অসম ভ্রমণত অহা বন্ধুৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে ৰ কামাখ্যা মন্দিৰ দৰ্শন। আজি পুৱাই নীলাচল পাহাৰাৰ বুকুত উপস্হিত হৈ মা কামাখ্যাৰ চৰণত পূজা অৰ্চনা কৰি আশীষ লয়।
উল্লেখ্য যে সোমবাৰে ভূটানৰ প্ৰধানমন্ত্ৰী অসমত উপস্থিত হৈছিল। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সোমবাৰে লোকভৱনত ভূটানৰ প্ৰধানমন্ত্ৰী বৈঠকত মিলিত হৈছিল ।
