প্ৰকৃতিৰ ৰোষত অৰুণাচল প্ৰদেশ ৷ বুধবাৰে পুৱা অৰুণাচল প্ৰদেশৰ কেয়ী পানয়োৰ জিলাত ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা ক্ষন্তেকীয়া বানত নিম্নভূমি প্লাৱিত হোৱাৰ লগতে নীপকো কল’নীৰ ১৮টাকৈ বাসগৃহত বানত উটি গৈছে ৷
ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ অহা বানৰ ফলত তিনিজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ।বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত কেইবাখনো জিলাৰ ভূমিস্খলন, ক্ষন্তেকীয়া বানপানী আৰু আন্তঃগাঁথনিৰ ক্ষতিসাধন হৈছে । দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দুৰ্বল অঞ্চল আৰু নদীৰ পাৰত বাস কৰা লোকসকলক সজাগ হৈ থাকিবলৈ আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।
