মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাহন নিয়ন্ত্ৰণ হেৰুৱাই এটা দকৈ খান্দি থকা কুঁৱাত বাগৰি পৰাৰ ফলত একেটা পৰিয়ালৰে ৯ জন লোকৰ থিতাতে মৃত্যু হয়। মৃতকৰ ভিতৰত ৬টি শিশু আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় ৰাইজ তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ক্ৰেনৰ সহায়ত কুঁৱাটোৰ পৰা বাহনখন আৰু মৃতদেহসমূহ উদ্ধাৰ কৰে। দ কুঁৱাটোত পানী থকাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে।
