উচ্চতম ন্যায়ালয়ৰ ৩৭,০০০ ৰায় হিন্দীলৈ কৰা হৈছে অনুবাদ : মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়

235

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বৃহস্পতিবাৰে কয় যে স্বাধীনতাৰ পিছৰে পৰা উচ্চতম ন্যায়ালয়ৰ প্ৰায় ৩৭,০০০ ৰায় হিন্দীলৈ অনুবাদ কৰা হৈছে আৰু সেইবোৰক অন্যান্য আঞ্চলিক ভাষালৈ অনুবাদ কৰাৰ প্ৰক্ৰিয়া চলি আছিল। মুখ্য ন্যায়াধীশে এটা গোচৰৰ শুনানিৰ সময়ত এই কথা কয়।

তেওঁৰ লগত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰ আছিল। ন্যায়াধীশ চন্দ্ৰচূড়ে হিন্দীৰ পিছত কৈছিল তামিল এতিয়া শীৰ্ষত আছে।তেওঁ কয় যে শীৰ্ষ ন্যায়ালয়ে তেঁওলোকৰ ৰায়সমূহ সংবিধানৰ দ্বাৰা স্বীকৃত আঞ্চলিক ভাষালৈ অনুবাদ কৰাৰ প্ৰক্ৰিয়াত আছে।

সংবিধানৰ অষ্টম অনুসূচীত হিন্দী, অসমীয়া, বাংলা, বড়ো আৰু ডোগৰীকে ধৰি ২২ টা ভাষাক স্বীকৃতি দিয়া হৈছে। মুখ্য ন্যায়াধীশে উকীলসকলক শুনানিৰ সময়ত ইলেক্ট্ৰনিক উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদনৰ (ই-এছচিআৰ) পৰা ৰায়সমূহৰ নিৰপেক্ষ উদ্ধৃতি দিবলৈও অনুৰোধ জনায়।