পশ্চিমবংগ Archives - Purbottar Asomiya https://purbottar.com/category/পশ্চিমবংগ/ Tue, 27 Feb 2024 11:12:49 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png পশ্চিমবংগ Archives - Purbottar Asomiya https://purbottar.com/category/পশ্চিমবংগ/ 32 32 178360463 পশ্চিম বংগত ৰাম নৱমীৰ হিংসাৰ গোচৰত ১৬ জনক গ্ৰেপ্তাৰ https://purbottar.com/16-people-arrested-in-west-bengal-in-connection-with-ram-navami-violence/ https://purbottar.com/16-people-arrested-in-west-bengal-in-connection-with-ram-navami-violence/#respond Tue, 27 Feb 2024 11:12:11 +0000 https://purbottar.com/?p=49163 ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) যোৱা বছৰ পশ্চিম বংগত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত “সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিকল্পনা আৰু কাৰ্যকৰী” কৰাৰ অভিযোগত ১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। সংস্থাৰ এজন মুখপাত্ৰই কয় যে তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য আৰু তদন্তৰ সময়ত জব্দ কৰা হিংসাৰ ভিডিঅ’ ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটো যোৱা বছৰ ৩০ মাৰ্চত পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ […]

The post পশ্চিম বংগত ৰাম নৱমীৰ হিংসাৰ গোচৰত ১৬ জনক গ্ৰেপ্তাৰ appeared first on Purbottar Asomiya.

]]>
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) যোৱা বছৰ পশ্চিম বংগত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত “সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিকল্পনা আৰু কাৰ্যকৰী” কৰাৰ অভিযোগত ১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

সংস্থাৰ এজন মুখপাত্ৰই কয় যে তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য আৰু তদন্তৰ সময়ত জব্দ কৰা হিংসাৰ ভিডিঅ’ ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটো যোৱা বছৰ ৩০ মাৰ্চত পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত সংঘটিত হৈছিল।

The post পশ্চিম বংগত ৰাম নৱমীৰ হিংসাৰ গোচৰত ১৬ জনক গ্ৰেপ্তাৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/16-people-arrested-in-west-bengal-in-connection-with-ram-navami-violence/feed/ 0 49163
পশ্চিম বংগৰ ৪২ খন লোকসভা আসনতে প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে https://purbottar.com/the-trinamool-congress-will-contest-all-42-lok-sabha-seats-in-west-bengal/ https://purbottar.com/the-trinamool-congress-will-contest-all-42-lok-sabha-seats-in-west-bengal/#respond Sat, 24 Feb 2024 12:10:26 +0000 https://purbottar.com/?p=49047 তৃণমূল কংগ্ৰেছৰ (টিএমচি) জ্যেষ্ঠ নেতা ডেৰেক অ’ব্ৰায়েনে শুকুৰবাৰে কয় যে পশ্চিম বংগৰ সকলো ৪২ খন লোকসভা আসন, অসমৰ কিছু আসন আৰু মেঘালয়ৰ এখন আসনত প্ৰতিদ্বন্দিতা কৰাৰ দলৰ স্থিতিত কোনো পৰিৱৰ্তন কৰা নাই। কংগ্ৰেছে শীঘ্ৰেই তৃণমূল কংগ্ৰেছৰ সৈতে আসন চুক্তি চূড়ান্ত কৰিব বুলি বাতৰি প্ৰকাশ পোৱাৰ মাজতে অ’ব্ৰাইনৰ এই বক্তব্য কৰিছে। কংগ্ৰেছ আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন […]

The post পশ্চিম বংগৰ ৪২ খন লোকসভা আসনতে প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে appeared first on Purbottar Asomiya.

]]>
তৃণমূল কংগ্ৰেছৰ (টিএমচি) জ্যেষ্ঠ নেতা ডেৰেক অ’ব্ৰায়েনে শুকুৰবাৰে কয় যে পশ্চিম বংগৰ সকলো ৪২ খন লোকসভা আসন, অসমৰ কিছু আসন আৰু মেঘালয়ৰ এখন আসনত প্ৰতিদ্বন্দিতা কৰাৰ দলৰ স্থিতিত কোনো পৰিৱৰ্তন কৰা নাই। কংগ্ৰেছে শীঘ্ৰেই তৃণমূল কংগ্ৰেছৰ সৈতে আসন চুক্তি চূড়ান্ত কৰিব বুলি বাতৰি প্ৰকাশ পোৱাৰ মাজতে অ’ব্ৰাইনৰ এই বক্তব্য কৰিছে।

কংগ্ৰেছ আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ বিৰোধী মহাজোট ‘ইণ্ডিয়া’ৰ অংশ। এপ্ৰিল-মে’ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) সৈতে ঐক্যবদ্ধভাৱে মুখামুখি হ’বলৈ দুয়োটা দলে আসন ভাগ-বতৰা আলোচনা পুনৰ আৰম্ভ কৰিছে বুলি কোৱা হৈছিল ।

অৱশ্যে, ৰাজ্যসভাত তৃণমূল কংগ্ৰেছৰ নেতা অ’ব্ৰায়েনে কয়, “কেইসপ্তাহমান আগতে… পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে তৃণমূলে বংগৰ সকলো ৪২ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। আমি মেঘালয়ৰ তুৰা আৰু অসমৰ কিছু লোকসভা আসনৰ কেইখনমান আসনত প্ৰতিদ্বন্দিতা কৰাৰ কথাও চিন্তা কৰি আছো। এই স্থিতিত কোনো পৰিৱৰ্তন হোৱা নাই।”

