আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে শনিবাৰে ঢাকাত সাক্ষাৎ কৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। আদানি গ্ৰুপৰ ভাৰতৰ আল্ট্ৰা চুপাৰ-ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লাণ্ট, গড্ডাৰ পৰা বাংলাদেশলৈ বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে আৰম্ভ হোৱাৰ পিছত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীগৰাকীক। আন্তঃৰাষ্ট্ৰীয় বিদ্যুৎ প্ৰকল্পত আদানি গ্ৰুপৰ প্ৰৱেশ চিহ্নিত কৰা গড্ডা ইউএছচিটিপিপি হৈছে ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় শক্তি প্ৰকল্প য’ত উৎপাদিত শক্তিৰ ১০০% আন এখন ৰাষ্ট্ৰক যোগান ধৰা হৈছে।
১২ জুলাইত আদানি পাৱাৰৰ সহায়ক সংস্থা আদানি পাৱাৰ ঝাৰখণ্ড লিমিটেডে গোড্ডা প্ৰকল্পৰ বাবে নিৰ্ভৰযোগ্য ক্ষমতাৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে। বাংলাদেশৰ সৈতে পিপিএৰ অধীনত বাধ্যতামূলক কৰা এই পৰীক্ষাত বিদ্যুৎ যোগান ধৰাৰ পিছত দুয়োটা প্ৰকল্প গোটৰ একেলগে কাম-কাজসমূহ মূল্যায়ন কৰা হৈছিল। এই সন্দৰ্ভত টুইটযোগে গৌতম আদানীয়ে কয় যে: “ভাৰত আৰু বাংলাদেশৰ সমৰ্পিত টীমক মই অভিবাদন জনাইছোঁ, যিয়ে অভিলেখখসংখ্যক সময় চাৰে তিনি বছৰতে প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ কভিডকালীন পৰিস্থিতিৰ মাজতো সাহসেৰে অব্যাহত ৰাখিছিল।”
যোৱা ৬ এপ্ৰিলত ঝাৰখণ্ডস্থিত গড্ডা প্লাণ্টটোৱে ৮০০ মেগাৱাটৰ ক্ষমতাৰে বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ কৰিছে। ইয়াৰ পিছত চলিত বৰ্ষৰে ২৬ জুনত দ্বিতীয়টো ইউনিট আৰম্ভ হৈছে। ২৫ বছৰীয়া পিপিএৰ অধীনত বাংলাদেশ শক্তি উন্নয়ন ব’ৰ্ডৰ সহযোগত এপিজেএলে গড্ডা ইউএছচিটিপিপিৰ পৰা ১,৪৯৬ মেগাৱাট যোগান ধৰিব।