কৰ্মসংস্থাপনৰ আশাত আপোন ঘৰ-দুৱাৰ এৰি ওলাই গৈছিল তেওঁলোক। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাৰত মাত্ৰ কেইটামান দিনৰ ভিতৰতে সেই যাত্ৰা এক ভয়ংকৰ দুৰ্বিষহ অভিজ্ঞতালৈ পৰিণত হ’ল। অৰুণাচল প্ৰদেশৰ এটা নিৰ্মাণস্থলীত অনাহাৰ, অমানৱীয় মাৰধৰ আৰু প্ৰাণৰ ভাবুকিৰ মাজত দিন কটাবলগীয়া হোৱা অসমৰ সাতগৰাকী যুৱকৰ ক্ষেত্ৰত এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে যোৱা সোমবাৰে মিচিং সমাজৰ দুটা সংগঠনে অভিযান চলাই তেওঁলোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি আনে।
উদ্ধাৰ হোৱা এই যুৱককেইজন অসমৰ শদিয়া মহকুমাৰ বাসিন্দা আৰু আটাইকেইগৰাকী মিচিং সম্প্ৰদায়ৰ। নিৰ্মাণকাৰ্যত নিয়োজিত হ’বলৈকে তেওঁলোকে অৰুণাচল প্ৰদেশলৈ গৈছিল।
তাকাম মিচিং পৰিন কেবাং (টিএমপিকে)-ৰ শদিয়া জিলা কমিটি আৰু মিচিং মিমাগ কেবাং (এমএমকে)-ৰ সদস্যসকলে যৌথভাৱে এই উদ্ধাৰ অভিযান চলায়। ভুক্তভোগী শ্ৰমিকসকলৰ পৰিয়ালে কৰা অভিযোগ আৰু কৰ্মস্থলীৰ পৰা প্ৰেৰণ কৰা জৰুৰী বাৰ্তাৰ ভিত্তিত সংগঠন দুটাই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।
অভিযোগ অনুসৰি, নিগম দলে নামৰ এজন ব্যক্তিয়ে কামৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দি তেওঁলোকক অৰুণাচললৈ লৈ গৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকক ৰ’য়িঙৰ লোৱাৰ দিবাং জলবিদ্যুৎ প্ৰকল্পৰ সৈতে জড়িত এটা কালভাৰ্ট নিৰ্মাণস্থলত এজন ঠিকাদাৰৰ অধীনত কামত লগোৱা হয়।
টিএমপিকিয়ে প্ৰকাশ কৰা মতে, শদিয়াৰ অমৰপুৰ এলেকাৰ এই যুৱকসকলক স্থানীয় একাংশ দালালে কামৰ প্ৰলোভন দেখুৱাই লৈ গৈছিল। কিন্তু তাত উপস্থিত হোৱাৰ পিছৰে পৰা তেওঁলোকে চৰম অমানৱীয় পৰিৱেশৰ মুখামুখি হ’বলগীয়া হয়।
উদ্ধাৰ হোৱা এজন ভুক্তভোগী শ্ৰমিকে জনোৱা মতে, একেৰাহে দুদিন ধৰি তেওঁলোকক কোনো খাদ্য যোগান ধৰা হোৱা নাছিল। ভোক সহ্য কৰিব নোৱাৰি তেনে পৰিস্থিতিতে তেওঁলোকে ঘৰলৈ পলাই অহাৰ চেষ্টা কৰোঁতেই একাংশ লোকে মাজপথতে তেওঁলোকক আটক কৰে আৰু পুনৰ কৰ্মস্থলীলৈ ধৰি লৈ যায়। ইয়াৰ পিছতে তেওঁলোকক নিৰ্দয়ভাৱে মাৰধৰ কৰা হয় আৰু দা দেখুৱাই প্ৰাণৰ ভাবুকি প্ৰদৰ্শন কৰা হয়।
উক্ত শ্ৰমিকগৰাকীয়ে দাবী কৰা মতে, দিন-ৰাতি একাকাৰ কৰি ধাৰাবাহিকভাৱে তেওঁলোকক কাম কৰিবলৈ বাধ্য কৰা হৈছিল। কাম এৰি গুচি অহাৰ চেষ্টা কৰিলেই ঠিকাদাৰৰ লোকে ভয়ংকৰ ধমক দিছিল। পৰিস্থিতি সম্পূৰ্ণ অসহ্য হৈ পৰাত পৰিয়ালৰ জৰিয়তে সমগ্ৰ বিষয়টো মিচিং সংগঠনসমূহৰ দৃষ্টিগোচৰ কৰা হয়। তাৰ পিছতে এই উদ্ধাৰ অভিযান চলাই সাতোগৰাকী যুৱকক সুৰক্ষিতভাৱে ঘৰলৈ ওভতাই অনা হয়।