The post পশ্চিম বংগৰ ৪২ খন লোকসভা আসনতে প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/the-trinamool-congress-will-contest-all-42-lok-sabha-seats-in-west-bengal/feed/ 0 49047
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক পশ্চিম বংগ ভ্ৰমণক লৈ জল্পনা-কল্পনা, পালে নেকি বিশেষ দায়িত্ব? https://purbottar.com/%e0%a6%ae%e0%a7%81%e0%a6%96%e0%a7%8d%e0%a6%af%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%b9%e0%a6%bf%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%b6-13/ https://purbottar.com/%e0%a6%ae%e0%a7%81%e0%a6%96%e0%a7%8d%e0%a6%af%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%b9%e0%a6%bf%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%b6-13/#respond Thu, 18 Jan 2024 10:34:54 +0000 https://purbottar.com/?p=47567 লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগ বিজেপিৰ কাণ্ডাৰীৰ ৰূপত দেখা যাব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গেৰুৱা শিৱিৰৰ কেন্দ্ৰীয় সমিতিৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত পশ্চিমবংগৰ প্ৰাৰ্থী বাছনিৰ ভাৰ অৰ্পণ কৰিব পাৰে শীৰ্ষ নেতৃত্বই। উল্লেখ্য যে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও নেতা, মন্ত্ৰী, বিধায়ক তথা সাংসদে বিজেপিত যোগদান […]

The post মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক পশ্চিম বংগ ভ্ৰমণক লৈ জল্পনা-কল্পনা, পালে নেকি বিশেষ দায়িত্ব? appeared first on Purbottar Asomiya.

]]>
লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগ বিজেপিৰ কাণ্ডাৰীৰ ৰূপত দেখা যাব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গেৰুৱা শিৱিৰৰ কেন্দ্ৰীয় সমিতিৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত পশ্চিমবংগৰ প্ৰাৰ্থী বাছনিৰ ভাৰ অৰ্পণ কৰিব পাৰে শীৰ্ষ নেতৃত্বই।

উল্লেখ্য যে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও নেতা, মন্ত্ৰী, বিধায়ক তথা সাংসদে বিজেপিত যোগদান কৰিছিল। এই যোগদানে গেৰুৱা শিৱিৰক শক্তিশালী কৰিব বুলিও আশা কৰা হৈছিল। আন দলৰ পৰা বেছিভাগ নেতাকেই টিকট প্ৰদান কৰি নিৰ্বাচণী ৰণাঙ্গনত নমাইছিল বিজেপিয়ে। ইয়াৰোপৰি অভিনয় জগতৰ সৈতে জড়িত কেইবাজনকো গেৰুৱা বসন পিন্ধাই প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল। ৰাজ্যখনত বিজেপিৰ এই ‘যোগদান মেলা’ৰ নেতৃত্ব দিছিল মুকুল ৰায়ে। আনহাতে মুকুল ৰায়ৰ সিদ্ধান্ত ছীল-মোহৰ মাৰিছিল ৰাজ্যখনৰ বাবে নিযুক্তি দিয়া কেন্দ্ৰীয় বিজেপিৰ পৰ্যবেক্ষক কৈলাশ বিজয়বৰ্গীয়ই। কিন্তু এতিয়া মুকুল ৰায় বিজেপিৰ বিধায়ক হ’লেও বিজেপিত নাই। একেদৰে কৈলাশ বিজয়বৰ্গীয়ও বৰ্তমান মধ্যপ্ৰদেশৰ মন্ত্ৰী।

এনে পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ৰাজ্যখনত মুকুল-কৈলাশৰ দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ বিজেপিয়ে দলটোৰ সকলো নিখিল ভাৰতীয় সাধাৰণ সম্পাদকক সুকীয়া দায়িত্ব প্ৰদান কৰিছে। কিন্তু খবৰ অনুসৰি কৈলাশ বিজয়বৰ্গীয়ক তেনে কোনো দায়িত্ব এইবাৰ প্ৰদান কৰা হোৱা নাই। তেওঁৰ ঠাইত উপ-সভাপতিৰ পদত অধিষ্ঠিত বৈজয়ন্ত জয় পাণ্ডাক সুকীয়া দায়িত্ব প্ৰদান কৰা হৈছে। ইফালে বংগৰ দায়িত্বত থকা সৰ্বভাৰতীয় সাধাৰণ সম্পাদক সুনীল বংশালক অৰ্পণ কৰা হৈছে বংগৰ লগতে ওড়িশা আৰু তেলেংগানাৰো সাংগঠনিক দায়িত্ব। বিজেপিৰ আটাইতকৈ দক্ষ নেতা হিচাপে পৰিচিত সুনীলে দলটোৰ আটাইতকৈ শক্তিশালী ফ্ৰণ্টৰ অল ইণ্ডিয়া অবজাৰ্ভাৰৰ দায়িত্বও লাভ কৰিছে। সাংগঠনিক ৰদ-বদলৰ মাজতে বিজেপিয়ে বংগত যুৱ মৰ্চাৰ জৰিয়তে নতুন আৰু যুৱ ভোটাৰক গেৰুৱা শিৱিৰলৈ আকৰ্ষিত কৰাৰ পৰিকল্পনাও প্ৰস্তুত কৰিছে।

