ভাৰত আৰু বাংলাদেশৰ মাজত শৈক্ষিক সহযোগিতা গঢ়ি তুলিব ব্যতিক্ৰম এডুকেশ্বন কনক্লেভে

456

অসমৰ এক আগশাৰীৰ সামাজিক-সাংস্কৃতিক সংস্থা ব্যতিক্ৰম মাছডোৱে অহা ১০ জুনত বাংলাদেশৰ ৰাজধানী ঢাকাৰ ঐতিহ্যমণ্ডিত ঢাকা ক্লাবত প্ৰথমবাৰলৈ “ব্যতিক্ৰম এডুকেশ্বন কনক্লেভ” আয়োজন কৰিবলৈ সাজু হৈছে। গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত, জেআইএছ বিশ্ববিদ্যালয়, ফ্ৰেঞ্চছ অৱ বাংলাদেশ আৰু তৰুণ আইএএছকে ধৰি কেইবাটাও সংস্থাৰ সমৰ্থনত আয়োজিত এই অনুষ্ঠানে পূব ভাৰত আৰু বাংলাদেশৰ মাজত শৈক্ষিক বিনিময় গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই সন্মিলনৰ উদ্দেশ্য হৈছে দুয়োটা অঞ্চলৰ বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহক একত্ৰিত কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰত সহযোগিতা আৰু যোগাযোগ বৃদ্ধিৰ ভেঁটি স্থাপন কৰা। প্ৰথমবাৰলৈ আয়োজিত এই পদক্ষেপৰ জৰিয়তে পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা বৃদ্ধিৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত বিদ্যমান সম্পৰ্ক অধিক শক্তিশালী কৰাৰ পোষকতা কৰা হৈছে।


ব্যতিক্ৰম মাছডোৱে পূৰ্বেও সফলভাৱে বাংলাদেশত সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰসমূহক সামৰি প্ৰভাৱশালী অনুষ্ঠান আয়োজন কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ দৰে বিশিষ্ট ব্যক্তিৰ অৱদান আৰু সৃষ্টিৰাজীক স্মৰণ আৰু সীমান্ত ভেদি সাংস্কৃতিক পাৰস্পৰিক সাহিত্য বিনিময়ৰ সুবিধা প্ৰদান কৰাৰ দৰে পদক্ষেপসমূহ অন্যতম। শেহতীয়াকৈ আয়োজিত “ব্যতিক্ৰম চিকিৎসা পৰ্যটন সন্মিলন”ৰ সফলতাই দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে সংস্থাটোৰ দায়বদ্ধতাক আৰু অধিক উৎসাহী কৰি তুলিছে।


ব্যতিক্ৰম মাছডোৰ অধ্যক্ষ ড০ সৌমেন ভাৰতীয়ই শৈক্ষিক বিনিময়ৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি বৰ্ধিত সামাজিক আৰু সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে অৰ্থনৈতিক আৰু মানৱ সম্পৰ্ক শক্তিশালী কৰাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে ব্যতিক্ৰম মাছডোৰ এই প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰি আগন্তুক কনক্লেভে দুয়োখন দেশৰ শৈক্ষিক খণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি আস্থা প্ৰকাশ কৰিছে।