জামিন লাভ কৰিলে কাৰাবন্দী সাংসদ অমৃতপাল সিঙে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকা তেওঁৰ কোঠাৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰ হোৱাৰ গোচৰত শুকুৰবাৰে ডিব্ৰুগড় আদালতে সাংসদগৰাকীক জামিন প্ৰদান কৰে। জিলাখনৰ ২১/২০২৪ নম্বৰৰ এই গোচৰটোৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী থানাত উপস্থিত হৈ ভাৰ্চুৱেলী আদালতত হাজিৰ হয় অমৃতপাল। কাৰাগাৰ অধীক্ষক নিপেন দাসে দাখিল কৰা এক অভিযোগৰ ভিত্তিত ৰুজু হোৱা এই গোচৰটোত তেওঁৰ সৈতে বন্দী হৈ থকা আন কেইবাগৰাকীও লোকক অভিযুক্ত কৰা হৈছিল।
অমৃতপাল সিঙৰ অধিবক্তা যশবীৰ কৌৰে জনোৱা মতে ইতিমধ্যে এই গোচৰৰ অভিযোগনামা দাখিল কৰা হয়। ইয়াৰ পাছতে ডিব্ৰুগড়ৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ চন্দন শইকীয়াৰ আদালতত জামিন আবেদন দাখিল কৰাত ন্যায়ালয়ে সেই আবেদন মঞ্জুৰ কৰে। অৱশ্যে এতিয়ালৈকে জামিনৰ বণ্ড দাখিল কৰা হোৱা নাই বুলিও জানিবলৈ দিয়ে অধিবক্তাগৰাকীয়ে। উল্লেখ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বন্দী হৈ থকা অমৃতপাল সিঙৰ একাংশ সহযোগীক ইতিমধ্যে পঞ্জাবৰ কাৰাগাৰলৈ স্থানান্তৰ কৰিছে কৰ্তৃপক্ষই।
প্ৰণিধানযোগ্য যে পঞ্জাব আৰক্ষীৰ অভিযানৰ পাছত ২০২৩ চনত অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলক এনএছএৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকাৰ সময়তে তেওঁলোকৰ কোঠাত নিষিদ্ধ সামগ্ৰী উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা অমৃতপাল সিঙক অহা শনিবাৰে পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি আশা কৰা হৈছে। আদালতত বৰ্তমানো এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে।