এই লক্ষ্যৰেই ২৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠিত কৰিব ‘নৱ মতদাতা সন্মিলন’। এনে পৰিস্থিতিত বংগৰ অন্য দলৰ নেতা-মন্ত্ৰীৰ ‘হাইজেক’ৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অন্যহাতে লোকসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় বিজেপিয়ে গঠন কৰা মূল সমিতিখনৰ তুলনামূলকভাৱে সৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ দায়িত্বত আছে সৰ্বভাৰতীয় সাধাৰণ সম্পাদক বিনোদ তাওড়ে। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ আন দলৰ নেতাৰ লগত যোগদান কৰিবলৈ যি সমিতি গঠন কৰা হৈছে, সেই সমিতিখনক মহাৰাষ্ট্ৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীক মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। সেই সমিতিখনত স্থান দিয়া হৈছে বিজেপিত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা হিমন্ত বিশ্ব শৰ্মাকো।

কিন্তু এনে সমিতিৰ দায়িত্বত হিমন্ত আছে নে নাই সেই প্ৰশ্নত মৌনতা অৱলম্বন কৰিছে ৰাজ্যিক বিজেপি নেতাসকলে। প্ৰসংগক্ৰমে যোৱা দেওবাৰে সন্ধিয়া নিজেই কেইঘণ্টামানৰ বাবে কলকাতাত উপস্থিত হৈছিল হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰ, সাধাৰণ সম্পাদক জগন্নাথ চেটাৰ্জী আৰু তৃণমূলৰ পৰা বিজেপিত যোগদান কৰা বিষ্ণুপুৰৰ সাংসদ সৌমিত্ৰ খানে বিমানবন্দৰত আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীক।

বিজেপিৰ সূত্ৰ অনুসৰি দেওবাৰে হিমন্তই ৰাজ্যৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। মঙলবাৰেও হিমন্ত বিশ্ব শৰ্মাই তৃণমূলৰ পৰা বিজেপিত যোগদান কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হোৱা নিশিত অধিকাৰীৰ সৈতে বৈঠকত মিলিত হয়। অৱশ্যে এই বৈঠকৰ কাৰণ কি আছিল সেই সন্দৰ্ভত এতিয়ালৈকে কোনো পক্ষই মুখ খোলা নাই

The post মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক পশ্চিম বংগ ভ্ৰমণক লৈ জল্পনা-কল্পনা, পালে নেকি বিশেষ দায়িত্ব? appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a7%81%e0%a6%96%e0%a7%8d%e0%a6%af%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%b9%e0%a6%bf%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%b6-13/feed/ 0 47567
পশ্চিমবংগৰ শিক্ষক নিযু্ক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ মডেল অৰ্পিতাৰ জামিন আবেদন খাৰিজ https://purbottar.com/%e0%a6%aa%e0%a6%b6%e0%a7%8d%e0%a6%9a%e0%a6%bf%e0%a6%ae%e0%a6%ac%e0%a6%82%e0%a6%97%e0%a7%b0-%e0%a6%b6%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a6%95-%e0%a6%a8%e0%a6%bf%e0%a6%af%e0%a7%81%e0%a7%8d%e0%a6%95/ https://purbottar.com/%e0%a6%aa%e0%a6%b6%e0%a7%8d%e0%a6%9a%e0%a6%bf%e0%a6%ae%e0%a6%ac%e0%a6%82%e0%a6%97%e0%a7%b0-%e0%a6%b6%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a6%95-%e0%a6%a8%e0%a6%bf%e0%a6%af%e0%a7%81%e0%a7%8d%e0%a6%95/#respond Wed, 31 May 2023 10:52:45 +0000 https://purbottar.com/?p=38748 পশ্চিমবংগৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰা অৰ্পিতা মুখাৰ্জীৰ জামিন আবেদন খাজিৰ। বুধবাৰে বিশেষ ইডিৰ আদালতে খাৰিজ কৰে অভিযুক্তৰ জামিন আবেদন। ৯ মাহতকৈ অধিক সময়ৰ অন্তত সোমবাৰে অৰ্পিতাই আদালতত হাজিৰ হয়। তেওঁৰ উপস্থিতিত অধিবক্তাগৰাকীয়ে দাবী কৰে যে নিযুক্তি দুৰ্নীতিৰ গোচৰৰ মাষ্টাৰমাইণ্ড আছিল পাৰ্থ চেটাৰ্জী। আৰু অৰ্পিতা মুখাৰ্জী কেৱল পৰিস্থিতিৰ বলি। তেওঁ একেবাৰে নিৰ্দোষী। এই সন্দৰ্ভত […]

The post পশ্চিমবংগৰ শিক্ষক নিযু্ক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ মডেল অৰ্পিতাৰ জামিন আবেদন খাৰিজ appeared first on Purbottar Asomiya.

]]>
পশ্চিমবংগৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰা অৰ্পিতা মুখাৰ্জীৰ জামিন আবেদন খাজিৰ। বুধবাৰে বিশেষ ইডিৰ আদালতে খাৰিজ কৰে অভিযুক্তৰ জামিন আবেদন।

৯ মাহতকৈ অধিক সময়ৰ অন্তত সোমবাৰে অৰ্পিতাই আদালতত হাজিৰ হয়। তেওঁৰ উপস্থিতিত অধিবক্তাগৰাকীয়ে দাবী কৰে যে নিযুক্তি দুৰ্নীতিৰ গোচৰৰ মাষ্টাৰমাইণ্ড আছিল পাৰ্থ চেটাৰ্জী। আৰু অৰ্পিতা মুখাৰ্জী কেৱল পৰিস্থিতিৰ বলি। তেওঁ একেবাৰে নিৰ্দোষী। এই সন্দৰ্ভত জামিন আৱেদন কৰা হৈছিল। ইডিয়ে আৰম্ভণিৰে পৰা জামিন আবেদনৰ বিৰোধিতা কৰিছিল।

