চিয়াং নদীৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অৰুণাচল প্ৰদেশৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্বত নিযুক্ত হ’ল ৰাজেশ কুমাৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশনাযোগে বিষয়াগৰাকীক ৰাজ্যখনৰ আৰক্ষীৰ এই শীৰ্ষ পদবীত নিযুক্তি প্ৰদান কৰে।
পূৰ্বৰ সঞ্চালকপ্ৰধান শিৱ দৰ্শন সিং জামৱালৰ স্থলাভিষিক্ত হোৱা ১৯৯৫ কেডাৰৰ জ্যেষ্ঠ আই পি এছ বিষয়া ৰাজেশ কুমাৰ সম্প্ৰতি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বলৰ বিশেষ সঞ্চালকপ্ৰধান পদত কৰ্মৰত হৈ আছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে অৰুণাচলৰ দায়িত্ব লোৱাৰ বিপৰীতে জামৱালক দিল্লীলৈ স্থানান্তৰ কৰা হৈছে। ইয়াৰ এদিন পূৰ্বে কেবিনেটৰ নিযুক্তি কমিটীয়ে বিষয়াগৰাকীক চি আৰ পি এফৰ পৰা মূল কেডাৰলৈ প্ৰত্যাৱৰ্তনৰ অনুমোদন জনায়।
আৰক্ষীৰ এই শীৰ্ষ পৰ্যায়ৰ সালসলনি এনে এক সময়ত ঘটোৱা হৈছে, যেতিয়া চিয়াং নদীৰ ওপৰত প্ৰস্তাৱিত ১১,২০০ মেগাৱাট ক্ষমতাৰ ‘চিয়াং আপাৰ বহুমুখী প্ৰকল্প’ৰ বিৰুদ্ধে স্থানীয় আদি জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিবাদ অব্যাহত আছে। ভাৰতৰ অন্যতম বৃহৎ পৰিকল্পিত জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বাবে নিজ বসতিস্থল প্লাবিত হোৱা, কৃষিভূমি ধ্বংস আৰু পৰিৱেশৰ ক্ষতি হোৱাৰ আশংকাত স্থানীয় ৰাইজে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে।
ইফালে, তিব্বতত য়াৰলুং ছাংপো নদীৰ ওপৰত চীনে এক বিশাল জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰাৰ পিছৰে পৰা এই চিয়াং প্ৰকল্পই কেন্দ্ৰীয় চৰকাৰৰ বাবেও সামৰিক আৰু কৌশলগতভাৱে বিশেষ গুৰুত্ব লাভ কৰিছে। উল্লেখ্য যে, চীনৰ তিব্বতৰ পৰা বৈ অহা এই নদীখনেই ভাৰতত প্ৰৱেশ কৰি চিয়াং নাম লাভ কৰিছে।
