নীট কেলেংকাৰি আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিয়ে দেশজুৰি চলাই থকা আন্দোলনক লৈ অব্যাহত আছে চৰ্চা। সামাজিক মাধ্যমত ব্যাপক সঁহাৰি লাভ কৰা এই আন্দোলনক কেন্দ্ৰ কৰি শেহতীয়াকৈ জয়পুৰতো সৃষ্টি হয় বিতৰ্ক। প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে আক্ৰমণৰ সন্মুখীন হোৱা ঘটনাৰ পিছতে এইবাৰ মুখ খুলিছে তেওঁক চৰ মৰা যুৱকসকলৰ অন্যতম ৰাকেশ গুৰ্জৰে।
সংবাদ মাধ্যমৰ আগত ৰাকেশে দাবী কৰে যে তেওঁ কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়। নিজকে এগৰাকী ৰাষ্ট্ৰবাদী বুলি উল্লেখ কৰি ৰাজস্থানৰ পৰিৱেশ নষ্ট হ’বলৈ নিদিয়াৰ কথাও কয় তেওঁ।
নীট প্ৰশ্নকাকত কেলেংকাৰি আৰু শিক্ষা ব্যৱস্থাৰ বিষয়সমূহক একাংশ লোকে কেৱল অজুহাত হিচাপে ব্যৱহাৰ কৰি দেশৰ পৰিৱেশ অস্থিৰ কৰাৰ চেষ্টা চলাইছে বুলিও অভিযোগ কৰে ৰাকেশে। লগতে অভিজিত দীপকেক লক্ষ্য কৰি কঠোৰ মন্তব্য কৰাৰ লগতে পুনৰ জয়পুৰত একেধৰণৰ প্ৰতিবাদ অনুষ্ঠিত কৰিলে বিৰোধিতাৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিয়ে তেওঁ।
উল্লেখ্য যে, সোমবাৰে জয়পুৰৰ শহীদ স্মাৰকত নীট কেলেংকাৰি, নিবনুৱা সমস্যা আৰু শিক্ষা ব্যৱস্থাক লৈ প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিছিল ককৰোচ জনতা পাৰ্টিয়ে। সন্ধিয়া প্ৰায় চাৰে চাৰি বজাত অভিজিত দীপকে অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছতে সমৰ্থকসকলে তেওঁক কান্ধত তুলি লয়। সেই সময়তে কেইবাজনো যুৱকে তেওঁৰ সৈতে ঠেলাঠেলি কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰে। এই আক্ৰমণৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ইফালে, এই ঘটনাৰ পাছতে প্ৰতিবাদস্থলীত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। দুয়োপক্ষৰ মাজত বাক-বিতণ্ডা বৃদ্ধি পোৱাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰক্ষীয়ে। শান্তিভংগৰ অভিযোগত পাঁচজন যুৱকক গ্ৰেপ্তাৰো কৰে আৰক্ষীয়ে।
ইফালে, ঘটনাটোৰ পিছত সামাজিক মাধ্যমত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত অভিজিত দীপকেই স্পষ্ট কৰি দিয়ে যে এনে আক্ৰমণে তেওঁৰ আন্দোলন বন্ধ কৰিব নোৱাৰে।
দীপকেই কয়, “এই আক্ৰমণৰ জৰিয়তে আমাৰ আন্দোলন দুৰ্বল কৰাৰ চেষ্টা চলোৱা হৈছে। কিন্তু এনে ঘটনাই আমাৰ সংকল্প অধিক শক্তিশালীহে কৰিব। নীট কেলেংকাৰিৰ দৰে বিষয়ত ন্যায় বিচাৰি চলোৱা এই আন্দোলনৰ পৰা আমি আঁতৰি নাযাওঁ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীও অব্যাহত থাকিব।’’
লগতে অহা ২০ জুনত দিল্লীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ঘোষণাও কৰে তেওঁ। ঘটনাটোক লৈ সামাজিক মাধ্যমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একে সময়তে সমৰ্থক আৰু বিৰোধীসকলৰ মাজত তীব্ৰ বাকযুদ্ধও অব্যাহত আছে।
