সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলা ধাৰাবাহিক অভিযানৰ মাজতে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হ’ল লস্কৰ-ই-তৈবাৰ এজন দুধৰ্ষ সন্ত্ৰাসবাদী। নিৰাপত্তা বাহিনীয়ে চলোৱা এক যৌথ অভিযানত এই সফলতা লাভ কৰে। সামাজিক মাধ্যম ‘এক্স’ৰ এক প’ষ্টৰ জৰিয়তে জম্মু-কাশ্মীৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা নিশ্চিত কৰে।
আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, অঞ্চলটোত আৰম্ভ হোৱা ‘অপাৰেচন অশদৰ’ নামৰ অভিযানৰ সময়তে সন্ত্ৰাসবাদীজন নিহত হয়। নিহত সন্ত্ৰাসবাদীজনক পাকিস্তানী নাগৰিক য়াছিৰ বুলি চিনাক্ত কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। পাকিস্তানস্থিত নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ হৈ উপত্যকাটোত কূটাঘাতমূলক কাৰ্যকলাপ চলাই আহিছিল নিহত সন্ত্ৰাসবাদীজনে।
অভিযানৰ সফলতা সম্পৰ্কে মন্তব্য কৰি সামাজিক মাধ্যমত আৰক্ষীয়ে কয়, “আপুনি পলাব পাৰে, কিন্তু আত্মগোপন কৰিব নোৱাৰে।” লগতে আৰক্ষীয়ে উল্লেখ কৰে যে অপাৰেচন অশদৰৰ সময়ত নিষ্ক্ৰিয় কৰা সন্ত্ৰাসবাদীজন লস্কৰ-ই-তৈবাৰ পাকিস্তানী সদস্য য়াছিৰ বুলি স্পষ্ট হৈছে। সম্প্ৰতি উপত্যকাটোৰ সংশ্লিষ্ট অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তন্ন তন্নকৈ তালাচী অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে।
