অসম গৰিয়া পৰিষদৰ উদ্যোগত আগন্তুক ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ গৰিয়া তথা খিলঞ্জীয়া মুছলমানসকলৰ ৰাজনৈতিক ভৱিষ্যত সম্পৰ্কীয় এখন আলোচনা চক্ৰ ১৯ এপ্ৰিলত দিনযোৰাকৈ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়। পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি আব্দুল হামিদৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰখনৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক মইনুল হকে। আনহাতে আলোচনা চক্ৰত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, কংগ্ৰেছ নেতা মেহদী আলম বৰা, ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইন, সামাজিক কৰ্মী ছাহজাহান চিদ্দিকী, জাহিৰ হুছেইন, নুৰ মহম্মদ, অসম গৰিয়া পৰিষদৰ প্ৰাক্তন সভাপতি আব্দুল বাতেন নেতা আদিয়ে আলোচক হিচাপে ভাগ লৈ ভাষণ প্ৰসংগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠী সমুহৰ সৈতে জীন যোৱা খিলঞ্জীয়া মুছলমানসকলে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অন্যতম ভূমিকা গ্ৰহণ কৰি আহিছে বুলি ব্যক্ত কৰে আৰু ৰাজনীতিৰ উৰ্দ্ধত চৰকাৰে যাতে খিলঞ্জীয়া মুছলমানসকলে ভোগ কৰি অহা সমস্যা সমুহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনায়।
আনহাতে আলোচনা চক্ৰত কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰ ভিতৰত অসমৰ গৰিয়া জনগোষ্ঠীৰ লোক সকলৰ ৰাজনৈতিক সংকটৰ সমস্যাটো ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে অসমীয়া , ইংৰাজী আৰু হিন্দী এই তিনিটা ভাষাত আগন্তুক ছয় মাহৰ ভিতৰত আলোচনী প্ৰকাশ কৰা , আলোচনীখন বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দিল্লী প্ৰেছ ক্লাবত উন্মোচন কৰা, খিলঞ্জীয়া মুছলমানৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ হকে পুনৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰি সকলো পক্ষৰে দৃষ্টি আকৰ্ষণ কৰা আদিয়েই প্ৰধান।
আলোচনা চক্ৰত অসম গৰিয়া পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হক, গৰিয়া জনগোষ্ঠী , অসমৰ কাৰ্যকৰী সভাপতি চফিকুল ইছলাম , খাইৰুল হক চৌধুৰীকে ধৰি কেবাজনো নেতাই বিজেপি দল আৰু চৰকাৰে খিলঞ্জীয়া মুছলমানসকলৰ সমস্যা সমাধানৰ লগতে ৰাজনীতিত অংশ গ্ৰহণৰ বিষয়টো সমাধান কৰিম বুলি ঘোষণা কৰিও তাক কাৰ্যকৰী নকৰা বিষয়টোত আক্ষেপ প্ৰকাশ কৰি তথ্য সহকাৰে কয় যে অসমৰ ১৪ খন জিলাৰ নিদিষ্ট ১০০ খন গাঁৱতহে মৰিয়া জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছে। সেই ১০০ খন গাঁৱৰ বাহিৰে বাকী মৰিয়াসকল ভুৱা।