বুধবাৰে আদালতে ইডিৰ সপক্ষে ৰায় দিয়ে। অৰ্পিতাৰ জামিন আবেদন নাকচ কৰা হয়। আদালতে জনোৱা মতে, প্ৰত্যক্ষ বা পৰোক্ষভাৱে – যিকোনো প্ৰকাৰে অৰ্পিতা নিযুক্তিৰ দুৰ্নীতিৰ সৈতে জড়িত। তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ হোৱা নগদ ধন, গহনাবোৰৰ কোনোটোৱেই তেওঁৰ নহয় বুলি দাবী কৰে। কিন্তু হ’ব নোৱাৰে। কাৰণ, অৰ্পিতাই বিলাসী জীৱন যাপন কৰিছিল। গতিকে অৰ্পিতাই কেৱল নাৰী বুলিয়েই ৰেহাই পাব নোৱাৰে। ইয়াৰ পিছত ইডিৰ বিশেষ আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰে। ১৯ জুনত পুনৰ আদালতত হাজিৰ হ’ব তেওঁক।

The post পশ্চিমবংগৰ শিক্ষক নিযু্ক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ মডেল অৰ্পিতাৰ জামিন আবেদন খাৰিজ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%aa%e0%a6%b6%e0%a7%8d%e0%a6%9a%e0%a6%bf%e0%a6%ae%e0%a6%ac%e0%a6%82%e0%a6%97%e0%a7%b0-%e0%a6%b6%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a6%95-%e0%a6%a8%e0%a6%bf%e0%a6%af%e0%a7%81%e0%a7%8d%e0%a6%95/feed/ 0 38748
পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰীক কনভয়ত শিলাক্ৰমণ! TMCৰ বিৰুদ্ধে অভিযোগ… https://purbottar.com/%e0%a6%aa%e0%a6%b6%e0%a7%8d%e0%a6%9a%e0%a6%bf%e0%a6%ae%e0%a6%ac%e0%a6%82%e0%a6%97%e0%a6%a4-%e0%a6%95%e0%a7%87%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%af%e0%a6%bc-%e0%a6%ae%e0%a6%a8/ https://purbottar.com/%e0%a6%aa%e0%a6%b6%e0%a7%8d%e0%a6%9a%e0%a6%bf%e0%a6%ae%e0%a6%ac%e0%a6%82%e0%a6%97%e0%a6%a4-%e0%a6%95%e0%a7%87%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%af%e0%a6%bc-%e0%a6%ae%e0%a6%a8/#respond Sat, 25 Feb 2023 12:35:23 +0000 https://purbottar.com/?p=34370 পশ্চিম বংগৰ কোচবিহাৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিসিথ প্ৰমানিকৰ কনভয়ত টিএমচি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰমানিকৰ কনভয় বুৰিৰহাটৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে টিএমচি আৰু বিজেপি কৰ্মীৰ মাজত ব্যাপক সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষকালত বিজেপি আৰু টিএমচি উভয় কৰ্মীয়ে শিলগুটি নিক্ষেপত লিপ্ত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা আৰু লাঠি চাৰ্জ […]

The post পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰীক কনভয়ত শিলাক্ৰমণ! TMCৰ বিৰুদ্ধে অভিযোগ… appeared first on Purbottar Asomiya.

]]>
পশ্চিম বংগৰ কোচবিহাৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিসিথ প্ৰমানিকৰ কনভয়ত টিএমচি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰমানিকৰ কনভয় বুৰিৰহাটৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে টিএমচি আৰু বিজেপি কৰ্মীৰ মাজত ব্যাপক সংঘৰ্ষৰ সৃষ্টি হয়।

এই সংঘৰ্ষকালত বিজেপি আৰু টিএমচি উভয় কৰ্মীয়ে শিলগুটি নিক্ষেপত লিপ্ত হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা আৰু লাঠি চাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

The post পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰীক কনভয়ত শিলাক্ৰমণ! TMCৰ বিৰুদ্ধে অভিযোগ… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%aa%e0%a6%b6%e0%a7%8d%e0%a6%9a%e0%a6%bf%e0%a6%ae%e0%a6%ac%e0%a6%82%e0%a6%97%e0%a6%a4-%e0%a6%95%e0%a7%87%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%af%e0%a6%bc-%e0%a6%ae%e0%a6%a8/feed/ 0 34370
ৰিম’ট ভোটিঙক লৈ নিৰ্বাচন আয়োগলৈ পত্ৰ TMCৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জীৰ, লিখিছে… https://purbottar.com/%e0%a7%b0%e0%a6%bf%e0%a6%ae%e0%a6%9f-%e0%a6%ad%e0%a7%8b%e0%a6%9f%e0%a6%bf%e0%a6%99%e0%a6%95-%e0%a6%b2%e0%a7%88-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8/ https://purbottar.com/%e0%a7%b0%e0%a6%bf%e0%a6%ae%e0%a6%9f-%e0%a6%ad%e0%a7%8b%e0%a6%9f%e0%a6%bf%e0%a6%99%e0%a6%95-%e0%a6%b2%e0%a7%88-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8/#respond Thu, 19 Jan 2023 12:30:03 +0000 https://purbottar.com/?p=32406 টিএমচিৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জীয়ে ভাৰতীয় নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি কয় যে ‘দূৰৱৰ্তী ভোটদান’ৰ খৰখেদাকৈ লোৱা সিদ্ধান্তই ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। বেনাৰ্জীয়ে তেওঁৰ পত্ৰত উল্লেখ কৰিছে যে দূৰৱৰ্তী ভোটদান- ঘৰুৱা প্ৰব্ৰজনকাৰী কোন সেই বিষয়ে আইনী সতৰ্কবাণীৰ উপৰিও- সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু পবিত্ৰতাৰ ওপৰত প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰে। ‘এই দেশৰ লাখ লাখ ভোটাৰে মুক্ত […]

