বাজাজ এলিয়াঞ্জ লাইফে সহজ কৰি তুলিছে ঋণৰ বিপৰীতে পলিচী লাভৰ সুযোগ : ২৪ ঘণ্টাত তৎক্ষণাত লাভ কৰক অনুমোদন

767

ব্যক্তিগত জীৱনবীমা আগবঢ়োৱা প্ৰতিষ্ঠানবোৰৰ অন্যতম বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে নিজৰ প্লেনসমূহৰ বাবে পূৰ্ব-অনুমোদিত ঋণ আগবঢ়োৱাৰ প্ৰক্ৰিয়াক ডিজিটাইজ কৰিছে। ঋণ প্ৰক্ৰিয়া সহজ-সৰল কৰি সম্পূৰ্ণ-ডিজিটেল আৰু কাগজবিহীন সুবিধাৰ জৰিয়তে ক্ৰেডিট স্কোৰ পৰীক্ষণ নোহোৱা কৰিছে, যাৰ ফলত নামমাত্ৰ ক্লিকৰ জৰিয়তে ঋণৰ দ্ৰুত, কাগজবিহীন প্ৰৱেশ বা সুবিধা আদায় কৰাটো সক্ষম হৈ পৰিছে।

বাজাজৰ গ্ৰাহককেন্দ্ৰিক পদ্ধতিয়ে ক্ৰেডিট স্ক’ৰ পৰীক্ষণ নোহোৱাকৈও গ্ৰাহক পৰ্টেলৰ জৰিয়তে দ্ৰুত প্ৰক্ৰিয়াৰে অনুমোদিতকৰণ কৰি গ্ৰাহকক সহায় আগবঢ়ায়, যাৰ ফলত গ্ৰাহকৰ নিৰৱচ্ছিন্ন অভিজ্ঞতা নিশ্চিত হয় আৰু মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ঋণ প্ৰদান সম্ভৱ হৈ পৰে। বাজাজ এলিয়াঞ্জ লাইফে জীৱন বীমা পলিচিৰ বিপৰীতে প্ৰতিযোগিতামূলক সুতৰ হাৰত ঋণ আগবঢ়ায় যাৰ ফলত মূল্যৱান গ্ৰাহকৰ বাবে ব্যয়সাধ্যতা নিশ্চিত হয়। এই বিষয়ে বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সৰ মুখ্য পৰিচালন আৰু গ্ৰাহক অভিজ্ঞতা বিষয়া ৰাজেশ কৃষ্ণনে কয় যে, ”আমি আমাৰ গ্ৰাহকসকলক নিজৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাক শক্তিশালী কৰি তুলিবলৈ প্ৰতি মুহূৰ্ততে সমৰ্পিত।”

বাজাজে ইতিমধ্যে ঋণ বিতৰণৰ বাবে সুশৃংখল প্ৰক্ৰিয়া আৰম্ভ কৰিছে, ইয়াৰ অধীনত ২৪ ঘণ্টাৰ ভিতৰত দ্ৰুত ঋণ বিতৰণ নিশ্চিত কৰিছে। আপডেট কৰা কাগজবিহীন(পেপাৰলেছ) প্ৰক্ৰিয়াটো অসুবিধা-মুক্ত বা বাধাহীন আৰু স্বচ্ছ কৰি তুলি গ্ৰাহকসকলক নিজৰ ঋণৰ পৰিমাণৰ সম্পূৰ্ণ দৃশ্যমানতা বা প্ৰকৃত ছবিখন প্ৰদান কৰে, যাতে গ্ৰাহকসকলে সঠিক আৰু উপযুক্ত সিদ্ধান্ত ল”ব পাৰে।