পুৱতি নিশাৰ বিশেষ অভিযানত নিঃশেষ হ’ল এটা সশস্ত্ৰ অপৰাধী চক্ৰৰ চাৰিজনকৈ সদস্য। মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ সংছাক অঞ্চলৰ সমীপত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এই চাঞ্চল্য্যকৰ এনকাউণ্টাৰ। অসম-মেঘালয় সীমান্তত সক্ৰিয় হৈ কূটাঘাতমূলক অপৰাধ সংঘটিত কৰি অহাৰ অভিযোগ থকা দলটোৰ গতিবিধিৰ নিৰ্দিষ্ট তথ্য লাভ কৰি পুৱা প্ৰায় ৪ বজাত এই অভিযান চলায় মেঘালয় আৰক্ষীয়ে।
নিহত অপৰাধীসকলৰ সৈতে অসমৰ গোৱালপাৰা জিলাৰ দামৰা বজাৰত শেহতীয়াকৈ সংঘটিত এগৰাকী ব্যৱসায়ীৰ হত্যাকাণ্ডৰ সম্পৰ্ক থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উক্ত ঘটনাৰ সৈতে এই চক্ৰটোৰ কোনো প্ৰত্যক্ষ বা পৰোক্ষ ভূমিকা আছে নেকি, সেই দিশটো নিশ্চিত কৰিবলৈ তদন্তকাৰী বিষয়াসকলে অনুসন্ধান অব্যাহত ৰাখিছে।
ঘটনাস্থলীত ইতিমধ্যে ফৰেনছিক দল উপস্থিত হৈ প্ৰয়োজনীয় তথ্য-প্ৰমাণ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। এই সংগৃহীত প্ৰমাণসমূহৰ সহায়ত সমগ্ৰ ঘটনাৰ অনুক্ৰম নিৰ্ধাৰণ কৰাৰ লগতে পূৰ্বৰ অপৰাধমূলক গোচৰৰ সৈতে ইয়াৰ সম্পৰ্ক পোহৰলৈ আনিব পৰা যাব বুলি আশা কৰা হৈছে। নিহত চাৰিওজনৰ পৰিচয় আৰু অপৰাধমূলক ইতিহাস সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে আৰু এই বিষয়ে আনুষ্ঠানিক সবিশেষ তথ্য পৰৱৰ্তী সময়ত সদৰী কৰা হ’ব বুলি জানিব পৰা গৈছে।
