নিজ কৰ্মক্ষেত্ৰত অসুৰক্ষিত বুলি অনুভৱ কৰে দেশৰ ৫৮.২% চিকিৎসকে

3

ভাৰতৰ অধিকসংখ্যক চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে তেঁওলোকৰ কৰ্মক্ষেত্ৰত সুৰক্ষিত বুলি অনুভৱ নকৰে। এক জৰীপত এই কথা পোহৰলৈ আহিছে। বৰধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় (ভিএমএমচি), চফদৰজং চিকিৎসালয় আৰু দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)ৰ বিশেষজ্ঞসকলৰ নেতৃত্বত চলোৱা এক নতুন অধ্যয়নত অংশগ্ৰহণ কৰা আধাতকৈও অধিক চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে তেওঁলোকে কৰ্মস্থলীত তেওঁলোকৰ বাবে সুৰক্ষিত ভুলি অনুভৱ নকৰে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত স্বাস্থ্য কৰ্মীসকলে ইয়াক লৈ অধিক উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে চলোৱা এই সমীক্ষাৰ তথ্য  এপিডেমিঅ’লজী ইণ্টাৰনেচনেল আলোচনীত প্ৰকাশিত হৈছে। এই অধ্যয়নত, গৱেষকসকলে ভাৰতীয় চিকিৎসা প্ৰতিষ্ঠানসমূহৰ ভিতৰত মৌলিক সুৰক্ষা গাঁথনিত গুৰুত্বপূৰ্ণ ব্যৱধানৰ ওপৰত আলোকপাত কৰিছে। এই অধ্যয়নটো বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ কাৰ্তিক চাধা, ডাঃ যুগল কিশোৰৰ লগতে ডাঃ ৰিচা মিশ্ৰ, ডাঃ চেমন্তী দাস, ডাঃ ইন্দ্ৰ শেখৰ প্ৰসাদ আৰু এইমছৰ ডাঃ প্ৰকালপ গুপ্তাই কৰিছে।

এই অধ্যয়নত, দেশৰ বিভিন্ন চিকিৎসা প্ৰতিষ্ঠানৰ সৈতে জড়িত ১,৫৬৬ জন স্বাস্থ্য কৰ্মীৰ ওপৰত জৰীপ কৰা হৈছে। জৰীপটোত অংশগ্ৰহণ কৰা সকলৰ ভিতৰত ৫৫.৫ শতাংশ মহিলা আৰু ৪৪.৫ শতাংশ পুৰুষ আছিল। প্ৰায় এক-চতুৰ্থাংশ (২৪.৭ শতাংশ) চিকিৎসক দিল্লীৰ আছিল। এই জৰীপটোত, কেৱল চিকিৎসকেই নহয়, চিকিৎসা বিষয়া, নাৰ্চিং কৰ্মচাৰী আৰু অন্যান্য সহায়ক কৰ্মচাৰীৰ সৈতে জড়িত সদস্যসকলেও তেওঁলোকৰ মতামত দিছে। এই জৰীপত সঁহাৰি জনোৱা স্বাস্থ্য কৰ্মীসকলৰ ভিতৰত ৭১.৫ শতাংশই চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত কাম কৰে। একেদৰে, প্ৰায় ২৫.৩ শতাংশ স্বাস্থ্য কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কাম কৰি আছে।

আনহাতে ৪৬.২ শতাংশ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সৈতে জড়িত। একে সময়তে, ১০.১ শতাংশই ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কাম কৰি আছে। একে সময়তে, প্ৰায় ২.২ শতাংশই তেওঁলোকৰ ব্যক্তিগত ক্লিনিকত অনুশীলন কৰি আছে। একেদৰে, বিভাগ অনুসৰি, জৰীপ কৰা স্বাস্থ্যসেৱা কৰ্মীৰ ৩৩.৮ শতাংশই অস্ত্ৰোপচাৰ বিভাগত কাম কৰি আছে। আনহাতে ৪৯.২ শতাংশই অস্ত্ৰোপচাৰ বিহীন বিভাগত সেৱা আগবঢ়াই আছে। সমীক্ষাটোৱে দেখুৱাইছে যে ৫৮.২ শতাংশ চিকিৎসক আৰু স্বাস্থ্যসেৱা কৰ্মীয়ে কাম কৰোঁতে অসুৰক্ষিত অনুভৱ কৰে। স্নাতক চিকিৎসকসকলৰ মাজত নিৰাপত্তাহীনতাৰ আশংকা বহুত বেছি।