ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ভাটীত বিয়লিৰ পৰা নিশালৈ হোৱা সুৰাপায়ীৰ ভীৰ আৰু এনে ভীৰৰ পৰাও ক’ভিডৰ সংক্ৰমণ হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেবাজনো মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত আৱকাৰী বিভাগে ৰাজ্যজুৰি চুলাই মদৰ ভাটীত অভিযান অভিযান চলাই আছে । আনহাতে ৰাজ্যৰ আন আন কেবাখনো জিলাৰ দৰে আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত সোণাপুৰ আৰু গুৱাহাটী সদৰ আৱকাৰী চক্ৰই আজি সোণাপুৰ আৰক্ষী থানাৰ সহযোগত অসম মেঘালয় সীমান্তৰ তামুলীকুছিত চুলাই মদ প্ৰস্তুত কৰা ভাটীত এক বৃহৎ অভিযান চলায় । অভিযানত ২৫০ লিটাৰ চুলাই মদ , ১০,৫০০ কেজি চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত পাছ আৰু ১৫ টা বিভিন্ন সা – সঁজুলি জব্দ কৰা হয় ।অৱশ্যে অভিযানৰ উমান পায়ে চুলাই মদ প্ৰস্তুত কার্যৰ লগত জড়িত দুস্কৃতিকাৰী সকল পাহাৰীয়া অঞ্চল হোৱাৰ সুযোগ লৈ কৌশলৰে পলাই যাবলৈ সক্ষম হয় ।
Latest article
১৩ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰে মুখামুখি আৰচিবি
ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি)য়ে দেওবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলখনত জয়ৰ পথলৈ উভতি আহিবলৈ চেষ্টাৰে অবতীৰ্ণ হোৱাত প্ৰাৰম্ভিক...
২০৩১ৰ এছিয়ান কাপ আয়োজনৰ ইচ্ছা প্ৰকাশ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ
অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে (এআইএফএফ) শুকুৰবাৰে কয় যে তেওঁলোকে শীৰ্ষ স্তৰৰ ফুটবল প্ৰতিযোগিতা এএফচি এছিয়ান কাপ ২০৩১ আয়োজন কৰিবলৈ আগ্ৰহৰ অভিব্যক্তি দাখিল কৰিছে।সাতখন দেশৰ...
মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে ৬৭.৭৭ কোটি টকীয়া সামুদ্ৰিক শিক্ষা প্ৰকল্পৰ, কেন্দ্ৰীয় চৰকাৰৰ আধুনিকীকৰণৰ...
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আইএমইউ) কোচি চৌহদত ছাত্ৰীৰ ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে আৰু আন ৬টা...