The post ৰিম’ট ভোটিঙক লৈ নিৰ্বাচন আয়োগলৈ পত্ৰ TMCৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জীৰ, লিখিছে… appeared first on Purbottar Asomiya.

]]>
টিএমচিৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জীয়ে ভাৰতীয় নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি কয় যে ‘দূৰৱৰ্তী ভোটদান’ৰ খৰখেদাকৈ লোৱা সিদ্ধান্তই ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে।

বেনাৰ্জীয়ে তেওঁৰ পত্ৰত উল্লেখ কৰিছে যে দূৰৱৰ্তী ভোটদান- ঘৰুৱা প্ৰব্ৰজনকাৰী কোন সেই বিষয়ে আইনী সতৰ্কবাণীৰ উপৰিও- সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু পবিত্ৰতাৰ ওপৰত প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰে।

‘এই দেশৰ লাখ লাখ ভোটাৰে মুক্ত আৰু ন্যায্যভাৱে নিজৰ মূল্যৱান ভোট পঞ্জীয়ন কৰাৰ যোগ্য। ভোটদান প্ৰক্ৰিয়াৰ ওপৰত আস্থা থাকিলেহে তেওঁলোকে কৰিব পাৰিব। দূৰৱৰ্তী ভোটিঙে সেই আস্থাকে ভাবুকি কঢ়িয়াই আনে, ই যেন জনসাধাৰণৰ পৰিৱৰ্তে এটা নিৰ্দিষ্ট ৰাজনৈতিক দল বা মঞ্চৰ লাভৰ প্ৰতি অধিক মিল থকা পদক্ষেপ।’

বেনাৰ্জীয়ে আৰ্হি আচৰণ বিধি (এমচিচি)ৰ ওপৰত কঠোৰ নিৰীক্ষণৰ পোষকতা কৰে, কিয়নো তেওঁ অনুভৱ কৰে যে একেটাৰ অনুপস্থিতিত কেইবাটাও ৰাজনৈতিক দলে কাৰ্য্যবিধিত হেতালি খেলিব পাৰে।

দূৰৱৰ্তী ভোটদানত ইভিএমৰ হেতালি খেলাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি টিএমচিৰ ৰাষ্ট্ৰীয় সচিবগৰাকীয়ে তেওঁৰ পত্ৰত আৰু কয়, “আমাৰ গণতন্ত্ৰক শক্তিশালী কেইজনমানৰ সংকীৰ্ণ স্বাৰ্থৰ বাবে খেলা কৰিব নোৱাৰি। যদি সঁচাকৈয়ে নিৰ্বাচন আয়োগে ভোটাৰৰ অংশগ্ৰহণ উন্নত কৰিব বিচাৰে তেন্তে আমাৰ জনসাধাৰণৰ মাজত বিশ্বাস জগাই তোলা আৰু তেওঁলোকৰ গৃহ ৰাজ্যত ভোটদানৰ সুবিধা উন্নত কৰা পথ বিচাৰিব লাগিব।’’

The post ৰিম’ট ভোটিঙক লৈ নিৰ্বাচন আয়োগলৈ পত্ৰ TMCৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জীৰ, লিখিছে… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%b0%e0%a6%bf%e0%a6%ae%e0%a6%9f-%e0%a6%ad%e0%a7%8b%e0%a6%9f%e0%a6%bf%e0%a6%99%e0%a6%95-%e0%a6%b2%e0%a7%88-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8/feed/ 0 32406
৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী https://purbottar.com/%e0%a7%ac%e0%a7%ae-%e0%a6%ac%e0%a6%9b%e0%a7%b0%e0%a7%80%e0%a6%af%e0%a6%bc%e0%a6%be-%e0%a6%b9%e0%a6%b2-%e0%a6%aa%e0%a6%b6%e0%a7%8d%e0%a6%9a%e0%a6%bf%e0%a6%ae%e0%a6%ac%e0%a6%82%e0%a6%97/ https://purbottar.com/%e0%a7%ac%e0%a7%ae-%e0%a6%ac%e0%a6%9b%e0%a7%b0%e0%a7%80%e0%a6%af%e0%a6%bc%e0%a6%be-%e0%a6%b9%e0%a6%b2-%e0%a6%aa%e0%a6%b6%e0%a7%8d%e0%a6%9a%e0%a6%bf%e0%a6%ae%e0%a6%ac%e0%a6%82%e0%a6%97/#respond Thu, 05 Jan 2023 08:16:25 +0000 https://purbottar.com/?p=31853 ৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ১৯৫৫ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৫ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল মমতা বেনাৰ্জীয়ে। বংগৰ বাঘ হিচাপে পৰিচিত মুখ্যমন্ত্ৰীৰ জন্মদিনক লৈ আনন্দৰ জোৱাৰ তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজত। অতি ধুমধামেৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত তৃণমূলৰ নেতা-কৰ্মীয়ে উদযাপন কৰিছে মমতা বেনাৰ্জীৰ জন্মদিন। কেক কাটি উদযাপন কৰা হৈছে জন্মদিন।

The post ৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী appeared first on Purbottar Asomiya.

