। এই ছবিখনত অসম আৰু বংগৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছে। এন জে আৰু এদল যুৱ পৰিচালকৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া ‘চেলেঞ্জ’ ৰ কাহিনী – চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্য্যৰ।

সংগীত তথা আৱহ সংগীত অজয় ফুকনৰ। ছবিখনৰ বাবে পৰিকল্পিত পাঁচটা সুমধুৰ গীতত অসমৰ লগতে বলিউডৰ বহু নামজ্বলা কন্ঠশিল্পীয়ে কণ্ঠদান কৰিব বুলি প্ৰকাশ কৰা হৈছে। ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে গ’গ’ই আৰু একশ্বনৰ দায়িত্ব গ্ৰহণ কৰিছে ৰাজেশ কান্নানে (দক্ষিণাত্যৰ)। অসমৰ উপৰিও দিল্লী , লক্ষ্ণৌ আৰু হায়দৰাবাদস্থিত ৰাম’জী ষ্টুডিঅ’ত চিত্ৰগ্ৰহণ হ’ব লগীয়া ছবিখনৰ সহ:প্ৰযোজনাৰ দায়িত্বত আছে চৈয়দ হাফিজুল ইছলাম। মে’ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে।

The post আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ ‘চেলেঞ্জ’ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/jatin-boras-upcoming-movie-challenge/feed/ 0 48798
ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ত বিগবীৰ প্ৰৱেশ, দশৰথৰ চৰিত্ৰত কৰিব অভিনয় ? https://purbottar.com/ranbir-kapoors-ramayan-stars-bigg-b/ https://purbottar.com/ranbir-kapoors-ramayan-stars-bigg-b/#respond Tue, 13 Feb 2024 09:27:37 +0000 https://purbottar.com/?p=48646 বৰ্তমান নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিৰ কাষ্টিং পূৰ্ণগতিত চলি আছে। ছবিখনত বিভিন্ন চৰিত্ৰৰ বাবে নিৰ্বাচিত হৈছে জনপ্ৰিয় অভিনেতা। ছবিখনত ৰণবীৰ কাপুৰে ভগৱান শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে অভিনেত্ৰী ছাই পল্লৱীয়ে সীতাৰ চৰিত্ৰত অভিনয় কৰিব। এতিয়া মেগাষ্টাৰ অমিতাভ বচ্চনেও ‘ৰামায়ণ’ ছবিখনত প্ৰৱেশ কৰিছে আৰু তেওঁ দশৰথৰ চৰিত্ৰত অভিনয় কৰিব। ইয়াৰ পূৰ্বেও অমিতাভক ‘দ্য লিজেণ্ড অৱ ৰামা’ ছবিখনৰ […]

The post ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ত বিগবীৰ প্ৰৱেশ, দশৰথৰ চৰিত্ৰত কৰিব অভিনয় ? appeared first on Purbottar Asomiya.

]]>
বৰ্তমান নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিৰ কাষ্টিং পূৰ্ণগতিত চলি আছে। ছবিখনত বিভিন্ন চৰিত্ৰৰ বাবে নিৰ্বাচিত হৈছে জনপ্ৰিয় অভিনেতা। ছবিখনত ৰণবীৰ কাপুৰে ভগৱান শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে অভিনেত্ৰী ছাই পল্লৱীয়ে সীতাৰ চৰিত্ৰত অভিনয় কৰিব। এতিয়া মেগাষ্টাৰ অমিতাভ বচ্চনেও ‘ৰামায়ণ’ ছবিখনত প্ৰৱেশ কৰিছে আৰু তেওঁ দশৰথৰ চৰিত্ৰত অভিনয় কৰিব।

ইয়াৰ পূৰ্বেও অমিতাভক ‘দ্য লিজেণ্ড অৱ ৰামা’ ছবিখনৰ বাবে দশৰথৰ চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল। ‘ৰামায়ণ’ ছবিখনৰ কাষ্টিঙৰ কথা ক’বলৈ গ’লে ছানী দেওলক ছবিখনত ভগৱান হনুমানৰ চৰিত্ৰত দেখা যাব। ৰাৱণৰ চৰিত্ৰত দেখা যাব কেজিএফৰ তাৰকা যশক।

কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় কৰিব ববি দেউলে। কাইকেয়ীৰ চৰিত্ৰত লাৰা দত্তই আৰু বিভিষণৰ চৰিত্ৰত অভিনয় কৰিব বিজয় সেঠুপথীয়ে। নিতেশ তিৱাৰীয়ে পৰিচালনা কৰিব ‘ৰামায়ণ’ ছবিখন ২০২৫ চনত মুক্তি পোৱাৰ সম্ভাৱনা আছে।

The post ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ত বিগবীৰ প্ৰৱেশ, দশৰথৰ চৰিত্ৰত কৰিব অভিনয় ? appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/ranbir-kapoors-ramayan-stars-bigg-b/feed/ 0 48646
শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ আহি আছে যতীন বৰা অভিনীত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি ‘অগ্নিবাণ’ https://purbottar.com/after-the-unprecedented-success-of-sri-raghupati-maniratna-entertainments-new-film-agniban-starring-jatin-bora-is-coming/ https://purbottar.com/after-the-unprecedented-success-of-sri-raghupati-maniratna-entertainments-new-film-agniban-starring-jatin-bora-is-coming/#respond Mon, 12 Feb 2024 09:24:07 +0000 https://purbottar.com/?p=48617 ব্লকবাষ্টাৰ অসমীয়া ছবি নিৰ্মাণেৰে কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগত খ্যাতি অৰ্জন কৰা মণিৰত্ন এণ্টাৰটেইনমেণ্টে (শ্ৰী ৰঘুপতিৰ প্ৰযোজক) এইবাৰ আন এখন ব্যতিক্ৰমী ছবিৰে দৰ্শকৰ মাজত প্ৰৱেশৰ প্ৰস্তুতি চলাইছে। যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াৰ পৰিচালনাৰে আৰু যতীন বৰাৰ দৰে তাৰকা অভিনেতাৰ অভিনয়ৰে সমৃদ্ধ মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ আহিবলগীয়া ছবিখনৰ নাম হৈছে ‘অগ্নিবাণ’। ছবিখনৰ কাহিনীৰ আধাৰ হৈছে উত্তৰ-পূব ভাৰতত বিভীষিকা নমাই […]

The post শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ আহি আছে যতীন বৰা অভিনীত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি ‘অগ্নিবাণ’ appeared first on Purbottar Asomiya.

]]>
ব্লকবাষ্টাৰ অসমীয়া ছবি নিৰ্মাণেৰে কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগত খ্যাতি অৰ্জন কৰা মণিৰত্ন এণ্টাৰটেইনমেণ্টে (শ্ৰী ৰঘুপতিৰ প্ৰযোজক) এইবাৰ আন এখন ব্যতিক্ৰমী ছবিৰে দৰ্শকৰ মাজত প্ৰৱেশৰ প্ৰস্তুতি চলাইছে। যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াৰ পৰিচালনাৰে আৰু যতীন বৰাৰ দৰে তাৰকা অভিনেতাৰ অভিনয়ৰে সমৃদ্ধ মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ আহিবলগীয়া ছবিখনৰ নাম হৈছে ‘অগ্নিবাণ’। ছবিখনৰ কাহিনীৰ আধাৰ হৈছে উত্তৰ-পূব ভাৰতত বিভীষিকা নমাই অনা মাদক সন্ত্ৰাস।

ব্যয়বহুল এই অসমীয়া ছবিখনত যতীন বৰাৰ উপৰিও কমল লোচন, হিমাংশু প্ৰসাদ দাস, প্ৰীতি কংগনা, কংকনা চক্ৰৱৰ্তী (কলকাতা)ৰ দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। ইয়াৰোপৰি এই ছবিখনত দেখা পোৱা যাব উত্তৰ-পূবৰ আন বহু কেইগৰাকী নবীন-প্ৰবীণ কলা-কুশলীকো। উত্তৰ-পূব ভাৰতক বিধ্বস্ত কৰি পেলোৱা মাদক সন্ত্ৰাসৰ অন্ধকাৰ দিশটোক এই ছবিখনৰ জৰিয়তে তুলি ধৰা হৈছে।

