ত্ৰিপুৰাৰ পৰম্পৰাগত জনজাতীয় বাদ্যযন্ত্ৰ ‘সাৰিন্দা’ই সন্মানীয় ভৌগোলিক সূচক (GI) টেগ লাভ কৰিছে। ই ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে এক গুৰুত্বপূৰ্ণ স্বীকৃতি।
এই বিষয়টো ঘোষণা কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই এই স্বীকৃতিক ৰাজ্যৰ পৰম্পৰাগত শিল্পী আৰু সংগীতজ্ঞসকলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে।
“পৰম্পৰাগত ত্ৰিপুৰা সাৰিন্দা, এক অনন্য থলুৱা তন্ত্ৰ বাদ্যযন্ত্ৰই ভৌগোলিক সূচকৰ স্বীকৃতি লাভ কৰিছে। ই লোক পৰম্পৰাৰ মূল্যবান সম্পদ সংৰক্ষণ আৰু প্ৰচাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব আৰু ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্যক শক্তিশালী কৰিব,” সাহাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X-ত লিখে।
তেওঁ এই বাদ্যযন্ত্ৰৰ নিৰ্মাণ আৰু সংৰক্ষণৰ সৈতে জড়িত সকলো শিল্পী আৰু সংগীতজ্ঞক অভিনন্দন জনায়।
ত্ৰিপুৰা সাৰিন্দা হৈছে এক পৰম্পৰাগত ধনুৰে বজোৱা তন্ত্ৰ বাদ্যযন্ত্ৰ যি থলুৱা লোকসংগীত পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। এটা কাঠৰ খণ্ডৰ পৰা তৈয়াৰী আৰু ভিতৰত ফোপোলা অনুনাদ কক্ষ থকা এই বাদ্যযন্ত্ৰটো ত্ৰিপুৰাৰ জনজাতীয় সম্প্ৰদায়ৰ সাংস্কৃতিক পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।
সাৰিন্দা লোক পৰিৱেশন আৰু বিভিন্ন থলুৱা সংগীতৰ অভিব্যক্তিত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ স্বকীয় কাৰুকাৰ্য আৰু সাংস্কৃতিক গুৰুত্বৰ বাবে জনাজাত।
স্থানীয় সম্প্ৰদায়সমূহে বিশ্বাস কৰে যে GI স্বীকৃতিয়ে এই পৰম্পৰাগত সংগীত ঐতিহ্যক সুৰক্ষা, প্ৰচাৰ আৰু বহল স্বীকৃতি প্ৰদান কৰাত সহায় কৰিব।
সাৰিন্দাৰ সংযোজনৰ লগে লগে ত্ৰিপুৰাৰ এতিয়া চাৰিটা GI-টেগযুক্ত সামগ্ৰী আছে। ইয়াৰ পূৰ্বে ত্ৰিপুৰা কুইন আনাৰস, ৰিছা/পাছৰা (ৰিগনাই)— থলুৱা জনজাতীয় সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক— আৰু মাতাবাৰী পেৰাই GI স্বীকৃতি লাভ কৰিছিল।