]]>
৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

১৯৫৫ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৫ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল মমতা বেনাৰ্জীয়ে।

বংগৰ বাঘ হিচাপে পৰিচিত মুখ্যমন্ত্ৰীৰ জন্মদিনক লৈ আনন্দৰ জোৱাৰ তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজত।

অতি ধুমধামেৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত তৃণমূলৰ নেতা-কৰ্মীয়ে উদযাপন কৰিছে মমতা বেনাৰ্জীৰ জন্মদিন।

কেক কাটি উদযাপন কৰা হৈছে জন্মদিন।

The post ৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%ac%e0%a7%ae-%e0%a6%ac%e0%a6%9b%e0%a7%b0%e0%a7%80%e0%a6%af%e0%a6%bc%e0%a6%be-%e0%a6%b9%e0%a6%b2-%e0%a6%aa%e0%a6%b6%e0%a7%8d%e0%a6%9a%e0%a6%bf%e0%a6%ae%e0%a6%ac%e0%a6%82%e0%a6%97/feed/ 0 31853
হাওৰাত এম্বুলেন্সৰ খুন্দাত মৃ্ত্যু মাতৃ-কন্যাৰ! ক্ষুব্ধ ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্স https://purbottar.com/%e0%a6%b9%e0%a6%be%e0%a6%93%e0%a7%b0%e0%a6%be%e0%a6%a4-%e0%a6%8f%e0%a6%ae%e0%a7%8d%e0%a6%ac%e0%a7%81%e0%a6%b2%e0%a7%87%e0%a6%a8%e0%a7%8d%e0%a6%b8%e0%a7%b0-%e0%a6%96%e0%a7%81%e0%a6%a8%e0%a7%8d%e0%a6%a6/ https://purbottar.com/%e0%a6%b9%e0%a6%be%e0%a6%93%e0%a7%b0%e0%a6%be%e0%a6%a4-%e0%a6%8f%e0%a6%ae%e0%a7%8d%e0%a6%ac%e0%a7%81%e0%a6%b2%e0%a7%87%e0%a6%a8%e0%a7%8d%e0%a6%b8%e0%a7%b0-%e0%a6%96%e0%a7%81%e0%a6%a8%e0%a7%8d%e0%a6%a6/#respond Sat, 15 Oct 2022 11:57:13 +0000 https://purbottar.com/?p=28218 স্কুললৈ যাবলৈ পথৰ দাঁতিত বাছৰ বাবে ৰৈ থকা সময়তে নিয়ন্ত্ৰণহীন এম্বুলেন্সৰ খুন্দাত মৃত্যু এহাল মাতৃ-কন্যাৰ। এই শোকাবহ ঘটনা সংঘটিত হয় পশ্চিমবংগৰ হাওৰা জিলাত। শনিবাৰে পুৱা সংঘটিত এই ঘটনাৰ পিছতে ক্ষুব্ধ ৰাইজে ৰাজপথৰ ওপৰতে দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখনত অগ্নি সংযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে, শনিবাৰে পুৱা স্কুললৈ যাবলৈ কন্যা টুছু পৰল (১০)ৰ সৈতে […]

The post হাওৰাত এম্বুলেন্সৰ খুন্দাত মৃ্ত্যু মাতৃ-কন্যাৰ! ক্ষুব্ধ ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্স appeared first on Purbottar Asomiya.

]]>
স্কুললৈ যাবলৈ পথৰ দাঁতিত বাছৰ বাবে ৰৈ থকা সময়তে নিয়ন্ত্ৰণহীন এম্বুলেন্সৰ খুন্দাত মৃত্যু এহাল মাতৃ-কন্যাৰ।

এই শোকাবহ ঘটনা সংঘটিত হয় পশ্চিমবংগৰ হাওৰা জিলাত।

শনিবাৰে পুৱা সংঘটিত এই ঘটনাৰ পিছতে ক্ষুব্ধ ৰাইজে ৰাজপথৰ ওপৰতে দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখনত অগ্নি সংযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে, শনিবাৰে পুৱা স্কুললৈ যাবলৈ কন্যা টুছু পৰল (১০)ৰ সৈতে পথৰ দাঁতিত বাছৰ বাবে অপেক্ষা কৰি আছিল মাতৃ অপৰ্ণা পৰল (৪০)য়ে।

স্কুলত থকা বৃত্তি পৰীক্ষাৰ বাবে শনিবাৰে কিছু সোনকালেই ঘৰৰ পৰা ওলাই আহিছিল মাতৃ-কন্যা।

দুয়োজনে ৰাস্তাৰ কাষত বাছৰ বাবে অপেক্ষা কৰি থকা সময়তে নিয়ন্ত্ৰণহীন এখন এম্বুলেন্সে মাতৃ-কন্যাক মহতিয়াই নিয়ে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োজনক স্থানীয় লোকে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে মাতৃ-কন্যাৰ মৃত্যুৰ পিছতে ক্ষুব্ধ ৰাইজে এম্বুলেন্সখন ৰাজপথৰ ওপৰতে জ্বলাই দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দলো মোতায়েন কৰিবলগা হয়।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আৰক্ষী-প্ৰশাসনৰ ভুলৰ বাবেই মাতৃ-কন্যাৰ এই কৰুণ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

