সৰুপথাৰৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ খেৰবাৰী অঞ্চলত পুনৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷উৰিয়ামঘাটৰ দৈয়াং নৈত অবৈধ শিল খনন ৰোধ কৰিবলৈ সেই স্থান পৰিদৰ্শন কৰিছিল অসমৰ বন বিভাগৰ মুখ্য সচিব এম.কে.যাদৱে । শিল খনন ৰোধ কৰিবলৈ অস্থায়ী নিৰীক্ষণৰ শিবিৰ নিৰ্মাণ কৰিছিল । য’ত বনৰক্ষীৰ লগতে চি আৰ পি এফৰ অস্থায়ী শিবিৰত শতাধিক নগাই আক্ৰমণ চলায় । একপ্ৰকাৰে জ্বলাই দিয়ে সেই শিবিৰ । ইয়াৰ পিছতেই আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সীমান্ত উন্নয়ন মন্ত্ৰীক লৈও প্ৰশ্ন উত্থাপন কৰিছে আছুৱে ।এই আক্ৰমণৰ সময়ত শিবিৰটোত উপস্থিত থকা শ্ৰমিককে ধৰি বন বিভাগৰ প্ৰায় ৭ জনকৈ কৰ্মচাৰীয়ে কোনোমতে নিজৰ প্ৰাণ বচাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় আৰু এই অনাকাংক্ষিত ঘটনাৰ পাছতে এতিয়া সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত এক আতংকময় আৰু চেপা উত্তেজনাই বিৰাজ কৰিছে ।সীমান্ত উন্নয়ন মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আছুৰ নেতাগৰাকীয়ে কয়, “যিগৰাকী সীমান্ত উন্নয়ন মন্ত্ৰী, তেওঁ গোলাঘাটৰেই ৷ বোকাখাতৰ বিধায়ক হোৱাৰ পিছতো আজিৰ তাৰিখলৈকে তেওঁ যি ভূমিকা ল’ব লাগিছিল, তেনে ভূমিকা লোৱা দেখিবলৈ পোৱা নাই ।
