উত্তৰ- পূবত পথ নিৰ্মাণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

277

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ চতুৰ্থ পৰ্যায় (পিএমজিএছৱাই) ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰকাশিত তথ্য অনুসৰি ২৫,০০০ বসতি অঞ্চললৈ নতুন সংযোগ প্ৰদান কৰাৰ বাবে ৬২,৫০০ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে আৰু নতুন সংযোগী পথত দলং নিৰ্মাণ আৰু উন্নীতকৰণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ চতুৰ্থ পৰ্যায়টো ২০২৪-২৫ ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ বাবে আৰম্ভ কৰা হৈছে, যাৰ মুঠ ব্যয় হৈছে ৭০,১২৫ কোটি টকা, কেন্দ্ৰীয় অংশ ৪৯,০৮৭.৫০ কোটি টকা আৰু ৰাজ্যিক অংশ ২১,০৩৭.৫০ কোটি টকা।

২০১১ চনৰ লোকপিয়ল অনুসৰি এই আঁচনিখনে সমতল অঞ্চলত ৫০০ তকৈ অধিক জনসংখ্যাৰ বাসস্থান, উত্তৰ-পূব আৰু পাহাৰীয়া ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বিশেষ শ্ৰেণী অঞ্চলত ২৫,০০০ তকৈ অধিক জনবসতি আৰু উগ্ৰপন্থী প্ৰভাৱিত জিলাসমূহত ১০০ তকৈ অধিক জনসংখ্যাৰ ২৫,০০০ বসতি স্থান সামৰি ল’ব।