সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত দলৰ বিপৰ্যয়ৰ কাৰণ সন্দৰ্ভত বুধবাৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় অসম জাতীয় পৰিষদৰ (অজাপ) প্ৰতিনিধিসকল। দলীয় নেতৃত্বৰ এই গুৰুত্বপূৰ্ণ বৈঠকত পৰাজয়ৰ কাৰণসমূহৰ এক পুংখানুপুংখ পৰ্যালোচনা কৰা বুলি জানিবলৈ দিয়ে দলৰ সভাপতি লূৰীণজ্যোতি গগৈয়ে। নিৰ্বাচনী ফলাফলত জোকাৰণি খোৱা দলটোৱে ইতিমধ্যে পৰাজয়ৰ আঁৰৰ কেতবোৰ মূল কাৰক চিনাক্ত কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ উল্লেখ কৰে।
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত অজাপৰ মুৰব্বীগৰাকীয়ে কয় যে দলৰ দুৰ্বল সাংগঠনিক ভেটি এই পৰাজয়ৰ এক অন্যতম প্ৰধান কাৰণ আছিল। দলৰ লক্ষ্য, আদৰ্শ আৰু ৰাজনৈতিক বাৰ্তাসমূহ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাত দলটো ব্যৰ্থ হৈছে। ইয়াৰ উপৰি চৰকাৰৰ হিতাধিকাৰী কেন্দ্ৰিক ৰাজনীতি, ধৰ্মীয় মেৰুকৰণ আৰু শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াও এই নিৰ্বাচনী ফলাফলৰ বাবে বহু পৰিমাণে দায়ী বুলি তেওঁ মত প্ৰকাশ কৰে। বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী এটা ৰাজনৈতিক সংগঠনৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলগীয়া হোৱাৰ বাবে সমগ্ৰ প্ৰত্যাহ্বানটো অতি জটিল আছিল বুলিও তেওঁ মন্তব্য কৰে।
নিৰ্বাচনী প্ৰত্যাহ্বানৰ পাছতো অসম জাতীয় পৰিষদে সমগ্ৰ অসমতে নিজৰ স্থিতি সুদৃঢ় কৰাৰ বাবে সংকল্পবদ্ধ বুলি প্ৰকাশ কৰে লূৰীণজ্যোতি গগৈয়ে। তেওঁ কৰা মন্তব্য অনুসৰি দলে সকলো ১২৬ টা বিধানসভা সমষ্টিতে সংগঠন শক্তিশালী কৰাৰ বাবে কাম কৰিব। তেওঁ কয়, “আমি আমাৰ লক্ষ্যৰ দিশে আগবাঢ়িছোঁ। ৰাইজে আমাৰ ভুলবোৰ আঙুলিয়াই দিব আৰু আমি সেইবোৰ সঠিকভাৱে শুধৰাই ল’ম।” অসমৰ জনসাধাৰণৰ প্ৰকৃত ন্যায় আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে দলে ধাৰাবাহিকভাৱে কাম কৰি যাব বুলিও তেওঁ আশ্বাস দিয়ে।
শাসকীয় দলটোক সমালোচনা কৰি তেওঁ কয় যে নিৰ্বাচনৰ সময়ত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ যি মূল প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেয়া বৰ্তমান ব্যৰ্থ হৈছে। বজাৰত নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ দাম ক্ৰমাৎ বাঢ়িহে গৈছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত নিবনুৱা সমস্যাহে তীব্ৰতৰ হৈ উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে একাংশ লোক হয়তো সাময়িকভাৱে দলৰ পৰা আঁতৰি গৈছে, কিন্তু সময়ত তেওঁলোকে বাস্তৱ পৰিস্থিতি পুনৰ অনুধাৱন কৰিব। নিৰ্বাচনত হৰা-জিকা থাকিলেও অসমৰ ৰাইজে অনাগত দিনত আঞ্চলিকতাবাদী শক্তিক মৰম আৰু পূৰ্ণ সমৰ্থন দি যাব বুলি তেওঁ গভীৰ আস্থা প্ৰকাশ কৰে।
অন্যহাতে, দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে ব্যক্তিগত অসুবিধাৰ বাবে নিজৰ পদৰ পৰা পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে। দলে ইতিমধ্যে গোহাঁইৰ পদত্যাগ পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে বুলিও জনায় লুৰীণজ্যোতি গগৈয়ে।
