ইৰানে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ বাবে প্ৰায় ২৭০ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে। এই ঘোষণা ইৰানৰ শাসন ব্যৱস্থাৰ মুখপাত্ৰ ফাতিমা মোহাজেৰানীয়ে কৰিছে। তেওঁ কয় যে এই সংখ্যা প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা লোকচানৰ সংমিশ্ৰণেৰে উলিওৱা হৈছে।
ৰাছিয়াৰ সংবাদ সংস্থা আৰ আই এ নভোষ্টিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মোহাজেৰাণীয়ে কয় যে আমাৰ আলোচনাপন্থী দলটোৰ এটা মূল দাবীৰ ভিতৰত আছিল যুদ্ধৰ ক্ষতিপূৰণ পৰিশোধ কৰা। ইছলামবাদত আমেৰিকাৰ সৈতে হোৱা আলোচনাত ইৰানৰ দহটা চৰ্তৰ ভিতৰত এটা আছিল যুদ্ধৰ ক্ষতিপূৰণৰ দাবী।
ইয়াৰ উপৰিও ইৰানে চুবুৰীয়া ৰাষ্ট্ৰ ছৌদি আৰব, ইউ এ ই, কাটাৰ, বাহৰেইন, কুৱেইটৰ পৰা যুদ্ধৰ ক্ষতিপূৰণৰ ক্ষতিপূৰণৰ দাবী জনাইছে। ৰাষ্ট্ৰসংঘত ইৰানৰ ৰাষ্ট্ৰদূত আমিৰ ছাইদ ইৰভানীয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই দাবী উত্থাপন কৰিছে।
