কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে আজি বিজেপি, কংগ্ৰেছ, অসম জাতীয় পৰিষদকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত আজি নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিশেষকৈ বিজেপি দলৰ হৈ দিছপুৰ সমষ্টিৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে, নিউ গুৱাহাটী সমষ্টিৰ বাবে দিপ্লু ৰঞ্জন শৰ্মা, মধ্য গুৱাহাটী সমষ্টিৰ বাবে বিজয় গুপ্তাই, ডিমৰীয়া সমষ্টিৰ বাবে অসম গণ পৰিষদ দলৰ হৈ ড০ তপন দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰে।
একেদৰে, কংগ্ৰেছ দলৰ হৈ দিছপুৰ সমষ্টিৰ বাবে মীৰা বৰঠাকুৰে, নিউ গুৱাহাটী সমষ্টিৰ বাবে শান্তনু বৰাই, মধ্য গুৱাহাটী সমষ্টিৰ বাবে অসম জাতীয় পৰিষদৰ হৈ কু্ংকী চৌধুৰীয়ে, জালুকবাৰী সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ হৈ বিদিশা নেওগে আজি মনোনয়ন পত্ৰ দাখিল কৰে। আনহাতে, দলীয় টিকটৰ পৰা বঞ্চিত হৈ বিজেপি দল ত্যাগ কৰা জয়ন্ত কুমাৰ দাসে নিৰ্দলীয় ভাৱে আজি দিছপুৰ সমষ্টিৰ বাবে মনোনয়ন লাভ দাখিল কৰে। নিজ নিজ সমৰ্থকক লগত লৈ সমদল কৰি ঢোলে-দগৰে আজি প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে, আজি বিয়লি ৩ বজাৰ লগে লগে মনোনয়ন দাখিল প্ৰক্ৰিয়া অন্ত পৰে।
