২০৩০ চনলৈ ভাৰতৰ প্ৰতিৰক্ষা বাজেট ১৩২.২০ বিলিয়ন ডলাৰত উপনীত হোৱাৰ আশংকা

254

ভাৰতে এই বছৰ তেওঁলোকৰ প্ৰতিৰক্ষা বাজেট ৬.২১ লাখ কোটিলৈ বৃদ্ধি কৰিছে। যোৱা বছৰ এই বাজেট ৫.৯ লাখ কোটি আছিল। আগন্তুক ৬ বছৰত ১৩২.২৬ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা বাজেটৰ সৈতে, ভাৰতৰ সেনা বিশ্বৰ তৃতীয় আটাইতকৈ শক্তিশালী সেনা হ’ব। এক প্ৰতিবেদনত অনুসৰি অহা ৬ বছৰত ভাৰতে তেঁওলোকৰ প্ৰতিৰক্ষা খণ্ডত বাজেট ইমানেই বৃদ্ধি কৰিব যে ৰাছিয়া আৰু জাৰ্মানী দেশবোৰো পিছ পৰি থাকিব। ইনচাইডাৰ মাঙ্কিত প্ৰকাশিত এক প্ৰতিবেদনত, বিশেষজ্ঞসকলে সামৰিক শক্তি, সামৰিক সঁজুলি, সৈনিকৰ সংখ্যা, কাৰিকৰী ক্ষমতা আৰু জিডিপি বিবেচনা কৰি ৰেংকিং প্ৰস্তুত কৰিছে। ৰাছিয়া বৰ্তমান আটাইতকৈ শক্তিশালী সৈন্যবাহিনীৰ তালিকাত তিনি নম্বৰত আছে, কিন্তু ২০৩০ চনৰ ভিতৰত উন্নত সামৰিক সঁজুলিৰ অভাৱৰ বাবে তেওঁলোক পঞ্চম স্থানলৈ অৱনমিত হ’ব। ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ বাবে তেওঁলোকে নতুন আৰু উন্নত অস্ত্ৰ প্ৰস্তুত কৰিবলৈ অক্ষম। কিন্তু সাত বছৰৰ পিছত ৰাছিয়াৰ বাহিনী পাঁচটা আটাইতকৈ শক্তিশালী সৈন্যৰ মাজত থাকিব। ৰাছিয়াত ৬,০০০ তকৈও অধিক পাৰমাণৱিক যুদ্ধাস্ত্ৰ আছে, যি হৈছে বিশ্বৰ যিকোনো দেশৰ ভিতৰত সৰ্ববৃহৎ। ইয়াৰ উপৰিও, ৰাছিয়াত ১৪,৭৭৭ টা যুদ্ধ টেংক আৰু ৬৫ টা চাবমেৰিন আছে। জাৰ্মানী তালিকাৰ চাৰি নম্বৰত আছে, যাক অৰ্থনৈতিক আৰু সামৰিকভাৱে ইউৰোপৰ শক্তিক্ষেত্ৰ বুলি কোৱা হয়। জাৰ্মানীয়ে ২০২২ চনত তেওঁলোকৰ সামৰিক সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰৰ ওপৰত ব্যয় কৰাৰ বাবে ৫৫.৭৬ বিলিয়ন ডলাৰ বাজেট ধাৰ্য কৰিছিল। এতিয়া অনুমান কৰা হৈছে যে ২০৩০ চনলৈ, তেঁওলোকৰ প্ৰতিৰক্ষা বাজেট ৬৯.৮৭ বিলিয়ন ডলাৰত উপনীত হ’ব। প্ৰযুক্তিৰ ক্ষেত্ৰত জাৰ্মানী হৈছে এই ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ উন্নত দেশ। আনহাতে, বছৰটোৰ আৰম্ভণিৰ পৰা, ভাৰতীয় সেনাই বহুতো উন্নত অস্ত্ৰ পৰীক্ষা কৰিছে। মাৰ্চ মাহত সেনাই আকাশ মিছাইল আৰু এমআইআৰভি প্ৰযুক্তিৰে সজ্জিত অগ্নি-৫ মিছাইলৰ সফল পৰীক্ষা কৰে। আকাশ মিছাইলটো দেওবাৰে (৩১ মাৰ্চ) সেনাই পৰীক্ষা কৰিছিল। জনশক্তিৰ ক্ষেত্ৰত, ভাৰতীয় সেনা হৈছে চীনৰ পিছত দ্বিতীয় সৰ্ববৃহৎ সেনা। ভাৰতৰ ১.৫ মিলিয়নতকৈও অধিক সক্ৰিয় সৈনিক আছে। ১৫৬ টা অস্ত্ৰ, ১,৬৪৫ খন সামৰিক বিমান, ৪,৬১৪ টা যুদ্ধ টেংক আৰু নৌসেনাৰ ওচৰত ২৯৪ টা অস্ত্ৰ-শস্ত্ৰ আছে। ওমান, তাজিকিস্তান আৰু মৰিচাছতো ভাৰতৰ সামৰিক ঘাটি আছে। প্ৰতিবেদনত অনুমান কৰা হৈছে যে ২০৩০ চনলৈ, প্ৰতিৰক্ষা বাজেট ১৩২.২০ বিলিয়ন ডলাৰত উপনীত হ’ব। উল্লেখ্য যে চীনৰ সেনা হৈছে বিশ্বৰ সৰ্ববৃহৎ সেনা। দেশখনৰ পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) ২০ লাখতকৈও অধিক সক্ৰিয় সৈনিক, ৫ হাজাৰ যুদ্ধ টেংক, ২,০৮৪ খন সামৰিক বিমান, ৭৩০ টা নৌ-অস্ত্ৰ, ৩৫০ টা পাৰমাণৱিক অস্ত্ৰ আৰু ১২৫ টা সামৰিক উপগ্ৰহ আছে। ২০৩০ চনলৈ, চীনে তেওঁলোকৰ প্ৰতিৰক্ষা বাজেট ৪৮৯.৫৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব পাৰে, আনহাতে চীনৰ প্ৰতিৰক্ষা বাজেট ২০২২ চনত ২৯২ বিলিয়ন ডলাৰ আছিল আৰু ২০২৩-২৪ চনৰ বাবে ২৩০ বিলিয়ন ডলাৰ বাজেট কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা এতিয়াও পৰৱৰ্তী ছয় বছৰত বিশ্বৰ আটাইতকৈ শক্তিশালী সেনা হ’ব। আমেৰিকা ই ২০২২ চনত প্ৰতিৰক্ষা খণ্ডত ৮৭৭ বিলিয়ন ডলাৰ ব্যয় কৰিছিল, যি ২০৩০ চনলৈ ১.১ ট্ৰিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ ১.৩২৮ নিযুত সৈন্য, ৫,৫৫০ পাৰমাণৱিক অস্ত্ৰ, ৪,৬৫৭ টা যুদ্ধ টেংক, ৫,২০৮ টা সক্ৰিয় সামৰিক বিমান, ৪৭২ টা নৌ-অস্ত্ৰ আছে, যাৰ ভিতৰত আছে ১১ টা বাহক, ২১৮ টা সামৰিক উপগ্ৰহ আৰু ৭৫০ টা বিদেশী সামৰিক ঘাটি।