কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যক লৈ দীৰ্ঘদিন ধৰি চলি থকা এক আইনী যুঁজত অৱশেষত সকাহ লাভ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। প্ৰায় ছয় বছৰ পুৰণি এক মানহানিৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰি সোমবাৰে লোকসভাৰ বিৰোধী দলপতিগৰাকীক সকলো অভিযোগৰ পৰা দোষমুক্ত ঘোষণা কৰে আদালতে। উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাৰ বিশেষ এমপি-এমএলএ আদালতে প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায়। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ শুভম বাৰ্মাৰ আদালতত এই ৰায়দানৰ সময়ত শাৰীৰিকভাৱে উপস্থিত থাকে ৰাহুল গান্ধী।
আদালতৰ সূত্ৰই প্ৰকাশ কৰা মতে, ২০১৮ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ত বেংগালুৰুৰ এখন সংবাদ মেলত বিজেপিৰ তৎকালীন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে এক আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উঠিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে। ২০০৫ চনৰ ছোহৰাবুদ্দিন শ্বেখৰ ভুৱা সংঘৰ্ষৰ প্ৰসংগ টানি আনি শ্বাহক ‘হত্যাৰ অভিযুক্ত’ আখ্যা দিয়া বুলি দাবী কৰি চুলতানপুৰ সমবায় বেংকৰ প্ৰাক্তন অধ্যক্ষ তথা বিজেপি নেতা বিজয় মিশ্ৰই ৰুজু কৰিছিল এই মানহানিৰ গোচৰ। অভিযোগকাৰীৰ মতে, এনে ভিত্তিহীন মন্তব্যই বিজেপিৰ দলীয় ভাৱমূৰ্তি আৰু অমিত শ্বাহৰ সামাজিক প্ৰতিষ্ঠা বিনষ্ট কৰিছিল।
বিজেপি নেতাজনে দাখিল কৰা অভিযোগপত্ৰ অনুসৰি, নিৰ্বাচনী প্ৰচাৰৰ মাজতে গান্ধীয়ে কৈছিল, “ভাৰতৰ মানুহে পাহৰি যায় যে বিজেপিৰ সভাপতি এজন হত্যাৰ অভিযুক্ত। এয়াই সত্য। সততা আৰু শালীনতাৰ কথা কোৱা দলটোৰ সভাপতিৰ পদত বহি আছে এগৰাকী হত্যাৰ গোচৰত অভিযুক্ত ব্যক্তি।” এই বক্তব্যক চৰম অপমানজনক আখ্যা দি আদালতৰ কাষ চাপিছিল বিজেপি নেতা মিশ্ৰ।
ইফালে আইনী প্ৰক্ৰিয়াৰ সময়ত নিজৰ স্থিতি স্পষ্ট কৰি ৰাহুল গান্ধীয়ে এই সকলো অভিযোগ পোনছাটেই খাৰিজ কৰে। ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁৰ মন্তব্য প্ৰসংগৰ বাহিৰত বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল বুলি আদালতত যুক্তি দৰ্শায় কংগ্ৰেছ নেতাজনে। দুয়োপক্ষৰ যুক্তি আৰু তথ্য-প্ৰমাণ পৰীক্ষা কৰাৰ অন্তত আদালতে ৰাহুল গান্ধীক এই গোচৰৰ পৰা সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰে। আদালতৰ এই ৰায়ৰ পাছতেই সমৰ্থক আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজত ব্যাপক উল্লাসৰ সৃষ্টি হৈছে।
