অষ্ট্ৰেলিয়ান অ’পেনৰ চেম্পিয়ন ইয়ানিক ছিনাৰ

364

অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত দানিল মেদভেদেভক ৩-৬, ৩-৬, ৬-৪, ৬-৪, ৬-৩ ত পৰাস্ত কৰি ইয়ানিক ছিনাৰে কেৰিয়াৰৰ প্ৰথম গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰে। ছেমিফাইনেলত ন’ভাক জক’ভিচক পৰাস্ত কৰা ২২ বছৰীয়া ছিনাৰে প্ৰথমবাৰৰ বাবে এটা ডাঙৰ প্ৰতিযোগীতাৰ ফাইনেলত খেলি আছিল। তেওঁ অষ্ট্ৰেলিয়ান অ’পেন খিতাপ জয় কৰা ইটালীৰ প্ৰথম জন খেলুৱৈ। তেওঁ খিতাপ দখল কৰি কয় -মোৰ বয়স মাত্ৰ ২২ কিন্তু এইটো এটা স্মৰণীয় যাত্ৰা আছিল।

এইটো মোৰ বাবে এটা ডাঙৰ প্ৰতিযোগিতা কিন্তু এই গ্ৰেণ্ড শ্লেমক অতি বিশেষ কৰি তোলাৰ বাবে মই সকলোকে ধন্যবাদ জনাব বিচাৰো। এইটো ২০২১ চনৰ ইউএছ অ’পেন চেম্পিয়ন মেদভেদেভৰ ছয়খন গ্ৰেণ্ড শ্লেম ফাইনেলত পঞ্চম পৰাজয় আছিল।  তৃতীয় স্থান প্ৰাপ্ত ৰাছিয়াৰ তাৰকাজনৰ প্ৰতিযোগিতাখনৰ চতুৰ্থখন পাঁচ ছেটৰ খেলৰ সৈতে গ্ৰেণ্ড শ্লেমৰ অ’পেন যুগত কোৰ্টত সৰ্বাধিক সময়ৰ বাবে (২৪ ঘণ্টা ১৭ মিনিট) এক নতুন অভিলেখ গঢ়িছিল। তেওঁ এই ক্ষেত্ৰত ২০২২ চনৰ ইউএছ অপেনত কাৰ্লোছ আলকাৰাজৰ (২৩ ঘণ্টা ৪০ মিনিট) অভিলেখ অতিক্ৰম কৰিছিল।

অষ্ট্ৰেলিয়ান অ’পেনত তিনিবাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো মেদভেদেভে খিতাপ জয় কৰিব নোৱাৰিলে। তেওঁ ২০২১ চনত জক’ভিচ আৰু ২০২২ চনত ৰাফেল নাদালৰ হাতত পৰাজিত হৈছিল। মেদভেদেভে এইবাৰ খিতাপ খেলখনত উপনীত হ’বলৈ পাঁচটা ছেটৰ তিনিখন কৈ মেচ জিকিছিল। ইয়াৰে দুখন খেলত, তেওঁ প্ৰথম দুখন ছেটত পিছ পৰাৰ পিছত শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছিল। ছিনাৰে ফাইনেলৰ আগতে ছয়খন খেলত মাত্ৰ এটা ছেট হেৰুৱাইছিল, যিটো জকোভিচৰ বিৰুদ্ধে তৃতীয় ছেটৰ টাইব্ৰেকাৰত আছিল।