‘অগ্নিবাণ’ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেতা যতীন বৰাই কয়, ‘অগ্নিবাণৰ দৰে এক গুৰুত্বপূৰ্ণ আৰু ব্যয়বহুল প্ৰকল্পৰ অংশ হ’বলৈ পাই মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। এই ছবিখনৰ কাহিনী আৰু আমাৰ উপস্থাপনশৈলী ছবিপ্ৰেমী দৰ্শকে ভাল পাব বুলি মই নিশ্চিত। আমি শীঘ্ৰে এই ছবিখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি ছবিপ্ৰেমীসকলক এখন ব্লকবাষ্টাৰ ছবি উপহাৰ দিম।’

উল্লেখ্য যে, ৰবি শৰ্মা অভিনীত ‘শ্ৰী ৰঘুপতি’ৰ দৰে বাণিজ্যিকভাৱে সফল ছবিৰে অসমীয়া বোলছবি জগতত এক নতুন যুগৰ সূচনা কৰা প্ৰযোজক শৈলেন শৰ্মাই তেওঁৰ এই নতুন ছবিখনতো নিজৰ সৰ্বস্ব উজাৰি দিছে। ‘অগ্নিবাণ’ ছবিখনে যাতে অসমীয়া চিনেমাত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব পাৰে, তাৰ বাবে সৰ্বোতপ্ৰকাৰে প্ৰচেষ্টা চলাইছে প্ৰযোজক শৰ্মাই।

ইফালে ছবিখন পৰিচালনা কৰা যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াই কয়, ”অগ্নিবাণ’ কেৱল এখন ছবিয়েই নহয়, এয়া আমাৰ সমাজৰ এক আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলনো। ছবিখনত উপস্থাপন কৰা কাহিনীৰ জৰিয়তে আমি মাদক সন্ত্ৰাসৰ ভয়াবহতা আৰু আমাৰ সমাজত ইয়াৰ বিধ্বংসী প্ৰভাৱক দৰ্শকৰ সন্মুখলৈ উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ।’’

উত্তৰ-পূবৰ পটভূমিত নিৰ্মাণ কৰা ‘অগ্নিবাণ’ৰ জৰিয়তে প্ৰেম, থ্ৰিলাৰ, ছাচপেন্স, ড্ৰামা আৰু একশ্যনৰ প্ৰহেলিকাময় যাত্ৰা উপভোগ কৰিবলৈ সক্ষম হ’ব ছবিপ্ৰেমী দৰ্শকে। এই নতুন অসমীয়া চলচ্চিত্ৰখন দৰ্শকৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা হ’ব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ প্ৰযোজক-পৰিচালক আৰু কলা-কুশলীসকলে।

The post শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ আহি আছে যতীন বৰা অভিনীত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি ‘অগ্নিবাণ’ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/after-the-unprecedented-success-of-sri-raghupati-maniratna-entertainments-new-film-agniban-starring-jatin-bora-is-coming/feed/ 0 48617
12TH FAIL লৈ শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটা https://purbottar.com/12th-fail-best-picture-at-filmfare-awards/ https://purbottar.com/12th-fail-best-picture-at-filmfare-awards/#respond Mon, 29 Jan 2024 11:13:21 +0000 https://purbottar.com/?p=47985 গুজৰাটৰ গান্ধীনগৰত দেওবাৰে ৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটা অনুষ্ঠিত হয়। এইবাৰ অনুষ্ঠানটো কৰণ জোহৰ আৰু মনীষ পলৰ দ্বাৰা পৰিচালনা কৰা হয়। বৰুণ ধাৱান, জাহ্নৱী কাপুৰ আৰু কৰীণা কাপুৰ খানৰ দৰে বহুতো চেলিব্ৰেটীয়ে তেওঁলোকৰ প্ৰদৰ্শনত সকলোকে প্ৰভাৱিত কৰিছিল। ৬৯ সংখ্যক ফিল্মফেয়াত ৰণবীৰ-আলিয়াই শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা লাভ কৰে। এই তালিকাৰ প্ৰথম নাম উচ্চাৰণ হয় ৰণবীৰ কাপুৰৰ নাম। ৰণবীৰে […]

The post 12TH FAIL লৈ শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটা appeared first on Purbottar Asomiya.

