বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু ৪ মাহ বাকী থকা সময়তে শনিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে কেপ্তেইন অমৰিন্দৰ সিঙে। ৰাজ্যপাল বনৱাৰী লাল পুৰোহিতক নিজৰ পদত্যাগ পত্ৰ অৰ্পণ কৰাৰ পিছত সংবাদ মাধ্যমৰ মুখামুখি হয় কেপ্তেইন সিং।
তেওঁ কয় যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই তেওঁৰ ওপৰত চৰকাৰ পৰিচালনাক লৈ আস্থা হেৰুৱাই পেলোৱাৰ বাবে তেওঁ অপমান বোধ কৰিছে। যাৰ বাবেই তেওঁ পদত্যাগৰ সিদ্ধান্ত লৈছে। অৱশ্যে তেওঁ কংগ্ৰেছৰ সদস্যৰূপে সদায় কাম কৰি যাব বুলিও মন্তব্য কৰে।