উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্য ক্ৰমে মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (আফস্পা) পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰাৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে । ১ অক্টোবৰৰ পৰা এই ঘোষণা কাৰ্যকৰী হ’ব ৷কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণা । ১ অক্টোবৰৰ পৰা এই নীতি ক্ৰমে মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচলত প্ৰযোজ্য হ’ব ৷মণিপুৰত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ মাজতে এই নিৰ্দেশনা কাৰ্যকৰী কৰা হৈছে, যিয়ে নিৰাপত্তা আৰু প্ৰশাসনৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে । ৰাজ্যখনৰ অধিকাংশ ঠাইতে কেন্দ্ৰই আফস্পা প্ৰযোজ্য কৰাৰ ইংগিত দিছে ৷ ৰাজ্যখনলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱাৰ পিছতো নিৰাপত্তাজনিত উদ্বেগ চিন্তাৰ বিষয় হৈয়ে আছে ।
