দেশৰ আটাইতকৈ বিশ্বাসযোগ্য ফুটৱেৰ ব্ৰেণ্ড বাটা ইণ্ডিয়াই আজি ৩০ ছেপ্টেম্বৰত সমাপ্ত হোৱা ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল প্ৰকাশ কৰিছে। এইবাৰ উৎসৱৰ সময়সূচী মুখ্যতঃ তৃতীয় ত্ৰৈমাসিকলৈ পিছুৱাই যোৱা স্বত্বেও কোম্পানীটোৱে ৮,৬১৮ মিলিয়ন টকাৰ ৰাজহ লাভ কৰিছে, যি ২০২৬ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ ৮,০১৩ মিলিয়ন টকাৰ তুলনাত ৭.৫%তকৈ অধিক বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। উচ্চ এএছপিৰ সমৰ্থনত এই ত্ৰৈমাসিকত কৰ-পৰৱৰ্তী লাভ ১৮০ মিলিয়ন টকা হৈছে, যি যোৱা বছৰৰ একেটা ত্ৰৈমাসিকৰ ১৩৮ মিলিয়ন টকাৰ তুলনাত ৩১%-তকৈ অধিক বৃদ্ধি।
এই ত্ৰৈমাসিকৰ এককালীন খৰচসমূহৰ ভিতৰত অবিৰত মুদ্ৰা অৱমূল্যায়নৰ বাবে লাইচেন্স মাচুলত ৩০ মিলিয়ন টকাৰ নগদবিহীন ফৰেক্স লোকচান আৰু এককালীন সম্পত্তি ৰাইট-অফৰ বাবদ ৩৯ মিলিয়ন টকা খৰচৰ কথা সদৰি কৰিছে। ত্ৰৈমাসিকটোত বিশেষ লভ্যাংশ হিচাপে ৩,২১৩ মিলিয়ন টকাৰ অতিৰিক্ত পুঁজি বিতৰণ কৰাৰ বাবে অন্যান্য উপাৰ্জন ৪৬ মিলিয়ন টকা হ্ৰাস পাইছে।
বাটা ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় এছ ৰাৱে(১ অক্টোবৰত কাৰ্যভাৰ গ্ৰহণ কৰিছে) এই বিষয়ে সদৰি কৰি কয় যে, “ত্ৰৈমাসিক ভিত্তিত বৃদ্ধিৰ গতি ধাৰাবাহিকভাৱে চতুৰ্থটো ত্ৰৈমাসিকৰ বাবেও অব্যাহত আছে। ২০২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ৭.৫%তকৈ অধিক টপলাইন বৃদ্ধি, ৰিটেইলত শক্তিশালী এলএফএল আৰু এএছপি বৃদ্ধি আৰু ফ্ৰেঞ্চাইজি তথা আই এণ্ড ডি চেনেলত দুটা সংখ্যাৰ বৃদ্ধি দেখা গৈছে।”
“সামগ্ৰিক ব্যৱধান সামান্য উন্নত হৈছে আৰু কাৰ্যক্ষমতা শক্তিশালী হোৱা অব্যাহত আছে। পৰিমাণ আৰু গুণগত মান দুয়োটাতে ইনভেণ্টৰীৰ উন্নতি ঘটিছে, য’ত ফ্ৰেচনেছ ৯২% আৰু নেট ষ্টক ২০২৫ৰ ৩০ ছেপ্টেম্বৰৰ তুলনাত ৭% কম দেখা গৈছে। আমাৰ এতিয়া ২,০০০+ ফ্ৰেঞ্চাইজি আৰু ৩,৮০০+ কেআৰঅ’ আছে আৰু গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমি নেটৱৰ্ক অনুকূল কৰি তুলিছোঁ। এতিয়া ৮৫০খন বিপণীত কাৰ্যকৰী জিৰ’ বেচ মাৰ্চেণ্ডাইজিঙে গ্ৰাহকৰ অভিজ্ঞতা আৰু প্ৰতি বৰ্গফুটত ৰাজহৰ পৰিমাণো বৃদ্ধি কৰিছে। অধিক সামগ্ৰীৰ খৰচ আৰু মজুৰি সংশোধন স্বত্বেও, ফ্ৰেচনেছ আৰু বিচক্ষণ ক্ৰয়ে আমাক সৰ্বাধিক সম্পূৰ্ণ মূল্যৰ বিক্ৰী আৰু কম মাৰ্কডাউন প্ৰদান কৰিছে। আমি প্ৰিমিয়ামাইজেচন, নেটৱৰ্ক সম্প্ৰসাৰণ, তীক্ষ্ণ শ্ৰেণীবিভাজন, পৰিমাণ বৃদ্ধি, গ্ৰাহকৰ সংযোগ, কাৰ্যক্ষম উৎকৃষ্টতা আৰু অনুশাসিত মূলধন আবণ্টনৰ জৰিয়তে লাভজনক বৃদ্ধিত মনোনিৱেশ কৰি আছোঁ। উৎসৱৰ ব্যৱসায় তৃতীয় ত্ৰৈমাসিকলৈ স্থানান্তৰিত হোৱাৰ এই সময়ছোৱাত আমি ব্যৱসায়িক বৃদ্ধিৰ এই গতি অব্যাহত থাকিব বুলি আশা কৰিছোঁ,” তেওঁ লগতে কয়।
