সমগ্ৰ বিশ্বৰ নতুন বছৰৰ উদযাপন উলহ-মালহৰ মাজত চুইজাৰলেণ্ডৰ ক্ৰান্স-মণ্টানা ৰিজৰ্টত সংঘটিত এক ভয়ঙ্কৰ বিস্ফোৰণে আতঙ্ক সৃষ্ট কৰিছে, য’ত ‘লে কনষ্টেলচন’ নামৰ এক বাৰত বুধবাৰে মাজনিশাত সংঘটিত হোৱা এই ঘটনা ৪০ গৰাকী লোকৰ মৃত্যুৰ আশংকা সৃষ্ট কৰিছে। বৃহস্পতিবাৰে চুইজাৰলেণ্ড আৰক্ষীৰ তথ্য অনুসৰি, আন ১০০ জন ব্যক্তিও গুৰুতৰভাৱে আহত হৈছে। আহতসকলৰ অধিকাংশৰ শৰীৰ বেয়াকৈ জ্বলি যোৱাৰ বাবে তেওঁলোকৰ অৱস্থা সংকটজনক বুলি চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে, যিসকল ব্যক্তিক ভ্যালাইছ হাস্পতালৰ নিবিড় পৰিচৰ্যা কেন্দ্ৰত (ICU) স্থানান্তৰিত কৰা হৈছে।
ইতালীৰ বৈদেশিক মন্ত্ৰালয়ে আৰক্ষীৰ উদ্ধৃতি দি ৪০ গৰাকী প্ৰাণহানিৰ কথা উল্লেখ কৰিছে, যদিও আৰক্ষীয়ে কেৱল ‘ডৰ্জনৰো অধিক’ লোকৰ মৃত্যু হোৱা নিশ্চিত কৰিছে। ভয়ংকৰ এই অগ্নিকাণ্ডৰ ঘটনাটো নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হৈছে আৰু ঘটনাৰ পাছত উদ্ধাৰ কাৰ্য্যত ১০ খন হেলিকপ্টাৰ আৰু ৪০ খন এম্বুলেন্স লাগোৱা হৈছে। স্থানীয় প্ৰশাসনে সমগ্ৰ অঞ্চলটো ছীল কৰিলে। বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়ালৈকে স্পষ্ট নহয়, যদিও চৰকাৰৰ অনুমান অনুসাৰে ইয়াক কোনো আক্ৰমণৰ পৰিৱৰ্তে এটা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বুলি গণ্য কৰা হৈছে।