The post হাওৰাত এম্বুলেন্সৰ খুন্দাত মৃ্ত্যু মাতৃ-কন্যাৰ! ক্ষুব্ধ ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্স appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%b9%e0%a6%be%e0%a6%93%e0%a7%b0%e0%a6%be%e0%a6%a4-%e0%a6%8f%e0%a6%ae%e0%a7%8d%e0%a6%ac%e0%a7%81%e0%a6%b2%e0%a7%87%e0%a6%a8%e0%a7%8d%e0%a6%b8%e0%a7%b0-%e0%a6%96%e0%a7%81%e0%a6%a8%e0%a7%8d%e0%a6%a6/feed/ 0 28218
গঠন হ’ব পৃথক কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য, অমিত শ্বাহৰ অতি ঘনিষ্ঠ অনন্তৰায় মহাৰাজৰ দাবীক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ https://purbottar.com/%e0%a6%97%e0%a6%a0%e0%a6%a8-%e0%a6%b9%e0%a6%ac-%e0%a6%aa%e0%a7%83%e0%a6%a5%e0%a6%95-%e0%a6%95%e0%a7%8b%e0%a6%9a%e0%a6%ac%e0%a6%bf%e0%a6%b9%e0%a6%be%e0%a7%b0-%e0%a6%95%e0%a7%87%e0%a6%a8/ https://purbottar.com/%e0%a6%97%e0%a6%a0%e0%a6%a8-%e0%a6%b9%e0%a6%ac-%e0%a6%aa%e0%a7%83%e0%a6%a5%e0%a6%95-%e0%a6%95%e0%a7%8b%e0%a6%9a%e0%a6%ac%e0%a6%bf%e0%a6%b9%e0%a6%be%e0%a7%b0-%e0%a6%95%e0%a7%87%e0%a6%a8/#respond Thu, 25 Aug 2022 09:32:19 +0000 https://purbottar.com/?p=25863 অসম আৰু পশ্চিমবংগৰ মাজত গঠন হ’ব এখন পৃথক নতুন ৰাজ্য! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কোচ নেতা অনন্তৰায় মহাৰাজৰ এই দাবীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। এক সংবাদমেল যোগে কোচ নেতাগৰাকীয়ে দাবী কৰা মতে, অসমৰ ৬ খন আৰু পশ্চিমবংগৰ ৭ খন জিলাৰে গঠন হ’ব কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই […]

The post গঠন হ’ব পৃথক কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য, অমিত শ্বাহৰ অতি ঘনিষ্ঠ অনন্তৰায় মহাৰাজৰ দাবীক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ appeared first on Purbottar Asomiya.

]]>
অসম আৰু পশ্চিমবংগৰ মাজত গঠন হ’ব এখন পৃথক নতুন ৰাজ্য! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কোচ নেতা অনন্তৰায় মহাৰাজৰ এই দাবীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। এক সংবাদমেল যোগে কোচ নেতাগৰাকীয়ে দাবী কৰা মতে, অসমৰ ৬ খন আৰু পশ্চিমবংগৰ ৭ খন জিলাৰে গঠন হ’ব কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই কেন্দ্ৰীয় শাসিত ৰাজ্যখন গঠনৰ বাবে যাৱতী প্ৰস্তুতি চলাইছে বুলিও দাবী কৰে অনন্তৰায় মহাৰাজে। তেওঁ লগতে প্ৰকাশ কৰা মতে, শীঘ্ৰেই অংশীদাৰ সকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰহে বাকী।

পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বাবে আন্দোলন কৰি অহা অন্যতম কোচ নেতা অনন্তৰায় মহাৰাজৰ দাবী অনুসৰি, আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰিবলগীয়া কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যৰ অন্তৰ্ভূক্ত হ’ব অসমৰ ধুবুৰী, কোকঝাৰা, বঙাইগাঁও, চিৰাং, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা কেইখন। তদুপৰি পশ্চিম বংগৰ মালদাহ, উত্তৰ দিনাশপুৰ, দক্ষিণ দিনাশপুৰ, দার্জিলিং, জলপাইগুৰি, আলিপুৰ, কোচবিহাৰ জিলাৰ অন্তৰ্ভূক্তিৰে মুঠ ১৩ খন জিলাৰে গঠন হ’ব এই পৃথক ৰাজ্য।

অসম আৰু পশ্চিমবংগৰ মাজত সংযোজন ঘটিবলগীয়া এই নতুন কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ গঠনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই সন্মতি জনোৱা বুলি দাবী কৰে অনন্তৰায় মহাৰাজে। এই সন্দৰ্ভত এতিয়ালৈকে অসম চৰকাৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কথা পতা নাই যদিও শীঘ্ৰে আলোচনা সম্পন্ন হ’ব বুলিও দাবী কৰে অমিত শ্বাহৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কোচ নেতাগৰাকীয়ে।

উল্লেখ্য যে, ১৯৯৮ চনৰ পৰাই বিভিন্ন দল-সংগঠনে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী জনাই আহিছে। ইয়াৰ বাবে জন্ম হৈছে কেএলঅ’ৰ দৰে সশস্ত্ৰ সংগঠনৰো। অৱশ্যে শেহতীয়াকৈ কেএলঅ’ৱে শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে।

তেনে পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় চৰকাৰে এই পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ বাবে আগবাঢ়িছে নেকি, তাক লৈও এতিয়া চৰ্চা হৈছে।

