কৰ্তব্য পালন কৰি থাকোঁতেই প্ৰাণ আহুতি দিবলগীয়া হল ভাৰতীয় বায়ুসেনাৰ পাঁচগৰাকী জোৱানে। যোৰহাটস্থিত ৰৌৰিয়া বায়ুসেনা ঘাটিত শনিবাৰে সংঘটিত এএন-৩২ পৰিবহণ বিমান দুৰ্ঘটনাত শ্বহীদ হয় পাইলট, সহ-পাইলটকে ধৰি পাঁচগৰাকী বায়ুসেনা কৰ্মী।
ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰা তথ্য অনুসৰি, নিহতসকল হৈছে স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিংহ, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱাট আৰু অগ্নিবীৰবায়ু ডানিছ আলম।
জানিব পৰা মতে, নিয়মীয়া উৰণৰ অংশ হিচাপে শনিবাৰে পুৱা প্ৰায় ১০ বজাত যোৰহাটত অভিযানত আছিল বিমানখন। ৰৌৰিয়া বায়ুসেনা ঘাটিত অৱতৰণৰ প্ৰচেষ্টা চলাই থকা সময়তে দুৰ্ঘটনাৰ সন্মুখীন হয় এএন-৩২ বিমানখন। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হয় যদিও বিমানখনত থকা পাঁচগৰাকী কৰ্মীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ’ল।
প্ৰথম অৱস্থাত এজন পাইলটৰ মৃত্যুৰ আশংকাৰ কথা প্ৰকাশ পাইছিল যদিও পিছত ভাৰতীয় বায়ুসেনাই বিমানখনত থকা আটাইকেইজনৰ মৃত্যুৰ কথা নিশ্চিত কৰে।
সামাজিক মাধ্যমত প্ৰকাশ কৰা এক শোকবাৰ্তাত ভাৰতীয় বায়ুসেনাই কয় যে, কৰ্তব্য পালন কৰি থাকোঁতে প্ৰাণ হেৰুওৱা পাঁচগৰাকী কৰ্মীৰ প্ৰতি সংস্থাটোৱে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। লগতে শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে বায়ুসেনা দৃঢ়ভাৱে থিয় দি আছে বুলিও উল্লেখ কৰে।
দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। বায়ুসেনা কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ঘটনাস্থলীৰ ব্যৱস্থাপনা আৰু প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰা হৈছে। প্ৰাৰম্ভিক তদন্ত সম্পূৰ্ণ নোহোৱালৈকে কোনো ধৰণৰ জল্পনা-কল্পনা নকৰিবলৈও আহ্বান জনাইছে বায়ুসেনাই।
