লাডাখত পাঁচখন নতুন জিলা গঠনৰ ঘোষণা অমিত শ্বাহৰ

42

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত প্ৰদেশ লাডাখত পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি এই তথ্য প্ৰদান কৰিছে। তেওঁ লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী#NAME সৈতে সংগতি ৰাখি গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় শাসিত প্ৰদেশত পাঁচখন নতুন জিলা গঠন কৰাৰ সিদ্ধান্ত লৈছে।”

গৃহমন্ত্ৰীয়ে তেওঁৰ পোষ্টত আৰু লিখিছে, “নতুন জিলাসমূহৰ নাম হৈছে জাংস্কাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং। প্ৰতিটো কোণতে শাসন শক্তিশালী কৰি, জনসাধাৰণৰ লাভালাভ তেওঁলোকৰ দুৱাৰমুখলৈ অনা হ’ব। মোদী চৰকাৰ লাডাখৰ জনসাধাৰণৰ বাবে অধিক সুযোগ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক্স পোষ্ট পুনৰ টুইট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে লাডাখত পাঁচখন নতুন জিলা সৃষ্টি কৰাটো এক উন্নত প্ৰশাসন আৰু সমৃদ্ধিৰ দিশত এক ডাঙৰ পদক্ষেপ।জাংস্কাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাঙে এতিয়া অধিক মনোযোগ আকৰ্ষণ কৰিব। ই সেৱা আৰু সুযোগ থকা লোকসকলক সহায় কৰিব।