বিৰোধী দলপতি ৰাহুল গান্ধীৰ ক্ৰমাগত চৰকাৰবিৰোধী স্থিতিৰ পাছতে তেওঁৰ সদস্যপদ আজীৱন বাতিল কৰিবলৈ লোকসভাত উত্থাপন কৰা হৈছে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। বিজেপি সাংসদ নিশিকান্ত ডুবেই বৃহস্পতিবাৰে নিম্ন সদনত ৰাহুল গান্ধীৰ বিৰুদ্ধে এই বিশেষ প্ৰস্তাৱ দাখিল কৰি তেওঁৰ নিৰ্বাচন খেলাৰ অধিকাৰ চিৰদিনৰ বাবে কাঢ়ি ল’বলৈ দাবী জনায়। সংসদত থিয় হৈ কোনো ভিত্তি নোহোৱাকৈ ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰা আৰু দেশক বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলি অনা এই প্ৰস্তাৱক লৈ এতিয়া ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।
সাংসদ ডুবেই অভিযোগ উত্থাপন কৰি কয় যে জৰ্জ চোৰোচৰ দৰে দেশবিৰোধী শক্তিৰ সহায় লৈ ৰাহুল গান্ধীয়ে ভাৰতৰ স্বাৰ্থত আঘাত হানিছে। সংসদৰ মজিয়াত তেওঁ চৰকাৰৰ বিৰুদ্ধে অনা প্ৰমাণহীন অভিযোগসমূহক অপৰাধমূলক কাৰ্য বুলি অভিহিত কৰি বিজেপি সাংসদগৰাকীয়ে কয়, “মই আজি লোকসভাত ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা প্ৰস্তাৱ দিছোঁ যে তেওঁ কেনেকৈ চোৰোচৰ দৰে শক্তিৰ সহায়ত দেশক বিভ্ৰান্ত কৰিছে। মই বিচাৰিছোঁ এই বিষয়ত আলোচনা হওক আৰু তেওঁৰ সদস্যপদ বাতিল কৰাৰ লগতে ভৱিষ্যতে নিৰ্বাচন খেলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হওক।”
উল্লেখ্য যে বাজেট অধিৱেশনৰ আৰম্ভণিৰে পৰাই ৰাহুল গান্ধীয়ে কৃষকৰ স্বাৰ্থ আৰু ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ কৰি আহিছে। তেওঁ চৰকাৰৰ বিৰুদ্ধে ভাৰত মাতৃক আমেৰিকাৰ ওচৰত বিক্ৰী কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিৰোধী দলপতিগৰাকীৰ মতে, চৰকাৰে আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰি দেশৰ শক্তি সুৰক্ষা আনৰ হাতলৈ ঠেলি দিছে।
বিৰোধী দলপতিগৰাকীৰ এনে আক্ৰমণাত্মক স্থিতিৰ পাছতে শাসকীয় পক্ষ অধিক সৰব হৈ পৰিছে। ইয়াৰ পূৰ্বেও এটা মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ সাংসদ পদ এবাৰ বাতিল হৈছিল যদিও পৰৱৰ্তী সময়ত উচ্চতম আদালতৰ নিৰ্দেশত তেওঁ পদ ঘূৰাই পাইছিল। কিন্তু এইবাৰ পোনপটীয়াকৈ সদনৰ মজিয়াত সদস্যপদ খাৰিজৰ বাবে অনা প্ৰস্তাৱে দেশৰ সংসদীয় ইতিহাসত এক নতুন মোৰ লৈছে। এতিয়া লোকসভাৰ অধ্যক্ষই এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত কি সিদ্ধান্ত লয়, সেয়া হ’ব বিশেষ লক্ষ্যণীয়।
