67th national film awards: কংগনা ৰাণাৱটলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান, শ্ৰেষ্ঠ অসমীয়া ছবি- চন্দ্ৰ মুদৈৰ পৰিচালিত ‘ৰণুৱা– who never surrenders’

61

ঘোষণা হ’ল ৬৭তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা।

ঘোষণা হ’ল ৬৭তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা। নতুন দিল্লীত সোমবাৰে ঘোষণা কৰা হয় এই বঁটা। অসমীয়া ভাষাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ‘ৰণুৱা – Who Never Surrenders’ নামৰ চলচিত্ৰখনে। চন্দ্ৰ মুদৈৰ পৰিচালিত এই চলচিত্ৰখনে লাভ কৰিছ ‘ৰজত কমল’ পুৰস্কাৰ । আনহাতে ‘জোনাকী পৰুৱা’ নামৰ আন এখন অসমীয়া ছবিয়ে লাভ কৰিছে Special Mention সন্মান।

শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰিছে কংগনা ৰাণাৱটে। মোহময়ী অভিনেত্ৰীগৰাকীয়ে হিন্দী ছবি ‘মণিকৰ্নিকা’আৰু ‘পাংগা’ত কৰা অভিনয়ৰ বাবে লাভ কৰিছে এই সন্মান। শ্রেষ্ঠ অভিনেতাৰ সন্মান যুটীয়া ভাবে লাভ কৰিছ মনোজ বাজপায়ী আৰু ধনুষে। বাজপায়ীয়ে ‘ভোচলে’ত ছবিত  অভিনয়ৰ বাবে লাভ কৰিছে এই সন্মান। আনহাতে ধনুষে ‘অসুৰন’ নামৰ তামিল ভাষাৰ ছবিখনত কৰা উৎকৃষ্ট অভিনয়ৰ কাৰণে লাভ কৰিছে এই সন্মান ।

শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে মালায়লম ভাষাৰ চলচিত্ৰ ‘মাৰাক্কৰ – Lion of Arabian Sea’-এ । হিন্দী ভাষাত শ্ৰেষ্ঠ ছবিৰ সন্মান পাইছে সুশান্ত সিং ৰাজপুত অভিনীত চ্ছিচ’ৰ নামৰ ছবিখনে।