Input- News8NE

The post গঠন হ’ব পৃথক কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য, অমিত শ্বাহৰ অতি ঘনিষ্ঠ অনন্তৰায় মহাৰাজৰ দাবীক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%97%e0%a6%a0%e0%a6%a8-%e0%a6%b9%e0%a6%ac-%e0%a6%aa%e0%a7%83%e0%a6%a5%e0%a6%95-%e0%a6%95%e0%a7%8b%e0%a6%9a%e0%a6%ac%e0%a6%bf%e0%a6%b9%e0%a6%be%e0%a7%b0-%e0%a6%95%e0%a7%87%e0%a6%a8/feed/ 0 25863
তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ সাংসদ পৱন বাৰ্মাৰ… https://purbottar.com/%e0%a6%a4%e0%a7%83%e0%a6%a3%e0%a6%ae%e0%a7%82%e0%a6%b2-%e0%a6%95%e0%a6%82%e0%a6%97%e0%a7%8d%e0%a7%b0%e0%a7%87%e0%a6%9b%e0%a7%b0-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%aa%e0%a6%a6%e0%a6%a4%e0%a7%8d/ https://purbottar.com/%e0%a6%a4%e0%a7%83%e0%a6%a3%e0%a6%ae%e0%a7%82%e0%a6%b2-%e0%a6%95%e0%a6%82%e0%a6%97%e0%a7%8d%e0%a7%b0%e0%a7%87%e0%a6%9b%e0%a7%b0-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%aa%e0%a6%a6%e0%a6%a4%e0%a7%8d/#respond Fri, 12 Aug 2022 08:30:58 +0000 https://purbottar.com/?p=25234 তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে পৱন বৰ্মাই। আজি টুইটযোগে জেডিইউৰ প্ৰাক্তন সাংসদগৰাকীয়ে দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। টুইটত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক টেগ কৰি তেওঁ লিখিছে, “প্ৰিয় মমতাজী, তৃণমূল কংগ্ৰেছৰ পৰা মোৰ পদত্যাগ গ্ৰহণ কৰক। দলত মোক আদৰণি জনোৱাৰ বাবে আৰু মৰম আৰু সৌজন্যতা দেখুওৱাৰ বাবে বহুত বহুত ধন্যবাদ। যোগাযোগ কৰি থাকিব। শুভকামনা জনাইছো।” […]

The post তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ সাংসদ পৱন বাৰ্মাৰ… appeared first on Purbottar Asomiya.

]]>
তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে পৱন বৰ্মাই। আজি টুইটযোগে জেডিইউৰ প্ৰাক্তন সাংসদগৰাকীয়ে দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। টুইটত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক টেগ কৰি তেওঁ লিখিছে, “প্ৰিয় মমতাজী, তৃণমূল কংগ্ৰেছৰ পৰা মোৰ পদত্যাগ গ্ৰহণ কৰক। দলত মোক আদৰণি জনোৱাৰ বাবে আৰু মৰম আৰু সৌজন্যতা দেখুওৱাৰ বাবে বহুত বহুত ধন্যবাদ। যোগাযোগ কৰি থাকিব। শুভকামনা জনাইছো।”

মন কৰিব যে এইগৰাকী প্ৰাক্তন জেডিইউ সাংসদ ২০২১ চনৰ নৱেম্বৰ মাহত তৃণমূলত যোগদান কৰিছিল। দিল্লীৰ তৃণমূল শিবিৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হাতত ধৰি ৰাজনীতি আৰম্ভ কৰিছিল। প্ৰসংগক্ৰমে বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত হঠাতে নতুন ৰূপ ধাৰণ কৰিছে। জেডিইউ আৰু আৰজেডি আকৌ এবাৰ মিত্ৰতাৰ অধীনলৈ আহিছে, ৰাজনৈতিক বিশেষজ্ঞসকলে অনুভৱ কৰিছে যে জেডিইউৰ প্ৰাক্তন সাংসদগৰাকীৰ তৃণমূল পৰ্যায়ৰ পৰা আঁতৰি যোৱাটো তাৎপৰ্যপূৰ্ণ।

লক্ষ্য ২০২৪ লোকসভা নিৰ্বাচন। কেন্দ্ৰৰ পৰা বিজেপি চৰকাৰক উৎখাত কৰাৰ লক্ষ্যৰে অন্য ৰাজ্যত সংগঠনটোক শক্তিশালী কৰাৰ দিশতো মমতাৰ দলে চোৱা-চিতা কৰিছে। ২০২১ চনৰ নৱেম্বৰ মাহত দিল্লী ভ্ৰমণৰ সময়ত জেডিইউৰ এইগৰাকী প্ৰাক্তন নেতাই মমতা বেনাৰ্জীৰ হাত মজবুত কৰিবলৈ টিএমচিত যোগদান কৰিছিল। তৃণমূলত যোগদান কৰাৰ পিছত পৱন বৰ্মাই কয়, “সাধাৰণ মানুহৰ স্বাৰ্থত তৃণমূল ক্ষমতালৈ অহাৰ প্ৰয়োজন আছে।”

The post তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ সাংসদ পৱন বাৰ্মাৰ… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%a4%e0%a7%83%e0%a6%a3%e0%a6%ae%e0%a7%82%e0%a6%b2-%e0%a6%95%e0%a6%82%e0%a6%97%e0%a7%8d%e0%a7%b0%e0%a7%87%e0%a6%9b%e0%a7%b0-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%aa%e0%a6%a6%e0%a6%a4%e0%a7%8d/feed/ 0 25234