কাৰাগাৰৰ চাৰিবেৰৰ পৰা জীয়াৰীৰ হত্যাকাৰী কেতিয়া বাহিৰলৈ ওলাই আহিব, তাৰ বাবেই মাহৰ পাছত মাহ ধৰি ধৈৰ্যৰে অপেক্ষা কৰিছিল এজন দুৰ্ভগীয়া পিতৃয়ে। আৰু অৱশেষত যিদিনাই জামিন লৈ বাহিৰলৈ ওলাল হত্যাকাৰী, সেইদিনাই নিশা চৰম প্ৰতিশোধ ল’লে পিতৃয়ে। তামিলনাডুৰ থাঞ্জাভুৰত এগৰাকী দুৰ্ভগীয়া পিতৃয়ে সংঘটিত কৰিলে এক ভয়ংকৰ হত্যাকাণ্ড। ৫৩ বছৰীয়া পুণ্যমূৰ্তিয়ে শনিবাৰে নিশা নিজৰ তিনিজন আত্মীয়ক লগত লৈ নিদ্ৰাৰত অৱস্থাতে হত্যা কৰে কন্যাহন্তা অজিত কুমাৰক।
প্ৰণিধানযোগ্য যে, যোৱা বছৰৰ ২৭ নৱেম্বৰত অজিত কুমাৰে পুণ্যমূৰ্তিৰ ২৬ বছৰীয়া কন্যা পি কাব্যাক পথৰ মাজতে ছুৰীৰে ডিঙিত আঘাত কৰি হত্যা কৰিছিল। চৰকাৰী বিদ্যালয়ৰ অস্থায়ী শিক্ষয়িত্ৰী কাব্যাৰ সৈতে অজিতৰ আছিল ১৩ বছৰীয়া এক দীঘলীয়া প্ৰেমৰ সম্পৰ্ক। এই সম্পৰ্কত সন্মতি জনোৱা নাছিল কাব্যাৰ পিতৃ-মাতৃয়ে। পৰিয়ালে অন্য এজন যুৱকৰ সৈতে জীয়াৰীৰ বিবাহ স্থিৰ কৰাৰ পাছতেই প্ৰেমিক অজিতে ক্ষুব্ধ হৈ এই চৰম কাণ্ড সংঘটিত কৰে। ইফালে, এই হত্যাকাণ্ড সংঘটিত কৰি নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল অজিতে।
আনহাতে, বিগত কেইটামান মান কাৰাগাৰত কটোৱাৰ পাছত যোৱা মাহত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহে হত্যাকাৰী অজিত। ইয়াৰ পাছত কেইদিনমান তেওঁ গাঁৱৰ বাহিৰত কটাই শুকুৰবাৰে নিজ গাঁৱলৈ উভতি অহাৰ পাছতে কন্যাৰ হত্যাৰ প্ৰতিশোধৰ বাবে সক্ৰিয় হৈ পৰে পূণ্যমূৰ্তি। অজিত কুমাৰৰ ওপৰত প্ৰতিশোধ ল’বলৈ ডি এম কে নেতা পুণ্যমূৰ্তিয়ে তিনিজন আত্মীয়ৰ সহায় লয়।
ইয়াৰ পাছত, শনিবাৰে নিশা প্ৰায় ২ বজাত তেওঁলোকে অজিতৰ শোৱাকোঠাত প্ৰৱেশ কৰে। গভীৰ নিদ্ৰাত মগ্ন অজিতক চোকা দাৰে ঘপিয়াই চাৰিওজনে মিলি থিতাতে হত্যা কৰে। এই চাঞ্চল্য্যকৰ কাণ্ড সংঘটিত কৰি অভিযুক্তসকলে আম্মাপেট্টাই আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। বৰ্তমান মেলাট্টুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