]]>
গুজৰাটৰ গান্ধীনগৰত দেওবাৰে ৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটা অনুষ্ঠিত হয়। এইবাৰ অনুষ্ঠানটো কৰণ জোহৰ আৰু মনীষ পলৰ দ্বাৰা পৰিচালনা কৰা হয়। বৰুণ ধাৱান, জাহ্নৱী কাপুৰ আৰু কৰীণা কাপুৰ খানৰ দৰে বহুতো চেলিব্ৰেটীয়ে তেওঁলোকৰ প্ৰদৰ্শনত সকলোকে প্ৰভাৱিত কৰিছিল। ৬৯ সংখ্যক ফিল্মফেয়াত ৰণবীৰ-আলিয়াই শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা লাভ কৰে।

এই তালিকাৰ প্ৰথম নাম উচ্চাৰণ হয় ৰণবীৰ কাপুৰৰ নাম। ৰণবীৰে এনিমেলত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। একে সময়তে, আলিয়া ভাটে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

আনহাতে, শ্বাহৰুখ খানে চুপাৰহিট ছবি ‘ডাঙ্কিত’ বিকি কৌশলৰ চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ সহঅভিনেতাৰ (পুৰুষ) বঁটা লাভ কৰে। এইবাৰ 12TH FAIL এ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে। একে সময়তে, বিধু বিনোদ চোপ্ৰাক ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰদান কৰা হয়। এনিমেলে শ্ৰেষ্ঠ সংগীত এলবাম আৰু শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা জিকিছে।

The post 12TH FAIL লৈ শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/12th-fail-best-picture-at-filmfare-awards/feed/ 0 47985
বিবাহ বিচ্ছেদ কৰিব নেকি ছানিয়া মিৰ্জাই? ছ’চিয়েল মিডিয়াৰ পোষ্টক লৈ পুনৰ চৰ্চা… https://purbottar.com/%e0%a6%ac%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%b9-%e0%a6%ac%e0%a6%bf%e0%a6%9a%e0%a7%8d%e0%a6%9b%e0%a7%87%e0%a6%a6-%e0%a6%95%e0%a7%b0%e0%a6%bf%e0%a6%ac-%e0%a6%a8%e0%a7%87%e0%a6%95%e0%a6%bf-%e0%a6%9b/ https://purbottar.com/%e0%a6%ac%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%b9-%e0%a6%ac%e0%a6%bf%e0%a6%9a%e0%a7%8d%e0%a6%9b%e0%a7%87%e0%a6%a6-%e0%a6%95%e0%a7%b0%e0%a6%bf%e0%a6%ac-%e0%a6%a8%e0%a7%87%e0%a6%95%e0%a6%bf-%e0%a6%9b/#respond Thu, 18 Jan 2024 10:44:37 +0000 https://purbottar.com/?p=47573 পাকিস্তানী ক্ৰিকেটাৰ স্বামী শ্বোয়েইব মালিকৰ পৰা পৃথক হ’ব নেকি ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা? ২০২২ চনৰ পৰাই চৰ্চিত হৈ অহা তাৰকা দম্পতীহালৰ বিবাহ বিচ্ছেদৰ উৰা বাতৰিত এইবাৰ পুনৰ ইন্ধন যোগাইছে ছানিয়া মিৰ্জাৰ আন এক ছ’চিয়েল মিডিয়া পোষ্টে। পূৰ্বেও সামাজিক মাধ্যমত বিবাহ বিচ্ছেদ সম্পৰ্কীয় বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকক বিবাহ বিচ্ছেদৰ খবৰক ৰহস্যঘন কৰি তোলা ছানিয়াৰ […]

The post বিবাহ বিচ্ছেদ কৰিব নেকি ছানিয়া মিৰ্জাই? ছ’চিয়েল মিডিয়াৰ পোষ্টক লৈ পুনৰ চৰ্চা… appeared first on Purbottar Asomiya.

