দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা শক্তি সমাধানকাৰী ব্ৰেণ্ড এমেজে নিজৰ নতুন ব্ৰেণ্ড অভিযান হমেশা #ৰেডীটুপাৰফৰ্ম আৰম্ভ কৰিছে আৰু লক্ষ্ণৌত এমেজৰ বহল পৰিসৰৰ ইনভাৰ্টাৰ, বেটাৰী আৰু সৌৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিছে। এই নতুন ব্ৰেণ্ড অভিযানৰ শুভাৰম্ভণিয়ে গ্ৰাহকসকলক নিজৰ স্বপ্ন পূৰণ কৰিবলৈ সদায় সাজু হ’বলৈ অনুপ্ৰাণিত কৰাৰ লগতে উন্নত মানৰ শক্তি সমাধান প্ৰদানৰ প্ৰতি এমেজৰ দায়বদ্ধতাক সূচায়। এমেজে দীঘলীয়া আৰু সঘনাই বিদ্যুৎ কৰ্তন, প্ৰতিকূল বতৰতো সেৱা আৰু দ্ৰুত চাৰ্জিং সুবিধাৰ সৈতে একচেটিয়াভাৱে ডিজাইন কৰা এক বিস্তৃত প্ৰডাক্ট লাইন প্ৰদান কৰিছে।
এমেজে নিজৰ হমেশা #ৰেডীটুপাৰফৰ্ম অভিযানৰ অংশ হিচাপে নিজৰ প্ৰথম ব্ৰেণ্ড বিষয়ভিত্তিক আৰু সামগ্ৰীৰ বিষয়বস্তুৰে নতুন চলচ্চিত্ৰ মুকলি কৰিছে, এই প্ৰয়াসৰ জৰিয়তে গ্ৰাহকসকলক প্ৰতিবন্ধকতা নেওচি উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্য ৰখা হৈছে। ক্ৰিকেটপ্ৰেমীৰ নয়নয়ৰ মণি বিৰাট কোহলীয়ে কেৱল ক্ৰিকেট প্ৰতিভাৰ বাবেই নহয়, লগতে যুৱ প্ৰজন্মৰ মাজত বিভিন্ন দিশৰ বাবেও বিশেষভাৱে জনপ্ৰিয়। বিৰাট কোহলীক নিজৰ সৰ্বোত্কৃষ্ট প্ৰদৰ্শনৰ দিশটো অনন্য ৰূপত প্ৰদৰ্শন কৰা হৈছে চলচ্চিত্ৰখনত। এই চলচ্চিত্ৰখনত খেলত দ্ৰুত স্কোৰ আৰু সহনশীল হৈ থকাৰ প্ৰতিটো দিশ উন্নত কৰাৰ বাবে কোহলীৰ সমৰ্পণৰ ওপৰত আলোকপাত কৰা হৈছে।
এই অভিযানে নতুন ভাৰতৰ বাবে শক্তি সমাধান প্ৰদানৰ ক্ষেত্ৰত উদ্ভাৱন আৰু মানদণ্ডৰ প্ৰতি এমেজৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ দাঙি ধৰিলে। বিৰাট কোহলীৰ ফিটনেছ, কামৰ প্ৰতি সমৰ্পণ আৰু প্ৰতিভাৰ একত্ৰিত সংমিশ্ৰণক এমেজৰ ইনভাৰ্টাৰ বেটাৰীত ভিজুৱেল আৰু ভিডিঅ’ৰ জৰিয়তে প্ৰদৰ্শন কৰা হৈছে, গ্ৰাহকসকলেও #ৰেডীটুপাৰফৰ্ম হেশ্বটেগ ব্যৱহাৰ কৰি নিজৰ জীৱনৰ অভিজ্ঞতা আৰু অনুপ্ৰেৰণা বা প্ৰস্তুতিৰ কাহিনীসমূহে ভাগ-বতৰা কৰিব পাৰিব। এই ব্ৰেণ্ড অভিযানৰ বিষয়ে এমেজৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এমডি প্ৰীতি বাজাজে কয় যে, “আমি এক নিৰৱচ্ছিন্ন আৰু স্বতন্ত্ৰ বিদ্যুৎ যোগান ধৰিবলৈ নতুন ভাৰতৰ সপোন আৰু আকাংক্ষা পূৰণ কৰি শক্তি প্ৰদান অব্যাহত ৰাখিব বিচাৰোঁ।”