AIUDF-কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, ক’লে…

161

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা শুকুৰবাৰে নিশা তিনিচুকীয়া জিলাৰ মাকুম বাৰেকুৰি গাঁৱত উপস্থিত হয়৷

উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্য চৰকাৰৰ যুৱ কল্যাণ বিভাগৰ ছাত্ৰ তথা উপাধ্যক্ষ অৰুণজ্যোতি মৰাণৰ বাসগৃহত বৃহত্তৰ বাৰেকুৰি গাঁৱৰ ৰাইজৰ সৈতে মত বিনিময় কৰে।

AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত শৰ্মাই কয়, ‘এআইইউডিএফ আৰু কংগ্ৰেছৰ মাজত যি আলোচনা চলি আছে, সেয়া তেওঁলোকৰ কথা। ইয়াত আমাৰ একো কাম নাই। আমি অসমবাসীৰ কল্যাণৰ বাবে দিনে নিশাই কাম কৰি আছো। যি নহওক, মই ৰাজনৈতিক বক্তব্য দিয়া নাই, ৰাজনৈতিক ধাৰাভাষ্যত লিপ্ত হ’বলৈও এতিয়া আগ্ৰহী নহয়, কাৰণ এই সকলোবোৰ বিষয়ত জড়িত হ’লে ৰাজ্যবাসীৰ বাবে কাম কৰিবলৈ মোৰ গতি লেহেমীয়া হ’ব।”

লগতে কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ মতামত প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াকে ধৰি বিজেপি দলৰ অন্যান্য শীৰ্ষ কৰ্মীসকলে মুখ্যমন্ত্ৰীক সংগ দিয়ে।