]]>
পাকিস্তানী ক্ৰিকেটাৰ স্বামী শ্বোয়েইব মালিকৰ পৰা পৃথক হ’ব নেকি ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা? ২০২২ চনৰ পৰাই চৰ্চিত হৈ অহা তাৰকা দম্পতীহালৰ বিবাহ বিচ্ছেদৰ উৰা বাতৰিত এইবাৰ পুনৰ ইন্ধন যোগাইছে ছানিয়া মিৰ্জাৰ আন এক ছ’চিয়েল মিডিয়া পোষ্টে। পূৰ্বেও সামাজিক মাধ্যমত বিবাহ বিচ্ছেদ সম্পৰ্কীয় বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকক বিবাহ বিচ্ছেদৰ খবৰক ৰহস্যঘন কৰি তোলা ছানিয়াৰ আন এক পোষ্টে এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে যথেষ্ট চৰ্চা। বুধবাৰে পুৱা ছানিয়াই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এটা পোষ্ট শ্বেয়াৰ কৰে।

এই পোষ্টটোত লিখা আছে- “বিবাহ কঠিন। বিবাহ বিচ্ছেদ কঠিন। আপোনাৰ কঠিনতম বাছি লওক। মেদবহুলতা কঠিন। ফিট হৈ থকাটো কঠিন। আপোনাৰ কঠিনতম বাছি লওক। ঋণগ্ৰস্ত হোৱাটো কঠিন। আৰ্থিকভাৱে অনুশাসিত হৈ থকাটো কঠিন। আপোনাৰ কঠিনতম বাছি লওক। যোগাযোগ কঠিন। যোগাযোগ নকৰাটো কঠিন। আপোনাৰ কঠিনতম বাছি লওক। জীৱনটো কেতিয়াও সহজ নহ’ব। সদায় কঠিন হৈ থাকিব। কিন্তু আমি আমাৰ কঠোৰ পৰিশ্ৰম বাছি ল’ব পাৰো। বুদ্ধিমত্তাৰে বাছি লওক।”

ছানিয়া মিৰ্জাৰ এই পোষ্টৰ পিছতে তেওঁলোকৰ বিবাহ বিচ্ছেদক লৈ পুনৰ নেটিজেনৰ মাজত আৰম্ভ হৈছে চৰ্চা। এনে এক পোষ্টৰ জৰিয়তে ছানিয়াই নিজৰ বিবাহ বিচ্ছেদৰ ইংগিত দিয়া বুলিও বিভিন্নজনে সন্দেহ কৰিছে। ইফালে ছানিয়া আৰু শ্বোয়েইব মালিকৰ বিচ্ছেদৰ অহৰহ উৰাবাতৰি চলি থকাৰ পাছতো শেহতীয়াকৈ সাঁতোৰ প্ৰতিযোগিতাত পুত্ৰ ইজহানৰ সফলতা একেলগে উদযাপন কৰা দেখা যায় দম্পতীহালক।

উল্লেখ্য যে, ২০১০ চনত পাক ক্ৰিকেটাৰ শ্বোয়েইব মালিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা। ২০২২ চনৰ পৰাই দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰি আহিছে।

The post বিবাহ বিচ্ছেদ কৰিব নেকি ছানিয়া মিৰ্জাই? ছ’চিয়েল মিডিয়াৰ পোষ্টক লৈ পুনৰ চৰ্চা… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ac%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%b9-%e0%a6%ac%e0%a6%bf%e0%a6%9a%e0%a7%8d%e0%a6%9b%e0%a7%87%e0%a6%a6-%e0%a6%95%e0%a7%b0%e0%a6%bf%e0%a6%ac-%e0%a6%a8%e0%a7%87%e0%a6%95%e0%a6%bf-%e0%a6%9b/feed/ 0 47573