“অদম্য সাহস, দৃঢ় সংকল্প আৰু দূৰদৰ্শী নেতৃত্বৰ প্ৰতীক আছিল ইন্দিৰা গান্ধী।” দেশৰ প্ৰথম তথা একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু বাৰ্ষিকীত এইদৰেই গভীৰ শ্ৰদ্ধাঞ্জলি জনায় কংগ্ৰেছ দলে। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৰাজধানীৰ শক্তিস্থলস্থিত ইন্দিৰা গান্ধীৰ সমাধিস্থলত উপস্থিত হৈ পুষ্পাঞ্জলি অৰ্পণ কৰে।
কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সামাজিক মাধ্যম এক্সৰ জৰিয়তে কয় যে এখন শক্তিশালী আৰু প্ৰগতিশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত ইন্দিৰা গান্ধীৰ অতুলনীয় অৱদান দেশৰ বাবে এক চিৰস্থায়ী ঐতিহ্য হৈ ৰ’ব। ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ স্বাৰ্থত তেওঁ দিয়া সৰ্বোচ্চ বলিদান দেশবাসীৰ স্মৃতিত সদায় সজীৱ হৈ থাকিব বুলি উল্লেখ কৰে খাৰ্গেই। আধুনিক ভাৰত নিৰ্মাণত ইন্দিৰা গান্ধীৰ সমৰ্পণ চিৰকাল প্ৰেৰণাৰ উৎস হৈ ৰ’ব বুলিও তেওঁ মন্তব্য কৰে।
আইতাকক স্মৰণ কৰি এক আবেগিক বাৰ্তা প্ৰেৰণ কৰে ৰাহুল গান্ধীয়েও। শৈশৱত আইতাকে শিকোৱা এটি সংস্কৃত শ্লোক সামাজিক মাধ্যমত উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয়, “আপোনাৰ কোলাত বহি, দুয়োখন হাত ধৰি, আপোনাৰ কণ্ঠত শুনি এই শব্দবোৰ মই পুনৰাবৃত্তি কৰিছিলো- ‘অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যোৰ্মা অমৃতং গময়, ওম শান্তি শান্তি শান্তি’। আইতা, আপুনি মোক কিমান যে সুন্দৰ এক উপহাৰ দি গ’ল, যি মই কেতিয়াও কল্পনা কৰা নাছিলো।”
কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰায়ো প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। আইতাকৰ ব্যক্তিত্বৰ গুণানুকীৰ্তন কৰি প্ৰিয়ংকা গান্ধীয়ে কয়, “তেখেত আকাশৰ দৰে মুক্ত, সাগৰৰ দৰে গভীৰ, পৃথিৱীৰ দৰে সহনশীল আৰু অগ্নিৰ দৰেই উজ্জ্বল আছিল।”
শক্তিস্থলৰ উপৰিও ১ নম্বৰ চফদৰজং ৰোডস্থিত ইন্দিৰা গান্ধীৰ পূৰ্বৰ চৰকাৰী আৱাসস্থল ‘ইন্দিৰা গান্ধী স্মাৰক’তো শীৰ্ষ নেতাসকলে শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে, ১৯৮৪ চনৰ ৩১ অক্টোবৰত নিজ আৱাসতে নিজৰে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছিল দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী।
