নিৰ্বাচনী প্ৰচাৰৰ তুংগত থকাৰ সময়তে এইবাৰ ‘ডিপফেক’ বা কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰে জোকাৰি গৈছে মহানগৰীৰ ৰাজনীতি। গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ এক বিকৃত ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাক লৈ শনিবাৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। নিজৰ বিৰুদ্ধে চলোৱা এই কুৎসা ৰটনাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ইতিমধ্যে আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰে চৌধুৰীয়ে।
বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চৌধুৰীৰ এই ভিডিঅ’টোক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো-মাংস ভক্ষণৰ প্ৰসংগ টানি কুংকী চৌধুৰী আৰু তেওঁৰ পৰিয়ালক লক্ষ্য কৰি লৈছিল। ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত চৌধুৰী সদৃশ এগৰাকী ব্যক্তিক গো-মাংস ভক্ষণৰ কথা স্বীকাৰ কৰা আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জনোৱা দেখা গৈছে। এই সমগ্ৰ কাণ্ডক এআই-প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত এক ষড়যন্ত্ৰ বুলি দাবী কৰিছে প্ৰাৰ্থীগৰাকীয়ে।
বিজেপিৰ আইটি চেলৰ বিৰুদ্ধে এই ষড়যন্ত্ৰৰ অভিযোগ তুলি কুংকী চৌধুৰীয়ে কয়, “মোৰ এক এআই-জেনেৰেটেড ভিডিঅ’ তৈয়াৰ কৰা বুলি জানিব পাৰিছোঁ। তেওঁলোক যে ইমান তললৈ নামিব পাৰিব, মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। যদি মোৰ পৰা কিবা শুনিব বিচাৰে, তেন্তে পোনপটীয়াকৈ মোৰ ঘৰলৈ আহিব পাৰে।” এই সন্দৰ্ভত তেওঁ পানবজাৰ চাইবাৰ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰি আইনী ব্যৱস্থাৰ দাবী জনাইছে।
অৱশ্যে বিজেপিৰ তৰফৰ পৰা এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। অহা ৯ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ এই হাই-ভল্টেজ যুঁজত ‘ডিপফেক’ ভিডিঅ’ৰ প্ৰৱেশে এতিয়া নতুন বিতৰ্কৰ সূচনা কৰিছে। এনে ধৰণৰ প্ৰযুক্তিগত অপপ্ৰচাৰে ভোটাৰৰ মাজত কেনে প্ৰভাৱ পেলায়, সেয়া হ’ব লক্ষ্যণীয়।
